অসম

assam

ETV Bharat / bharat

Haryana violence : হাৰিয়ানা সংঘৰ্ষত মৃত্যুৰ সংখ্যা ৬ জনলৈ বৃদ্ধি

নুহ সংঘৰ্ষৰ পিছত হোৱা শেহতীয়া হিংসাত্মক ঘটনা সন্দৰ্ভত হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰে কয় যে কমেও ছয়জন লোকৰ মৃত্যু হৈছে । আনহাতে, হিংসাৰ আঁৰত থকা লোকসকলক চিনাক্ত কৰা হৈছে । এতিয়ালৈকে মুঠ ১১৬ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে আৰু কোনো অপৰাধীক ৰেহাই দিয়া নহ'ব বুলি কয় মুখ্যমন্ত্ৰীয়ে ।

Haryana violence
Haryana violence

By

Published : Aug 2, 2023, 6:17 PM IST

নিউজ ডেস্ক, ২ আগষ্ট :হাৰিয়ানাৰ নুহ জিলাত সোমবাৰে বিশ্ব হিন্দু পৰিষদৰ ব্ৰজ মণ্ডল যাত্ৰাৰ পিছত হোৱা হিংসাত্মক ঘটনাত এতিয়ালৈকে ৬ জন লোকৰ মৃত্যু হৈছে । আনহাতে, বুধবাৰে হিন্দু সংগঠনবোৰে এই সংঘৰ্ষৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ মানেচাৰত এখন পঞ্চায়তৰ আহ্বান কৰে । ইয়াৰ উপৰি বিশ্ব হিন্দু পৰিষদে পাণিপথত বন্ধৰ আহ্বান জনায় । উল্লেখ্য যে এই হিংসাত্মক ঘটনাত বহু লোক আহত হৈছে ।

ইতিমধ্যে হাৰিয়ানাৰ ৮ খন জিলা ক্ৰমে নুহ, পালৱাল, ফৰিদাবাদ, ৰেৱাৰী, গুৰুগ্ৰাম, মহেন্দ্ৰগড়, সোনিপত আৰু পাণিপথত ১৪৪ ধাৰা জাৰি কৰা হৈছে । অৱশ্যে গুৰুগ্ৰামৰ বাহিৰে মঙলবাৰে বেছিভাগ অঞ্চলতে পৰিস্থিতি স্বাভাৱিক হৈ আছিল । পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত নুহ জিলাত ইণ্টাৰনেট সেৱা স্থগিত ৰখা হৈছে ।

ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰে কয় যে নুহৰ হিংসাত এতিয়ালৈকে ৬ জন লোকৰ মৃত্যু হৈছে । মৃতসকলৰ ভিতৰত দুজন হোমগাৰ্ড আৰু ৪ জন সাধাৰণ নাগৰিক । ইয়াৰ উপৰি আহত বহু লোকক নালহাৰ আৰু ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । হিংসা নিয়ন্ত্ৰণ কৰিবলৈ কেন্দ্ৰই হাৰিয়ানা আৰক্ষীৰ ৩০ টা ইউনিট আৰু ২০ টা অৰ্ধসামৰিক বাহিনী প্ৰেৰণ কৰিছে । ইয়াৰ ভিতৰত ১৪ টা গোট নুহলৈ, ৩ টা পালৱাললৈ, ২ টা ফৰিদাবাদলৈ আৰু এটা গুৰুগ্ৰামলৈ প্ৰেৰণ কৰা হৈছে ।

আনহাতে, মুখ্যমন্ত্ৰী খট্টৰে কয় যে হিংসাৰ আঁৰত থকাসকলক চিনাক্ত কৰা হৈছে । নুহ হিংসাত এতিয়ালৈকে মুঠ ১১৬ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে । কোনো অপৰাধী বা ষড়যন্ত্ৰকাৰীক ৰেহাই দিয়া নহ'ব বুলিও তেওঁ কয় । তেওঁ লগতে কয় যে অভিযুক্তক আৰক্ষীৰ জিম্মাত জেৰা কৰা হ'ব, যাতে হিংসাত জড়িত অধিক লোকক গ্ৰেপ্তাৰ কৰিব পৰা যায় । মুখ্যমন্ত্ৰীয়ে কয় যে বৰ্তমান নুহ আৰু ইয়াৰ চাৰিওফালৰ অঞ্চলবোৰত পৰিস্থিতি স্বাভাৱিক । নিৰাপত্তা সংস্থাসমূহক সতৰ্ক কৰি দিয়া হৈছে । মুখ্যমন্ত্ৰীয়ে জনসাধাৰণক শান্তি আৰু ভাতৃত্ববোধ বজাই ৰাখিবলৈও আহ্বান জনাইছে ।

উল্লেখ্য, নিৰাপত্তা ব্যৱস্থা বৰ্তাই ৰাখিবলৈ গুৰুগ্ৰামৰ পৰা নুহলৈ আৰক্ষীৰ এটা দল গৈ থকাৰ সময়তে গৃহৰক্ষী জোৱান দুজন নিহত হয় । আনহাতে, সোমবাৰে সংঘটিত হিংসাত্মক ঘটনাৰ পিছত মঙলবাৰে গুৰুগ্ৰামৰ এখন ধাবা ভাঙি চূড়মাৰ কৰা হয় । ইয়াৰ উপৰি ৰেৱাৰীত কিছু অজ্ঞাত লোকে এটা নিৰ্দিষ্ট সম্প্ৰদায়ৰ বস্তিত অগ্নিসংযোগ কৰে । গুৰুগ্ৰাম আৰক্ষীয়ে হিংসাত নিহত দুজন গৃহৰক্ষী জোৱানৰ পৰিয়ালৰ বাবে ৫৭ লাখ টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰিছে ।

ইয়াৰ উপৰি এই হিংসাৰ পিছত ৪৪ খন এজাহাৰ পঞ্জীয়ন কৰা হৈছে । পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ অৰ্ধসামৰিক বাহিনীৰ ২০ টাতকৈও অধিক কোম্পানী মোতায়েন কৰা হৈছে । লগতে কেন্দ্ৰই হাৰিয়ানালৈ অৰ্ধসামৰিক বাহিনীৰ ২০ টা কোম্পানী প্ৰেৰণ কৰিছে । ইয়াৰ ভিতৰত আছে চিআৰপিএফৰ ৪ টা, আৰএএফৰ ১২ টা, আইটিবিপিৰ দুটা আৰু বিএছএফৰ দুটা বাহিনী । নুহ হিংসাৰ পিছত গুৰুগ্ৰামতো উত্তেজনা আৰম্ভ হয় । সোমবাৰে নিশা এদল লোকে এটা ধৰ্মীয় স্থানত অগ্নিসংযোগ কৰে । ইয়াৰ পূৰ্বে তাত গুলীচালনাও কৰা হয় । উক্ত ঘটনাত এজন ২৬ বছৰীয়া যুৱকৰ মৃত্যু হয় । এই ঘটনাৰ পিছত, মানেচাৰ, পাটৌডি আৰু চোহনাত ইণ্টাৰনেট সেৱা বন্ধ কৰা হৈছে । পৰৱৰ্তী নিৰ্দেশ নিদিয়ালৈকে ইণ্টাৰনেট সেৱা বন্ধ থাকিব ।

অৱশ্যে সকলো বিদ্যালয়, মহাবিদ্যালয় আৰু কাৰ্যালয়ত কাম-কাজ স্বাভাৱিকভাৱে চলি আছে । "যান-বাহনৰ চলাচলত কোনো বাধা নাই । ইণ্টাৰনেটো চলি আছে । মই সকলোকে সামাজিক মাধ্যমত উৰাবাতৰিৰ প্ৰতি মনোযোগ নিদিবলৈ অনুৰোধ জনাইছোঁ । যদি কোনোবাই কোনো তথ্য দিব বিচাৰে, তেন্তে তেওঁ হেল্পলাইন নম্বৰ ১১২-ত যোগাযোগ কৰিব পাৰে ।" গুৰুগ্ৰাম অপৰাধ শাখাৰ এচিপি বৰুণ দাহিয়াই কয় । সতৰ্কতা হিচাপে প্ৰশাসনে বুধবাৰে নুহ আৰু পাণিপথ জিলাত বিদ্যালয় বন্ধ ৰখাৰ সিদ্ধান্ত লয় । শিশুসকলে যাতে কোনো ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগা নহয় তাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হয় ।

হাৰিয়ানাৰ মুখ্যমন্ত্ৰীয়ে ঘটনা সন্দৰ্ভত এখন পৰ্যালোচনা বৈঠকো অনুষ্ঠিত কৰে । বৈঠকত প্ৰশাসনৰ বিষয়াসকলক ৰাজ্যত আইন-শৃংখলা স্বাভাৱিক কৰি ৰাখিবলৈ নিৰ্দেশ দিয়ে । ইয়াৰ উপৰি মঙলবাৰে প্ৰশাসনে সকলো দলৰ লোকৰ সৈতে এখন বৈঠকত মিলিত হয় । বৈঠকৰ পিছত এছপি নৰেন্দ্ৰ সিং বিজৰানিয়াই কয় যে মনু মানেচাৰ ব্ৰজ মণ্ডল যাত্ৰাত জড়িত নাছিল আৰু তেওঁৰ নাম কোনো এজাহাৰত অন্তৰ্ভুক্ত কৰা হোৱা নাই ।

লগতে পঢ়ক :Haryana Nuh Violence : আজি মানেচাৰত হিন্দু সংগঠনৰ পঞ্চায়ত; ৮ জিলাত ১৪৪ ধাৰা জাৰি

ABOUT THE AUTHOR

...view details