নেশ্যনেল ডেস্ক,১৫ জুলাই :তিব্বতীয় ধৰ্মগুৰু দালাই লামাৰ আন এক গুৰুত্বপূৰ্ণ মন্তব্য । নিজৰ মাতৃভূমিক চীনৰ পৰা পৃথক কৰিব বিচৰা নাই; কিন্তু লোকসকলৰ অধিক স্বাধীনতা বিচাৰিছে ধৰ্মগুৰুগৰাকীয়ে (Dalai Lama demands autonomy of Tibetans)। জম্মুত উপস্থিত হৈ সংবাদমাধ্যমৰ সন্মুখত এই মন্তব্য কৰে দালাই লামাই । তেওঁ উল্লেখ কৰিছে যে চীনৰ মানুহে ক্ৰমান্বয়ে উপলব্ধি কৰিছে যে তেওঁ তিব্বতৰ স্বাধীনতা বিচৰা নাই; কিন্তু ইয়াৰ বৌদ্ধ সংস্কৃতিৰ স্বাধীনতা আৰু সংৰক্ষণ বিচাৰিছে ।
দালাই লামাই লগতে কয় যে মাত্ৰ কেইজনমান চীনা কট্টৰপন্থীয়ে তেওঁক বিচ্ছিন্নতাবাদী বুলি গণ্য কৰি আছে । হিমাচল প্ৰদেশৰ পাছত বৃহস্পতিবাৰে দালাই লামা জম্মুত উপস্থিত হৈছিল (Dalai Lama in Jammu)। শান্তিৰ নবেল বঁটা বিজয়ী দালাই লামা শুকুৰবাৰে জম্মুৰ পৰা লাডাখ অভিমূখে ৰাওনা হৈছে (Dalai Lama left Jammu for Ladakh)।
লাডাখত তেওঁ প্ৰায় এমাহৰ বাবে থাকিব । য'ত তেওঁ অনুগামীসকলক সাক্ষাৎ কৰাৰ লগতে বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব । এক দীঘলীয়া বিৰতিৰ অন্তত দালাই লামাই ২০২০ চনৰ জানুৱাৰীত বোধগয়া এৰা পাছত হিমাচল প্ৰদেশৰ মেকল'ডগঞ্জত থকা তেওঁৰ মুখ্য কাৰ্যালয়ৰ বাহিৰত প্ৰথম বাৰৰ বাবে ভ্ৰমণ কৰি আছে ।