আগৰতলা,১ জুন :ত্ৰিপুৰাৰ বিধানসভা নিৰ্বাচন সমাগত (Tripura assembly election 2023)। প্ৰতিটো ৰাজনৈতিক দলে নিৰ্বাচনী ৰণকৌশল প্ৰস্তুত কৰাত ব্যস্ত । তেনে সময়তে ৰাজ্যখনলৈ এটাৰ পাছত আনটো দলৰ আগমন । দেশৰ অন্যতম নেচনেল পিপলছ পাৰ্টিয়ে ত্ৰিপুৰাৰ ৰাজনীতিত যোগদান কৰে (NPP party starts politics in Tripura)।
বুধবাৰে সংবাদমেলযোগে দলটোৱে ত্ৰিপুৰা কমিটি গঠন কৰাৰ কথা ঘোষণা কৰে (NPP launches Tripura state unit)। মণিপুৰ বিধান সভাৰ বিধায়ক তথা ত্ৰিপুৰাৰ ভাৰপ্ৰাপ্ত বিষয়া এম ৰামেশ্বৰ সিঙে দলটোৰ আগমনৰ কথা ঘোষণা কৰে । তেওঁ উল্লেখ কৰা মতে এনপিপি দলৰ শ্ল'গান হৈছে 'এক উত্তৰ-পূব এক কণ্ঠস্বৰ' ।
এম ৰামেশ্বৰ সিঙে উল্লেখ কৰা মতে দলটোৱে ত্ৰিপুৰাৰ জনসাধাৰণৰ কল্যাণৰ বাবে আৰু উত্তৰ-পূবৰ ৰাজ্যসমূহৰ বাবে কাম কৰিব বিচাৰে । দেশত উত্তৰ-পূৱৰ জনসাধাৰণক এখন মঞ্চ প্ৰদান কৰাৰ উদ্দেশ্যে পি এ চাংমাই দলটো গঠন কৰিছিল আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা আৰু দলৰ সভাপতিৰ নেতৃত্বত দলটো আগবাঢ়িছে । তেওঁ উল্লেখ কৰা মতে উত্তৰ-পূবক আগুৱাই নিয়াৰ উদ্দেশ্যে তৃণমূল পৰ্যায়ৰ লোকসকলৰ বিকাশৰ বাবে দলটোৱে কাম কৰি আছে ।
এম ৰামেশ্বৰ সিঙে উল্লেখ কৰা মতে দলটোৰ মূল মন্ত্ৰ হৈছে উন্নয়নমূলক ৰাজনীতিৰ জৰিয়তে গ্ৰাম্য অঞ্চলৰ লোকসকলৰ বাবে উন্নয়ন সাধন কৰা । বিধায়কজনে লগতে কয় যে যদি মানুহে খোৱা পানী, স্বাস্থ্য সেৱা, উন্নত শিক্ষাৰ দৰে মৌলিক সুবিধাসমূহ লাভ কৰিবলৈ সক্ষম হয় তেন্তে উত্তৰ-পূৰ্বাঞ্চলত ৰাজনৈতিক দলটোৰ উদ্দেশ্য পূৰণ হ'ব । বিধায়কগৰাকীৰ মতে মণিপুৰ আৰু মেঘালয়ত দলটোৰ প্ৰদৰ্শন ৰাইজে প্ৰত্যক্ষ কৰিছে ।