অসম

assam

ETV Bharat / bharat

ধন আত্মসাতৰ গোচৰত ভিভোৰ ৩ কাৰ্যবাহীক আদালতৰ জাননী - vivo money laundering

Money laundering case : দিল্লী উচ্চ ন্যায়ালয়ে স্মাৰ্টফোন কোম্পানী ভিভোৰ সৈতে সম্পৰ্কিত এক ধন আত্মসাতৰ গোচৰত ইডিয়ে দাখিল কৰা এখন আবেদনৰ শুনানি গ্ৰহণ কৰিছে । এই বিষয়ত কোম্পানীটোৰ তিনিজন বিষয়াক জাননী জাৰি কৰা হৈছে ।

ধন আত্মসাতৰ গোচৰত ভিভোৰ ৩ কাৰ্যবাহীক জাননী
ধন আত্মসাতৰ গোচৰত ভিভোৰ ৩ কাৰ্যবাহীক জাননী

By ETV Bharat Assamese Team

Published : Jan 3, 2024, 4:47 PM IST

নিউজ ডেস্ক, ৩ জানুৱাৰী : ভিভো ইণ্ডিয়াৰ অন্তৰ্ৱৰ্তীকালীন মুখ্য কাৰ্যবাহী বিষয়া হং ছুকুয়ান ওৰফে টেৰীকে ধৰি তিনিজন অভিযুক্তক দিল্লী উচ্চ ন্যায়ালয়ে জাননী জাৰি কৰিছে । চীনা স্মাৰ্টফোন কোম্পানী ভিভোৰ সৈতে সম্পৰ্কিত এক ধন আত্মসাতৰ গোচৰত গ্ৰেপ্তাৰ হোৱা এই তিনিজন অভিযুক্তক মুকলি কৰাৰ বাবে বিচাৰ আদালতৰ নিৰ্দেশৰ বিৰুদ্ধে ইডিয়ে দাখিল কৰা আবেদনৰ শুনানিৰ সময়ত তেওঁলোকক জাননী জাৰি কৰে । ন্যায়াধীশ স্বৰ্ণকান্ত শৰ্মাই নিৰ্দেশ দিয়ে যে তিনিওগৰাকী বিষয়াই আদালতৰ অনুমতি অবিহনে দেশ এৰিব নোৱাৰিব । গোচৰটোৰ পৰৱৰ্তী শুনানি ১১ জানুৱাৰীত হ'ব ।

আদালতে তিনিগৰাকী বিষয়াক প্ৰতি শুকুৰবাৰ আৰু সোমবাৰে ইডিৰ ওচৰত ৰিপোৰ্ট কৰিবলৈ নিৰ্দেশ দিয়ে । ইয়াৰ পূৰ্বে ২ জানুৱাৰীত ন্যায়াধীশ তুষাৰ ৰাও গাদেলাৰ অৱকাশকালীন বিচাৰপীঠে বিচাৰ আদালতৰ আদেশ স্থগিত ৰাখিবলৈ অস্বীকাৰ কৰে । আদালতে কয় যে তিনিওজন অভিযুক্তক নিৰ্দোষী সাব্যস্ত কৰা হৈছে । সেয়েহে তেওঁলোকৰ পক্ষৰ কথা নুশুনাকৈ আদেশ প্ৰদান কৰিব নোৱাৰি । আদালতে বিষয়টো নিয়মীয়া বিচাৰপীঠৰ সন্মুখত ৩ জানুৱাৰীত তালিকাভুক্ত কৰিবলৈ নিৰ্দেশ দিছিল ।

উল্লেখ্য যে পাটিয়ালা হাউছ আদালতে ২০২৩ চনৰ ৩০ ডিচেম্বৰত তিনিওগৰাকী অভিযুক্তক গ্ৰেপ্তাৰ অবৈধ বুলি মুকলি কৰাৰ নিৰ্দেশ দিছিল । তেওঁলোকক ২০২৩ চনৰ ২৩ ডিচেম্বৰত ইডিয়ে জিম্মাত লৈছিল । ইডিয়ে ভিভো ইণ্ডিয়াৰ অন্তৰ্ৱৰ্তীকালীন মুখ্য কাৰ্যবাহী বিষয়া হং ছুকুয়ান ওৰফে টেৰী, চিএফঅ' হৰিন্দৰ দাহিয়া আৰু পৰামৰ্শদাতা হেমন্ত মুঞ্জালক গ্ৰেপ্তাৰ কৰিছিল ।

প্ৰণিধানযোগ্য যে ২০২৩ চনৰ ২০ ডিচেম্বৰত আদালতে ইডিৰ দ্বাৰা দাখিল কৰা অভিযোগনামাৰ ওপৰত গুৰুত্ব আৰোপ কৰি অতিৰিক্ত সত্ৰ ন্যায়াধীশ কিৰণ গুপ্তাই এই গোচৰৰ চাৰিজন অভিযুক্তৰ বিৰুদ্ধে ৱাৰেণ্ট জাৰি কৰিছিল আৰু তেওঁলোকক ১৯ ফেব্ৰুৱাৰী, ২০২৪ তাৰিখে হাজিৰ হ'বলৈ নিৰ্দেশ দিছিল । আদালতে অভিযুক্ত হৰি ওম ৰায়, নীতিন গাৰ্গ, ৰাজেন মালিক আৰু গংগোৱেন কুয়াঙকো হাজিৰ হ'বলৈ নিৰ্দেশ দিছিল । চাৰিওজন অভিযুক্ত বৰ্তমান ন্যায়িক জিম্মাত আছে ।

ইয়াৰ পূৰ্বে ডিচেম্বৰৰ 7 তাৰিখে ইডিয়ে অভিযোগনামা দাখিল কৰিছিল । ইডিয়ে ভিভোৰ পৰিচালন সঞ্চালক হৰি ওম ৰায়কে ধৰি চাৰিজন লোকক অভিযোগনামাত অভিযুক্ত হিচাপে উল্লেখ কৰিছে । তেওঁলোকক 2023 চনৰ 10 অক্টোবৰত গ্ৰেপ্তাৰ কৰা হৈছিল । ৰায়ৰ উপৰি ইডিয়ে গ্ৰেপ্তাৰ কৰাসকলৰ ভিতৰত আছে চীনা নাগৰিক গংগোৱেন কুয়াং, চিএ নীতিন গাৰ্গ আৰু ৰাজেন মালিক । ইডিয়ে এই অভিযুক্তসকলক ধন আত্মসাত প্ৰতিৰোধ আইনৰ বিভিন্ন ধাৰাৰ অধীনত অভিযুক্ত কৰিছে ।

লগতে পঢ়ক :১১ মাৰ্চত উচ্চতম ন্যায়ালয়ত মহুৱাৰ লোকসভাৰ পৰা বহিষ্কাৰৰ শুনানি

ABOUT THE AUTHOR

...view details