নেশ্যনেল ডেস্ক, ১৫ ছেপ্টেম্বৰ :অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা টিডিপিৰ মুৰব্বী চন্দ্ৰবাবু নাইডুক গ্ৰেপ্তাৰ সন্দৰ্ভত এনএছজিয়ে (ৰাষ্ট্ৰীয় নিৰাপত্তা ৰক্ষী) কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ক এক প্ৰতিবেদন দাখিল কৰিছে । এনএছজিৰ প্ৰতিবেদন অনুসৰি চন্দ্ৰবাবু নাইডুক গ্ৰেপ্তাৰ আৰু কাৰাবাস প্ৰক্ৰিয়াৰ সময়ত তেওঁৰ নিৰাপত্তাৰ ক্ষেত্ৰত কিছু নিৰাপত্তাৰ ত্ৰুটিৰ কথা উল্লেখ কৰিছে ।
৮ ছেপ্টেম্বৰৰ মাজনিশাৰ পৰা ১০ ছেপ্টেম্বৰৰ পুৱা ১ বজালৈ তেওঁক গ্ৰেপ্তাৰ, এচিবি আদালতৰ ৰিমাণ্ড, কাৰাগাৰৰ নিৰাপত্তাৰ আদি বিষয় এনএছজিৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে । তাত উল্লেখ কৰা মতে ৯ ছেপ্টেম্বৰত পুৱা ৬ বজাত অন্ধ্ৰপ্ৰদেশ চিআইডিয়ে এনএছজিৰ সুৰক্ষাত থকা চন্দ্ৰবাবু নাইডুক গ্ৰেপ্তাৰ কৰে আৰু তেওঁক পথেৰে বিজয়ৱাড়ালৈ স্থানান্তৰ কৰে । পাছত চিআইডিয়ে নাইডুক ১০ ছেপ্টেম্বৰৰ পুৱা ৩.৩০ বজাৰ পৰা বিজয়ৱাড়া জিজিএইচ (চৰকাৰী সাধাৰণ চিকিৎসালয়) আৰু এচিবি (দুৰ্নীতি বিৰোধী ব্যুৰ') আদালতলৈ স্থানান্তৰিত কৰে । প্ৰতিবেদন অনুসৰি নাইডুক এচিবি আদালত গৃহৰ বাহিৰত ৰখা হৈছিল য'ত সেই দিনটোত পৰ্যাপ্ত নিৰাপত্তা ব্যৱস্থা নাছিল ।