অসম

assam

By ETV Bharat Assamese Team

Published : Nov 19, 2023, 10:20 AM IST

ETV Bharat / bharat

ভাৰতে লাভ কৰিব বিশ্বকাপৰ ট্ৰফী : মুখ্যমন্ত্ৰী সিদ্ধাৰমাইয়া

আজি বিশ্বকাপৰ ফাইনেল ৷ জিলা ষ্টেডিয়ামত লাইভ মেচৰ বাবে বিগ স্ক্ৰীণ স্থাপনৰ জাননী ৷ কৰ্ণাটক চৰকাৰে জাৰি কৰিলে বিজ্ঞপ্তি ৷ কৰ্ণাটক চৰকাৰৰ শুভেচ্ছা ভাৰতীয় ক্ৰিকেট দললৈ ৷

Big Screens for live match in District Stadiums Karnataka
ভাৰতে লাভ কৰিব বিশ্বকাপৰ ট্ৰফী

স্পৰ্টস ডেস্ক, 19 নৱেম্বৰ :সমগ্ৰ দেশজুৰি দেওবাৰে সৃষ্টি হৈছে ক্ৰিকেট উন্মাদনাৰ ৷ আজি ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ’ব 2023 বৰ্ষৰ এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ ফাইনেল খেলখন । কৰ্ণাটক যুৱ সবলীকৰণ আৰু ক্ৰীড়া বিভাগে ৰাজ্যৰ প্ৰতিখন জিলা ষ্টেডিয়ামতে চূড়ান্ত খেলখন চাবলৈ জনসাধাৰণৰ বাবে ডাঙৰ পৰ্দাৰ ব্যৱস্থা প্ৰদানৰ কৰিবৰ বাবে বিজ্ঞপ্তি জাৰি কৰিছে ।

ৰাইজে যাতে ক্ৰীড়াবিদসকলক ডাঙৰ পৰ্দাত প্ৰত্যক্ষ কৰিব পাৰে তাৰ বাবে সকলো জিলা ষ্টেডিয়ামত খেলখনৰ লাইভ টেলিকাষ্টৰ ব্যৱস্থা কৰিব লাগে বুলি নিৰ্দেশনা জাৰি কৰে কৰ্ণাটক চৰকাৰে । ইয়াৰ বাবে পৰ্যাপ্ত পৰিমাণে প্ৰচাৰ চলাব লাগে আৰু বৃহৎ সংখ্যক জনসাধাৰণে যাতে খেলখন চায় তাৰ বাবে ব্যৱস্থা গ্ৰহণৰ পোষকতা কৰে চৰকাৰে । লগতে উপযুক্ত নিৰাপত্তাৰ ব্যৱস্থা কৰিবলৈও জিলাবোৰলৈ নিৰ্দেশনা প্ৰদান কৰা হৈছে ৷

ভাৰতীয় ক্ৰিকেট দলটোলৈ কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰমাইয়াই শুভেচ্ছা জ্ঞাপন কৰে । মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "ছেমি ফাইনেলত নিউজিলেণ্ডৰ বিৰুদ্ধে জয়লাভ কৰি ভাৰতে ফাইনেলত প্ৰৱেশ কৰে । দলটোৰ জয়ৰ বাবে বিৰাট কোহলিয়ে খেলপথাৰত অধিক সময় খেলিব লাগিব । আন সকলোৰে দৰে ময়ো ভাৰতীয় দলৰ বিজয় উদযাপন কৰিবলৈ আগ্ৰহী । বলিং, বেটিং, ফিল্ডিং সকলো ক্ষেত্ৰতে ভাৰতীয় দলটো এক নিখুঁত দল । এইবাৰ ভাৰতলৈ বিশ্বকাপ অহাটো নিশ্চিত’’ ৷

কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰে ভাৰতীয় দলৰ খেলুৱৈসকলে ভাল প্ৰদৰ্শন আগবঢ়াইছে আৰু বিশ্বকাপ জয় কৰাতো নিশ্চিত বুলি প্ৰকাশ কৰে । ইয়াৰ পূৰ্বেও দলটোৱে বিশ্বকাপ জয় কৰি ইতিহাস ৰচনা কৰিছিল। এই ইতিহাস পুনৰাবৃত্তি হ’ব । ‘‘ৰাজ্য চৰকাৰৰ হৈ শুভকামনা জনাইছো" - ডিচিএমৰ মন্তব্য।

যুৱ সৱলীকৰণ আৰু ক্ৰীড়া মন্ত্ৰী বি নাগেন্দ্ৰই কয় যে ভাৰতীয় ক্ৰিকেটাৰসকলে ক্ৰিকেট বিশ্বকাপৰ ইতিহাসত আমাক গৌৰৱান্বিত অনুভৱ কৰিছে ।

লগতে পঢ়ক :কোনে আজুৰিব 2023 বৰ্ষৰ বিশ্ব চেম্পিয়নৰ খিতাপ ?

ABOUT THE AUTHOR

...view details