অসম

assam

ETV Bharat / bharat

মুখ্যমন্ত্ৰীৰ পদ ত্যাগ নকৰে য়েদিয়ুৰাপ্পাই

পদত্যাগ সন্দৰ্ভত উৰাবাতৰি প্ৰচাৰ হৈছে ৷ ইয়াৰ কোনো সত্যতা নাই ৷ এই মন্তব্য কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বি এছ য়েদিয়ুৰাপ্পাৰ ।

Not quitting as CM
মুখ্যমন্ত্ৰীৰ পদ ত্যাগ নকৰে য়েদিয়ুৰাপ্পাই

By

Published : Jul 17, 2021, 7:55 PM IST

নেশ্যনেল ডেস্ক, ১৭ জুলাই :কৰ্ণাটকৰ মুখ্যমন্ত্ৰী পদক লৈ শেহতীয়াকৈ চৰ্চা অব্যাহত আছে । বি এছ য়েদিয়ুৰাপ্পাই (B. S. Yediyurappa) মুখ্যমন্ত্ৰী পদ ত্যাগ কৰিব বুলিও এক চৰ্চা চলিছে । ইফালে মুখ্যমন্ত্ৰী আৰু তেওঁৰ পৰিয়ালৰ ওপৰত বিভিন্ন ধৰণৰ কেলেংকাৰীৰ অভিযোগ উত্থাপন হৈছে ৷ যাৰ বাবে য়েদিয়ুৰাপ্পাই পদত্যাগ কৰাটো বিচাৰিছে বিজেপিৰ বহু নেতাই ।

আনহাতে জ্যেষ্ঠ বিজেপি নেতা ইশ্বৰাপ্পাৰ (Eshwarappa) সৈতেও তেওঁৰ মতবিৰোধ চলি আছে । য়েদিয়ুৰাপ্পাৰ বয়সৰ প্ৰতি আঙুলি তুলি বহুতে ২০২৩ চনৰ বিধানসভা নিৰ্বাচনত নতুন মুখৰ মুখ্যমন্ত্ৰী প্ৰক্ষেপৰ বাবে আহ্বান জনাইছে । ইয়াৰ মাজতে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী (Karnataka Chief minister) বি এছ য়েদিয়ুৰাপ্পাই শনিবাৰে নতুন দিল্লীত সাংবাদিকৰ আগত কয় যে পদত্যাগ সন্দৰ্ভত এক উৰাবাতৰি প্ৰচাৰ হৈছে আৰু ইয়াৰ কোনো সত্যতা নাই ।

য়েদিয়ুৰাপ্পাই কোনো কাৰণতে মুখ্যমন্ত্ৰীৰ পদ ত্যাগ নকৰে বুলি স্পষ্ট কৰি দিয়ে । উল্লেখ্য যে, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ (Prime minister Narendra Modi) সৈতে এক বৈঠকত মিলিত হয় । আনকি তেওঁ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু বিজেপিৰ সভাপতি জে পি নাড্ডাকো সাক্ষাৎ কৰে ।

প্ৰধানমন্ত্ৰীৰ সৈতে কি আলোচনা হৈছে, সেয়া এতিয়াও স্পষ্ট নহয় ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, তেওঁলোকে কাবেৰী নদীৰ ওপৰৰ মেকেদাটু প্ৰকল্পকে (Mekedato Project) ধৰি ৰাজ্যখনৰ উন্নয়নমূলক কাম-কাজৰ বিষয়ে আলোচনা কৰে । প্ৰকল্পটোক লৈ তামিলনাডুৰ সৈতে সংঘাত সৃষ্টি হোৱা সম্পৰ্কত উত্তৰ দি তেওঁ কয় যে প্ৰকল্পটোৰ উদ্দেশ্য হৈছে বেংগালুৰু চহৰৰ বাবে খোৱাপানীৰ যোগান ধৰা আৰু সংৰক্ষণ কৰা । তেওঁ কয় যে, দুয়োখন ৰাজ্যই ভাই-ভনীৰ দৰে থাকে আৰু তেওঁলোকৰ সম্পৰ্ক শক্তিশালী কৰাৰ ই এক উত্তম সুযোগ ।

মুখ্যমন্ত্ৰীগৰাকী আগষ্টৰ প্ৰথম সপ্তাহত পুনৰ দিল্লীলৈ আহিব আৰু ৰাজ্যখনৰ বিভিন্ন বিষয়ত আলোচনা কৰিব । কৰ্ণাটকৰ মুখ্যমন্ত্ৰীগৰাকীৰ দিল্লী ভ্ৰমণক লৈ বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বহুতৰ মতে, ৰাজ্যখনৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে বিজেপিৰ শীৰ্ষ নেতৃত্বৰ সৈতে আলোচনা কৰিবলৈ দিল্লীত উপস্থিত হৈছে ।

লগতে পঢ়ক :কোনেও ভাৰতৰ সাৰ্বভৌমত্বক প্ৰত্যাহ্বান জনাব নোৱাৰে: অমিত শ্বাহ

ABOUT THE AUTHOR

...view details