অসম

assam

ETV Bharat / bharat

Nuh Violence in Haryana : হাৰিয়ানাৰ নুহ সাম্প্ৰদায়িক হিংসাত নিহতৰ সংখ্যা ৫ জনলৈ বৃদ্ধি - Haryana Nuh communial violence

হিংসাত্মক ঘটনাৰ পিছত হাৰিয়ানাৰ নুহ জিলাত উত্তেজনা বিৰাজ কৰিছে । মঙলবাৰে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী মনোহৰ লালে এখন উচ্চ পৰ্যায়ৰ বৈঠক আহ্বান কৰে । বৈঠকৰ পিছত মুখ্যমন্ত্ৰীয়ে জনায় যে এতিয়ালৈকে হিংসা বিয়পোৱাৰ বাবে ৭০ জন লোকক আটক কৰা হৈছে । হিংসাৰ বাবে দোষী কোনো অভিযুক্তকে ৰেহাই দিয়া নহ'ব ।

Nuh Violence in Haryana
Nuh Violence in Haryana

By

Published : Aug 1, 2023, 8:30 PM IST

নিউজ ডেস্ক, ১ আগষ্ট : হাৰিয়ানাৰ নুহ জিলাৰ ব্ৰজ মণ্ডল যাত্ৰাত শিলগুটি নিক্ষেপৰ ফলত দুটা সম্প্ৰদায়ৰ মাজত সংঘটিত হিংসাত্মক ঘটনাত এতিয়ালৈকে আৰক্ষী আৰু তিনিজন নাগৰিকসহ পাঁচজন লোক নিহত হৈছে । আনহাতে, হিংসাত্মক কাৰ্যত উচটনি দিয়াৰ বাবে এতিয়ালৈকে ৭০ জন লোকক আটক কৰা হৈছে । অৱশ্যে নুহ জিলাৰ পৰিস্থিতি বৰ্তমান স্বাভাৱিক যদিও উত্তেজনাপূৰ্ণ হৈ আছে । মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰে মঙলবাৰে হিংসাত্মক ঘটনাৰ পিছত ৰাজ্যখনৰ বৰ্তমান পৰিস্থিতি পৰ্যালোচনা কৰিবলৈ এখন উচ্চ পৰ্যায়ৰ বৈঠকৰ আহ্বান কৰে । গৃহমন্ত্ৰী অনিল ভিজো বৈঠকত উপস্থিত থাকে ।

ইফালে নুহৰ হিংসাত্মক জুই চুবুৰীয়া জিলা গুৰুগ্ৰামলৈ বিয়পি পৰিছে । গুৰুগ্ৰামত এদল জনতাই এক ধৰ্মীয় স্থানত অগ্নিসংযোগ কৰে । ইয়াৰ ফলত এজন লোকৰ মৃত্যু হয় । আনহাতে, বৰ্তমান হাৰিয়ানাৰ ৬ খন জিলাত ১৪৪ ধাৰা জাৰি কৰা হৈছে । চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয় আৰু মহাবিদ্যালয়সমূহ বন্ধ হৈ আছে । হাৰিয়ানা বোৰ্ডৰ পৰীক্ষাও পিছুৱাই দিয়া হৈছে । হিংসাত নিহতৰ সংখ্যা ৫ জনলৈ বৃদ্ধি পাইছে ।

উল্লেখ্য যে সোমবাৰে এক হিন্দু সংগঠনৰ দ্বাৰা নুহত ব্ৰজ মণ্ডল যাত্ৰা উলিওৱা হৈছিল । সেই সময়তে দুটা গোটৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয় । সংঘৰ্ষৰ পিছত শিলগুটি নিক্ষেপ কৰা হয় আৰু তাৰ পিছতে হিংসাত্মক ঘটনাৰ বাতৰি পোহৰলৈ আহে । নুহত সংঘটিত হিংসাত্মক ঘটনাৰ পিছত অৰ্ধসামৰিক বাহিনীৰ ২০ টা কোম্পানী মোতায়েন কৰা হৈছে । নুহ আৰক্ষীয়ে এতিয়ালৈকে গোচৰটোত ২১ খন এজাহাৰ পঞ্জীয়ন কৰিছে । কেন্দ্ৰই হাৰিয়ানালৈ অৰ্ধসামৰিক বাহিনীৰ ২০ টা কোম্পানী প্ৰেৰণ কৰিছে । ইয়াৰ ভিতৰত আছে চিআৰপিএফৰ ৪টা কোম্পানী, আৰএএফৰ ১২টা, আইটিবিপিৰ দুটা কোম্পানী আৰু বিএছএফৰ দুটা কোম্পানী ।

আনহাতে, হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰে নুহ হিংসাৰ ওপৰত এক বৈঠকৰ আহ্বান কৰে । মুখ্যমন্ত্ৰীয়ে গৃহমন্ত্ৰী অনিল ভিজৰ সৈতেও এক বৈঠকত মিলিত হ'ব । এই বৈঠকত মুখ্য সচিব, আৰক্ষী সঞ্চালক প্ৰধানকে ধৰি সকলো প্ৰশাসনিক বিষয়া উপস্থিত থাকিব । উল্লেখ্য যে হাৰিয়ানাৰ গৃহ মন্ত্ৰী অনিল ভিজে নুহ হিংসাক ষড়যন্ত্ৰ বুলি অভিহিত কৰিছে ।

নুহৰ এছপি নৰেন্দ্ৰ সিঙে মঙলবাৰে সকলো সম্প্ৰদায়ৰ লোকৰ সৈতে এক বৈঠকত মিলিত হয় । তাৰ পিছত তেওঁ কয় যে মনু মানেছাৰ নুহ শোভাযাত্ৰা কাণ্ডত জড়িত নহয় । তেওঁৰ নাম কোনো এজাহাৰত অন্তৰ্ভুক্ত কৰা হোৱা নাই । এতিয়ালৈকে গোচৰটোত ২১ খন এজাহাৰ পঞ্জীয়ন কৰা হৈছে । এফআইআৰৰ সংখ্যা ৪০ খনতো উপনীত হ'ব পাৰে । শান্তি সমিতিৰ বৈঠকৰ পিছত উপায়ুক্ত প্ৰশান্ত পানৱাৰ আৰু এছ পি নৰেন্দ্ৰ বিজৰানিয়াই এই বিষয়ে তথ্য প্ৰদান কৰে ।

এছপিয়ে লগতে কয় যে ইণ্টাৰনেট সেৱা আৰু ১৪৪ ধাৰা আগন্তুক কেইদিনমানৰ বাবে নুহত বলৱৎ থাকিব । শান্তি পুনৰ প্ৰতিষ্ঠা হ'লেহে নিষেধাজ্ঞা উঠাই লোৱা হ'ব । তেওঁ কয় যে নুহ হিংসাৰ গোচৰৰ সন্দৰ্ভত কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰা হৈছে । বিভিন্ন আৰক্ষী থানাৰ আৰক্ষীয়ে তেওঁলোকক আদালতত উপস্থাপন কৰি আছে । সঠিক তথ্য আদালতত উপস্থাপন কৰাৰ পিছতহে সংবাদ মাধ্যমক কোৱা হ'ব । নুহৰ ডিচি প্ৰশান্ত পাৱাৰে কয় যে হিংসাৰ ফলত এতিয়ালৈকে ৬০ জন লোক আহত হোৱাৰ খবৰ পোৱা গৈছে ।

আনহাতে, নুহ হিংসাত মৃত্যুৰ সংখ্যা ৫ জনলৈ বৃদ্ধি পাইছে । ইয়াৰে ভিতৰত আছে দুজন গৃহৰক্ষী আৰু তিনিজন সাধাৰণ লোক । ইয়াৰ উপৰি ১৫ জনৰো অধিক আৰক্ষী আহত হোৱা বুলি কোৱা হৈছে । গৃহৰক্ষী দুজনক নীৰজ আৰু গুৰসেৱক বুলি চিনাক্ত কৰা হৈছে । ইয়াৰ উপৰি নিহত এজনক বিহাৰৰ বাসিন্দা চান্দ বুলি চিনাক্ত কৰা হৈছে । আন এজনক পাণিপথৰ নুৰৱালাৰ বাসিন্দা অৰবিন্দ বুলি চিনাক্ত কৰা হৈছে । পঞ্চমজন মৃতকৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই ।

গৃহৰক্ষী গুৰসেৱক ফতেহাবাদ জিলাৰ তোহানা খণ্ডৰ ফতেহপুৰী গাঁৱৰ বাসিন্দা আছিল । ৩২ বছৰীয়া গুৰসেৱক সিঙে ১০ বছৰ আগতে চাকৰিত যোগদান কৰিছিল । জানিব পৰা মতে, ৭ জুলাইত তেওঁক অস্থায়ীভাৱে গুৰুগ্ৰামত নিযুক্তি দিয়া হৈছিল । গুৰসেৱক সিঙক খেৰকি দৌলা আৰক্ষী চকীত নিযুক্তি দিয়া হৈছিল আৰু সোমবাৰে তেওঁ গুৰুগ্ৰামৰ পৰা মেৱাটলৈ আৰক্ষীৰ দল এটাৰ সৈতে গৈ আছিল । তেতিয়াই দুৰ্বৃত্তই শিল দলিয়ায় আৰু বাহনখনত গুলীচালনা কৰে । এই ঘটনাত দুজন গৃহৰক্ষী কৰ্মীয়ে প্ৰাণ হেৰুৱায় । তাৰে ভিতৰত এজন আছিল গুৰসেৱক ।

ইফালে নুহ হিংসাৰ খবৰ জনসাধাৰণৰ ওচৰলৈ অহাৰ লগে লগে গুৰুগ্ৰামতো উত্তেজনাৰ সৃষ্টি হয় । সোমবাৰে নিশা এটা উন্মত্ত দলে ধৰ্মীয় স্থানত অগ্নিসংযোগ কৰে । ইয়াৰ পূৰ্বে সমগ্ৰ ঘটনাটোত এজন ২৬ বছৰীয়া যুৱক নিহত হৈছিল । ইয়াৰ উপৰি এজন যুৱক গুলীবিদ্ধ হোৱাৰ ফলত গুৰুতৰভাৱে আহত হয় । ঘটনাটোৰ পিছত মানেচাৰ, পাটৌডি আৰু চোহনাত ইণ্টাৰনেট সেৱা স্থগিত ৰখা হৈছে । পৰৱৰ্তী নিৰ্দেশ নোহোৱালৈকে ইণ্টাৰনেট সেৱাসমূহ স্থগিত থাকিব ।

জানিব পৰা মতে, কেইবামাহ ধৰি মেৱাটত আক্ৰমণৰ বাবে প্ৰস্তুতি চলি আছিল । এইটো আৰক্ষী প্ৰশাসন আৰু চোৰাংচোৱা ব্যৱস্থাৰ বিফলতা হিচাপে পৰিগণিত হৈছে । আনহাতে, এই অসম্পূৰ্ণ যাত্ৰা যিকোনো প্ৰকাৰে সম্পূৰ্ণ হ'ব বুলি জনায় বিশ্ব হিন্দু পৰিষদৰ ৰাষ্ট্ৰীয় যুটীয়া সাধাৰণ সম্পাদক সুৰেন্দ্ৰ জৈনে ।

লগতে পঢ়ক :Nuh Violence : নুহৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ আঁৰত ষড়যন্ত্ৰৰ সন্দেহ গৃহমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details