অসম

assam

ETV Bharat / bharat

কেৰালাৰ ডোচাত নিৰ্বাচনৰ গৰম খবৰ - প্ৰতিকৃতি

দলীয় চিহ্ন, প্ৰাৰ্থীৰ প্ৰতিকৃতিৰ সৈতে গৰম ডোচা ৷ কেৰালাৰ ‘টি-শ্বপ ৰাজনীতি’ত মেয়’নিজৰ সৈতে ‘শিকলি, হাতুৰী আৰু তৰা'ৰ চিহ্ন, গাজৰৰ সৈতে এটি ‘পদুম ফুল’ দেখা পোৱা গৈছে ৷ দলৰ চিহ্নৰ উপৰিও প্ৰাৰ্থীসকলৰ মুখৰ প্ৰতিকৃতিও ডোচাত নান্দনিকভাৱে উপস্থাপন কৰা হৈছে ।

hot party dosas
কেৰালাত গৰম ডোচাত নিৰ্বাচনী গৰম খবৰ

By

Published : Mar 22, 2021, 4:51 PM IST

নেশ্যনেল ডেস্ক,22 মাৰ্চ: নিৰ্বাচনৰ সময় এক পৰীক্ষাৰ লেখীয়া । 2020 চনৰ ডিচেম্বৰত ক’ভিড মাস্কত প্ৰিণ্ট কৰা দলৰ প্ৰতীক নাগৰিক সংস্থাৰ নিৰ্বাচনৰ সময়ত এক নতুন প্ৰৱণতা আছিল । এইবেলি কেৰালাৰ কোল্লাম জিলাৰ এটা ডোচাৰ দোকানত খাদ্যৰে সজোৱা হৈছে দলৰ প্ৰতীক আৰু প্ৰাৰ্থীৰ মুখ ৷ ই আন এক আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ৷

গৰম গৰম ডোচাত নান্দনিকভাৱে উপস্থাপন কৰা দলৰ চিহ্ন আৰু প্ৰাৰ্থীসকলৰ মুখবোৰে মনোযোগ আকৰ্ষণ কৰি আছে সাধাৰণ ৰাইজৰ ৷ ইয়াৰ লগতে কোল্লামৰ মাজপথৰ ‘101 প্ৰকাৰৰ ডোচা’ তৈয়াৰী এই দোকানখনে গ্ৰাহকক আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে ৷

‘হাতৰ চিহ্ন’ তৈয়াৰ কৰোতে মিহলি কৰা বিলাহী চছ, গাজৰ, মেয়’নিজৰ সৈতে ‘শিকলি, হাতুৰী আৰু তৰা'ৰ চিহ্ন, গাজৰৰ সৈতে এটি ‘পদুম ফুল’ দেখা পোৱা গৈছে ৷ গৰম ডোচাবোৰ লোহাৰ তাৱাত বনোৱা হয় ৷ দলৰ প্ৰতীকৰ উপৰিও প্ৰাৰ্থীসকলৰ মুখমণ্ডল ডোচাতেই নান্দনিকভাৱে উপস্থাপন কৰা হয় ৷

কেৰালাত গৰম ডোচাত নিৰ্বাচনী গৰম খবৰ

প্ৰাৰ্থীসকলৰ মুখমণ্ডল চাহিদা অনুসৰি প্ৰতিকৃতি হিচাপে আঁকি লোৱা হয় ৷ কোল্লাম লেফ্ট ডেম’ক্ৰেটিক ফ্ৰণ্ট (এলডিএফ)ৰ প্ৰাৰ্থী আৰু অভিনেতা মুকেশৰ প্ৰতিকৃতিয়ে প্ৰথমে এই ডোচাত স্থান পাইছিল ৷ ডোচা মাষ্টাৰ খ্যাত সন্তোষ আৰু দোকানৰ স্বত্বাধিকাৰী শ্যামে একেলগে দলটোৰ প্ৰতীক আৰু প্ৰাৰ্থীৰ মুখ ডোচাৰ ওপৰত অংকন কৰে ।

দুয়োৱে ডোচাত সকলো প্ৰতীক আৰু চিহ্ন উপস্থাপন কৰি ডোচা প্ৰেমীসকলৰ কৌতূহল বৃদ্ধি কৰে আৰু এই ডোচা পাঁচ ফুট দীঘল । শ্যামে কয় যে, তেওঁলোকে প্ৰাৰ্থীৰ মুখ সুস্বাদু ডোচাত অংকণ কৰিব পাৰে, যদি তেওঁলোকে নিৰ্দেশ লাভ কৰে । নিৰ্বাচনৰ সময়চোৱাত অলপ বেলেগ কৰাৰ চিন্তাই তেওঁলোকক এই পৰীক্ষাৰ সৈতে অৱতৰণ কৰিছিল ৷

দলৰ প্ৰতীকৰ সৈতে এই গৰম ডোচা ইতিমধ্যে জনপ্ৰিয় হৈ পৰিছে । বহু আঞ্চলিক ৰাজনীতিবিদ আৰু তেওঁলোকৰ দলৰ লোকসকলেও দলীয় চিহ্নৰ সৈতে গৰম ডোচা পাবলৈ দোকানত উপস্থিত হয় । ইয়াৰ লগতে ডোচাৰ দোকানত তীব্ৰ তৰ্ক আৰু ৰাজনৈতিক বিতৰ্কৰ সৈতে গ্ৰাহকসকলে এক নিৰ্বাচনী মহলৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক :মিজোৰামত বৃহৎ পৰিমাণৰ অশ্বগন্ধা জব্দ

ABOUT THE AUTHOR

...view details