নেশ্যনেল ডেস্ক, ১ আগষ্ট : মণিপুৰৰ হিংসা অব্যাহত আছে । কিন্তু ইয়াৰ মাজতে এইবাৰ হাৰিয়ানাত আন এক সংঘৰ্ষ আৰম্ভ হৈছে । সোমবাৰে, হিন্দু সংগঠনবোৰে নুহত ব্ৰজ মণ্ডল যাত্ৰা উলিওৱাৰ সময়তে দুটা গোটৰ মাজত সংঘৰ্ষ আৰম্ভ হয় । প্ৰথমে বিবাদ, তাৰ পাছত সংঘৰ্ষ আৰু শিলগুটি নিক্ষেপ কৰা হয় । লাহে লাহে এই ঘটনাই হিংসাৰ ৰূপ লয় ।
এতিয়ালৈকে, এই হিংসাত দুগৰাকী গৃহৰক্ষী জোৱান নিহত হোৱাৰ খবৰ পোৱা গৈছে । ১৫ জনতকৈও অধিক আৰক্ষী আহত হৈছে । নুহত সংঘটিত এই হিংসাত্মক ঘটনাৰ পাচতে অৰ্ধসামৰিক বাহিনীৰ ৮ টা বেটেলিয়ন মোতায়েন কৰা হৈছে । ইফালে হিংসাৰ মাজতে মন্দিৰত আৱদ্ধ লোকসকলকো উদ্ধাৰ কৰা হৈছে ।
উল্লেখ্য যে, ১ আৰু ২ আগষ্টত হাৰিয়ানা বিদ্যালয় শিক্ষা পৰিষদে ৰাজ্যখনত দশম শ্ৰেণীৰ পৰিপূৰক আৰু ডি.এল.এড পৰীক্ষা অনুষ্ঠিত কৰাৰ কথা আছিল । কিন্তু নুহৰ হিংসাৰ পাছতে পৰীক্ষাবোৰ পিছুৱাই দিয়া হৈছে । পৰিষদৰ অধ্যক্ষ ড৹ ভিপি যাদৱে কয় যে, স্থগিত পৰীক্ষাৰ তাৰিখ পৰৱৰ্তী সময়ত ঘোষণা কৰা হ'ব । প্ৰথমে কেৱল নুহ আৰু পালৱাল জিলাৰ পৰীক্ষা কেন্দ্ৰতহে এই পৰীক্ষাসমূহ স্থগিত ৰখাৰ সিদ্ধান্ত লোৱা হৈছিল যদিও পাছত সমগ্ৰ জিলাতে এই পৰীক্ষা স্থগিত ৰখা হয় ।
ইয়াৰ উপৰিও নুহকে ধৰি হাৰিয়ানাৰ ৫ খন জিলাত ১৪৪ ধাৰা জাৰি কৰা হৈছে । ১ আগষ্টৰ বাবে নুহ, ফৰিদাবাদ, গুৰুগ্ৰাম আৰু পালৱালত শিক্ষানুষ্ঠান আৰু প্ৰশিক্ষণ কেন্দ্ৰসমূহ প্ৰশাসনে বন্ধ ৰখাৰ নিৰ্দেশ দিছে । উপায়ুক্ত প্ৰশান্ত পানৱাৰে শান্তি আৰু আইন শৃংখলা পৰিস্থিতি উন্নত কৰাৰ বাবে পুৱা ১১ বজাত উভয় সমাজৰ বৈঠক আহ্বান কৰিছে ।
জানিব পৰা মতে, সোমবাৰে বিশ্ব হিন্দু পৰিষদে হাৰিয়ানাৰ নুহ জিলাত ব্ৰজ মণ্ডল যাত্ৰা উলিয়াইছিল । গুৰুগ্ৰাম, ৰেৱাৰী, ৰোহতক, পানীপথ, ভিৱানী, নাৰনাউল, ঝাজ্জৰ, ফৰিদাবাদকে ধৰি বিভিন্ন জিলাৰ লোকসকলে এই যাত্ৰাত অংশগ্ৰহণ কৰিছিল । খবৰ অনুসৰি যেতিয়া সমদলটো দুপৰীয়া নুহৰ তিৰঙ্গা পাৰ্কৰ ওচৰত উপস্থিত হৈছিল । তাত উপস্থিত থকা আন এটা গোটৰ সৈতে তেওঁলোকৰ বিবাদ আৰম্ভ হয় । অভিযোগ অনুসৰি ইয়াৰ পাছতে আন এটা সম্প্ৰদায়ৰ গোটটোৱে শিল নিক্ষেপ কৰিবলৈ আৰম্ভ কৰে ।