নেশ্যনেল ডেস্ক,২৬ মে':কুকি উগ্ৰপন্থীক সকীয়নি উত্তৰ-পূৱৰ অন্যতম বিদ্ৰোহী সংগঠন নেচনেল ছ'চিয়েলিষ্ট কাউন্সিল অৱ নাগালেণ্ড (ইচাক-মুইভা) চমুকৈ এনএছচিএন(আই এম)ৰ (NSCN warns Kuki militants)। মণিপুৰৰ নগা গাঁৱত আক্ৰমণ কৰাৰ বাবে কুকি উগ্ৰপন্থীক সতৰ্ক কৰি দিছে এন এছ চি এন-আই এময়ে । অলিম্পিক বিজয়ী বক্সাৰ মেৰী কমৰ গাঁৱত কুকি উগ্ৰপন্থীয়ে আক্ৰমণ কৰাক লৈ অসন্তুষ্ট সংগঠনটো । লগতে মণিপুৰৰ নগাসকলক কৰা নিৰ্যাতনৰ বিৰুদ্ধেও ক্ষোভ প্ৰকাশ কৰে সংগঠনটোৱে ।
বিদ্ৰোহী সংগঠনটোৱে ৰাজ্যখনৰ বিভিন্ন সংখ্যালঘু জনজাতীয় গোটৰ সুৰক্ষাৰ বিষয়েও উদ্বেগ প্ৰকাশ কৰিছে । বৃহস্পতিবাৰে জাৰি কৰা এক বিবৃতিত এন এছ চি এনয়ে কয় যে মণিপুৰৰ মেইটেই আৰু কুকিসকলৰ মাজৰ শেহতীয়া সংঘৰ্ষ অমানৱীয় আৰু ঘৃণনীয় (NSCN reacts over Manipur violence)।
সংগঠনটোৱে লগতে আইমোল, চিৰু, চোথে, খাৰাম, কইৰেং আৰু কমৰ দৰে নগা জনজাতিৰ সুৰক্ষাৰ বাবেও আহ্বান জনায় । এন এছ চি এনয়ে কয় যে মেইটেই আৰু কুকিসকলে তেওঁলোকক কোনো ধৰণে হাৰাশাস্তি কৰা উচিত নহয় । এন এছ চি এন-আইএময়ে দুখ প্ৰকাশ কৰি কয় যে বক্সাৰ মেৰী কমৰ গাঁও কাংগাথেই কুকি উগ্ৰপন্থীৰ আক্ৰমণৰ সন্মুখীন হৈছে আৰু গাঁওবাসীয়ে তেওঁলোকৰ কাংগাথেই গাঁও খালী কৰিবলৈ বাধ্য হৈছে (Attacks on Mary Kom village)। ভাৰতৰ বিশ্ব চেম্পিয়ন বক্সাৰ মেৰী কমো মণিপুৰৰ একেটা জনজাতিৰ অংশ বুলি সংগঠনটোৱে উল্লেখ কৰে ।