অসম

assam

Religious Processions in Nuh : সুৰক্ষা বাহিনীৰ দুৰ্গলৈ ৰূপান্তৰিত নুহ; কাৰ্ফিউ জাৰি

By ETV Bharat Assamese Team

Published : Aug 28, 2023, 8:42 PM IST

হাৰিয়ানা আৰক্ষীৰ পৰা অহা সৰ্বমুঠ ৬৭৫ জন বিষয়া, হাৰিয়ানা সশস্ত্ৰ আৰক্ষীৰ তিনিটা বেটেলিয়ন আৰু অৰ্ধসামৰিক বাহিনীৰ সৈনিকসকলে নুহ চহৰৰ প্ৰতিটো গতি-বিধিৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে । আনহাতে, নুহ জিলাৰ বৰকলি চকত নিযুক্তিলাভ কৰা উপ-পৰিদৰ্শক হাকিমুদ্দিনৰ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয় ।

Religious Processions in Nuh
Religious Processions in Nuh

নিউজ ডেস্ক, ২৮ আগষ্ট : বিশ্ব হিন্দু পৰিষদ (ভিএইচপি), অন্যান্য সোঁপন্থী সংগঠন তথা ব্ৰজ মণ্ডলে পবিত্ৰ শাওণ মাহৰ অন্তিম সোমবাৰী (সোমবাৰ) উপলক্ষে হাৰিয়ানাৰ নুহত জলাভিষেক শোভাযাত্ৰা (ধৰ্মীয়) উলিওৱাৰ বাবে আগবঢ়োৱা চূড়ান্ত ঘোষণাৰ প্ৰতি লক্ষ্য ৰাখি যিকোনো অপ্ৰীতিকৰ ঘটনা প্ৰতিহত কৰিবলৈ চহৰখনত কাৰ্ফিউ জাৰি কৰা হৈছে । এক কথাত ক'বলৈ গ'লে চহৰখন নিৰাপত্তা বাহিনীৰ দুৰ্গলৈ ৰূপান্তৰিত হৈছে । আনহাতে, চুবুৰীয়া জিলাসমূহৰ সৈতে নুহ চহৰৰ সীমান্তও ছীল কৰি দিয়া হৈছে ।

হাৰিয়ানা আৰক্ষীৰ পৰা সৰ্বমুঠ ৬৭৫ জন বিষয়া, হাৰিয়ানা সশস্ত্ৰ আৰক্ষীৰ তিনিটা বেটেলিয়ন আৰু অৰ্ধসামৰিক বাহিনীৰ সৈনিকসকলে নুহ চহৰৰ প্ৰতিটো গতি-বিধিৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে । আনহাতে, ইয়াৰ মাজতে উপ-পৰিদৰ্শক হাকিমুদ্দিনৰ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয় । তেওঁ নুহ জিলাৰ বৰকলি চকত নিযুক্তিলাভ কৰিছিল । চহৰখনত আইন-শৃংখলা বৰ্তাই ৰখাৰ বাবে হাকিমুদ্দিনক বৰকলি চকত ৰেপিড একচন ফ'ৰ্চ (আৰএএফ) দলৰ সৈতে নিয়োজিত কৰা হৈছিল । তেওঁক নাগিনা আৰক্ষী থানাত অতিৰিক্ত এছএইচঅ' হিচাপে নিযুক্তি দিয়া হৈছিল ।

আনহাতে, স্থানীয় লোক, ধৰ্মীয় নেতা আৰু সাধুসকলক ধৰ্মীয় শোভাযাত্ৰাত অংশগ্ৰহণ কৰাৰ পৰিৱৰ্তে ভগৱান শিৱ মন্দিৰ আৰু নলহেশ্বৰ মন্দিৰত জলাভিষেক কৰিবলৈ অনুমতি দিয়া হৈছে ।

এই প্ৰসংগত এডিজি মমতা সিঙে কয়, "এইবাৰ আমি চহৰখনত কোনো ধৰ্মীয় শোভাযাত্ৰা (যাত্ৰা) বা দলীয় অনুষ্ঠানৰ অনুমতি দিয়া নাই । যিকোনো সমাবেশ নিষিদ্ধ কৰা হৈছে । ইয়াৰ বিপৰীতে স্থানীয় লোক আৰু অন্যান্যসকলক ভগৱান শিৱ মন্দিৰত জলাভিষেক কৰিবলৈ অনুমতি দিয়া হৈছে । কিয়নো আজি পবিত্ৰ শাওণ মাহৰ অন্তিমটো সোমবাৰ । এই কাৰ্য পুৱাৰে পৰা কোনো বাধা অবিহনে চলি আছে । পূৰ্বৱৰ্তী সোমবাৰীত (সোমবাৰ) ৰাইজক মন্দিৰসমূহত পূজা কৰিবলৈ অনুমতি দিয়া হৈছিল ।"

পূৰ্বতে নুহ সাম্প্ৰদায়িক বিস্ফোৰণৰ উদ্গীৰণ আৰু এতিয়ালৈকে লোৱা পদক্ষেপৰ বিষয়ে তেওঁ কয়, "২৫০ জনতকৈও অধিক সংঘৰ্ষকাৰীক চিনাক্ত কৰা হৈছে আৰু তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছে । তেওঁলোকক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে । নুহ সাম্প্ৰদায়িক হিংসাৰ তদন্তৰ বাবে বিশেষ অনুসন্ধান দলৰ (এছআইটি) চাৰিটা দল গঠন কৰা হৈছে । কাৰিকৰী প্ৰমাণ আৰু চিচিটিভি ফুটেজৰ ওপৰত ভিত্তি কৰি ব্যৱস্থা গ্ৰহণ কৰা হৈছে । সংঘৰ্ষকাৰীসকলক গ্ৰেপ্তাৰ কৰা হৈছে ।"

লগতে পঢ়ক :Mamata Banerjee slams BJP : 'আগতীয়াকৈ অনুষ্ঠিত হ'ব পাৰে লোকসভা নিৰ্বাচন'-মমতা বেনাৰ্জী

ABOUT THE AUTHOR

...view details