নেশ্যনেল ডেস্ক, 6 ছেপ্টেম্বৰ:ডি এম কে দলৰ নেতা উদয়ানিধি ষ্টেলিনে সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কয় যে তেওঁ হিন্দু ধৰ্ম বিৰোধী নহয় ৷ কিন্তু সনাতন প্ৰথাৰ দৰে জাতিগতবৈষম্যৰ বিৰোধী ৷ সনাতন অনুশীলনে কিদৰে বৈষম্যৰ সৃষ্টি কৰিছে বুলি তেওঁক সাংবাদিকে কৰা এক প্ৰশ্নৰ উত্তৰত তেওঁ দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৰ উদাহৰণ দিয়ে ৷ তেওঁ কয় যে দেশৰ ৰাষ্ট্ৰীপতিক সংসদ ভৱন মুকলিৰ বাবে আমন্ত্ৰণ জনোৱা হোৱা নাছিল ৷
‘‘মাননীয় ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুক সংসদ ভৱন মুকলি কৰাৰ বাবে আমন্ত্ৰণ জনোৱা হোৱা নাছিল, এয়া হৈছে বৰ্তমানৰ সৰ্বশ্ৰেষ্ঠ উদাহৰণ,’’ উদয়ানিধি ষ্টেলিনে কয় ৷ সনাতন ধৰ্মক লৈ কৰা মন্তব্যৰ বাবে তেওঁ ক্ষমা খুজিব নেকি বুলি কৰা প্ৰশ্নৰ উত্তৰত এই কথা প্ৰত্যাখান কৰে ৷
সনাতন ধৰ্মক কেৱল বিৰোধিতা কৰাই নহয়, ইয়াৰ ‘নিৰ্মূল’ কৰা উচিত বুলি ষ্টেলিনে কৰা মন্তব্যৰ পাছতেই এতিয়া তেওঁ ব্যাপক সমালোচনাৰ সন্মুখীন হৈছে ৷ বিভিন্ন ৰাজনৈতিক নেতাই কৰা আক্ৰমণৰ প্ৰত্যুত্তৰ দি তামিলনাডুৰ যুৱ কল্যাণ আৰু ক্ৰীড়া উন্নয়ন মন্ত্ৰী উদয়ানিধি ষ্টেলিনে সোমবাৰে কয় যে তেওঁ এই কথা পুনৰবাৰ দোহাৰিব ৷ কিয়নো তেওঁ কেৱল হিন্দু ধৰ্মৰ কথা কোৱা নাই, বৰঞ্চ সকলো ধৰ্ম কথা কৈছে ৷