নিউজ ডেস্ক, 4 এপ্ৰিল : ভাৰতৰ সংবিধান ভাৰতীয় প্ৰজাতন্ত্ৰৰ সৰ্বোচ্চ আইন । সংবিধানত দেশৰ মৌলিক-ৰাজনৈতিক আদৰ্শৰ ৰূপৰেখা নিৰ্দিষ্ট কৰা হৈছে । দেশৰ প্ৰতিখন ৰাজ্য, চৰকাৰ আৰু নাগৰিকে সংবিধান মানি চলিবলৈ বাধ্য ৷ কিন্তু হিমাচল প্ৰদেশৰ কুল্লু জিলাত এখন গাওঁ আছে, য'ত মানুহে ভাৰতৰ সংবিধান অনুসৰণ নকৰাকৈ তেওঁলোকৰ হাজাৰ হাজাৰ বছৰ পুৰণি পৰম্পৰা পালন কৰি আহিছে ।
প্ৰাচীন কালত, এই গাঁওখনত কিছুমান নিয়ম প্ৰস্তুত কৰা হৈছিল আৰু পিছত এই নিয়মবোৰ সংসদীয় ব্যৱস্থালৈ সলনি কৰা হৈছিল । গাঁওখনত আজিও অব্যাহত আছে শতিকা পুৰণি পৰম্পৰা । অৱশ্যে, ৰহস্য আৰু বিশ্বাসৰ মাজত আৱদ্ধ এই গাঁওখন এতিয়া সময়ৰ লগে লগে ক্ৰমান্বয়ে সলনি হৈ হ’ব ধৰিছে ।
হিমাচল প্ৰদেশৰ কুল্লু জিলাৰ মালানা গাঁও ইয়াৰ অনন্য সংস্কৃতি আৰু উপভাষাৰ বাবে বিখ্যাত ৷ অতি প্ৰাচীন কালৰে পৰা হাজাৰ হাজাৰ বছৰ পুৰণি পৰম্পৰা পালন কৰি এই গাঁওখনত এতিয়া আধুনিকতাৰ প্ৰভাৱ পৰিব ধৰিছে । গাঁওখনত থকা কাঠৰ শৈলীৰ ঘৰ সমগ্ৰ বিশ্বতে বিখ্যাত ৷ কিন্তু আধুনিকতাৰ প্ৰভাৱত এতিয়া গাঁওখনত কাঠৰ শৈলীৰ ঘৰৰ ঠাইত কংক্ৰিটৰ ঘৰে স্থান লাভ কৰিব ধৰিছে ।
অৱশ্যে ইয়াৰ আঁৰত আছে এটা কাহিনী (History of malana village) ৷ প্ৰায় দুটা দশক পূৰ্বে, গোটেই গাঁওখন জুইত ভস্মীভূত হৈছিল ৷ বিগত বৰ্ষটো গাঁওখনত 18 টা ঘৰ জ্বলি ভস্মীভূত হৈছিল । ইয়াৰ পাছৰে পৰা কাঠৰ ঘৰত বাস কৰা মালানাৰ গাঁৱৰ বাসিন্দাসকলৰ ঘৰবোৰ কংক্ৰিটৰ ঘৰলৈ স্থানান্তৰিত কৰিছিল । অৱশ্যে সময়ৰ লগে লগে কাঠৰ উপলব্ধতা হ্ৰাস হোৱাটোও ইয়াৰ এটা কাৰণ হৈ পৰিছিল ।
মালানাৰ ঈশ্বৰ যমদগ্নি ঋষি:মালানাত যমদগ্নি ঋষি দেৱতাৰ এটা মন্দিৰ আছে, যাক ইয়াত দেৱতা জামলু বুলিও জনা যায় । যমদগ্নি আছিল বিষ্ণুৰ ষষ্ঠ অৱতাৰ পৰশুৰামৰ পিতৃ । এইটো বিশ্বাস কৰা হয় যে, ঋষি জামলুৱে ধ্যান কৰিবলৈ এটা নিৰ্জন ঠাই বিচাৰি আছিল । এনে স্থানৰ সন্ধানত আহি তেওঁ মালানাত উপস্থিত হয় আৰু বৰ্তমান তেওঁক জামলু ঋষি নামেৰে পূজা কৰা হয় ।
আমোদজনক কথাটো হ’ল যে, গোটেই গাঁওখনত জামলু দেৱতাৰ এটাও মূৰ্তি তথা ফটো নাই ৷ শিল আৰু কাঠেৰে নিৰ্মিত মন্দিৰটোত ঋষি জামলুৰ এটা সৰু সোণখচিত মূৰ্তি আছে । তাৎপৰ্যপূৰ্ণভাৱে এই মন্দিৰত যিকোনো বস্তু স্পৰ্শ কৰাটো নিষিদ্ধ ।
গাঁওখনত থকাতো নিষিদ্ধ : পৰ্যটকসকলেও মালানা গাঁৱলৈ আহে যদিও তেওঁলোকৰ কোনেও নিশা গাঁওখনত কটাব নোৱাৰে । গাঁওখনৰ প্ৰৱেশ পথত থকা কিছুমান লোকে তেওঁলোকক সোধা পোছা কৰে । গাঁওখনৰ প্ৰৱেশ দ্বাৰত হিন্দী আৰু ইংৰাজীত কিছুমান নীতি-নিৰ্দেশনা লিখা হৈছে আৰু পৰ্যটকসকলে এই নিৰ্দেশনাবোৰ মানি চলিবলৈ বাধ্য ৷ এই নিৰ্দেশনা অনুসৰি তেওঁলোকে গাঁওখনৰ দেৱস্থানত থকা যিকোনো বস্তু স্পৰ্শ কৰাটো নিষিদ্ধ । তদুপৰি ইয়াৰ বাবে জৰিমনাৰো বিহা হৈছে ।
মালানাৰ আটাইতকৈ পুৰণি গণতন্ত্ৰ আৰু ন্যায় ব্যৱস্থা :মালানাৰ নিজা পৃথক গণতান্ত্ৰিক ব্যৱস্থা আছে ৷ ইয়াত উচ্চ সদন আৰু নিম্ন সদন নামে দুখন সদন আছে । উচ্চ সদনত মুঠ 11 জন সদস্য আছে, যাৰ ভিতৰত মন্দিৰৰ তিনিজন সদস্য হৈছে ইয়াৰ স্থায়ী সদস্য (Oldest democracy in the world in malana village)।