অসম

assam

ETV Bharat / bharat

Protest against WFI chief : পদত্যাগ নকৰাৰ ঘোষণা ব্ৰীজ ভূষণ শৰণ সিঙৰ - Wrestlers protest against WFI chief

সংবাদ মাধ্যমৰ সন্মুখত নিজকে নিৰ্দোষী বুলি দাবী কৰিলে ভাৰতীয় মল্লযুঁজ ফেডাৰেশ্বনৰ সভাপতি ব্ৰীজ ভূষণ শৰণ সিঙে (WFI chief reacts over wrestlers protest)। মল্লযুঁজাৰুসকলৰ প্ৰতিবাদৰ আঁৰত উদ্যোগপতি আৰু কংগ্ৰেছ জড়িত থকাৰ অভিযোগ ।

Protest against WFI chief
পদত্যাগ নকৰাৰ ঘোষণা ব্ৰিজ ভূষণ শৰণ সিঙৰ

By

Published : Apr 29, 2023, 1:50 PM IST

নেশ্যনেল ডেস্ক,২৯ এপ্ৰিল :"পদত্যাগ পত্ৰ প্ৰদান কৰাটো কোনো ডাঙৰ কথা নহয় । কিন্তু মই বিশ্বাসী যে মই কোনো অপৰাধী নহয় ।" এই মন্তব্য ভাৰতীয় মল্লযুঁজ ফেডাৰেশ্বনৰ সভাপতি ব্ৰীজ ভূষণ শৰণ সিঙৰ । যৌন নিৰ্যাতনৰ অভিযোগত তেওঁৰ বিৰুদ্ধে দেশৰ একাংশ মল্লযুঁজাৰুৱে প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়তে ব্ৰীজ ভূষণ শৰণ সিঙে এই মন্তব্য কৰে (WFI chief reacts over wrestlers protest)।

তেওঁ যুক্তি প্ৰদান কৰি কয় যে তেওঁ যদি পদত্যাগ কৰে তেন্তে এটা ভুল বাৰ্তা যাব । তেওঁৰ বিৰুদ্ধে প্ৰতিবাদকাৰী মল্লযুঁজাৰুসকলে যি অভিযোগ উত্থাপন কৰিছে তাক গ্ৰহণ কৰা বুলি ভুল বাৰ্তা প্ৰেৰণ কৰা হ’ব বুলি তেওঁ যুক্তি দিয়ে ।

কাইছাৰগঞ্জৰ বিজেপি সাংসদ তথা ভাৰতীয় মল্লযুঁজ ফেডাৰেশ্বনৰ অধ্যক্ষ ব্ৰীজ ভূষণ শৰণ সিঙে লগতে কয় যে তেওঁৰ কাৰ্যকাল প্ৰায় শেষ হ'বলৈ হৈছে । চৰকাৰে ইতিমধ্যে তিনিজনীয়া সমিতি গঠন কৰিছে আৰু ৪৫ দিনৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত কৰাৰ নিৰ্দেশ দিছে । তাৰ পাচতে ডব্লিউএফআইৰ সভাপতি হিচাবে তেওঁৰ কাৰ্যকাল সমাপ্ত হ'ব ।

মল্লযুঁজাৰুসকলে তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয় যে প্ৰতিবাদকাৰী মল্লযুঁজাৰুসকলে প্ৰতিদিনে নতুন দাবী লৈ আহিছে । আনকি দিল্লী আৰক্ষীয়ে তেওঁলোকৰ এজাহাৰ পঞ্জীয়নৰ দাবী পূৰণ কৰাৰ পাচতো তেওঁলোকে প্ৰতিবাদ কৰি আছে । আনকি প্ৰতিবাদকাৰীসকলে এতিয়া কৈছে যে তেওঁক কাৰাগাৰলৈ প্ৰেৰণ কৰা উচিত আৰু সকলো পদৰ পৰা পদত্যাগ কৰা উচিত ।

তেওঁ উল্লেখ কৰা মতে তেওঁ এগৰাকী সাংসদ আৰু সমষ্টিৰ মানুহে তেওঁক ভোট দিছে । তেওঁ দাবী কৰা মতে বিনেশ ফোগাটৰ বাবে ৰাইজে তেওঁক ভোট দিয়া নাই । তেওঁ লগতে কয় যে কেৱল এটা মল্লযুঁজাৰু পৰিয়াল আৰু আখাৰাই তেওঁৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে । কিন্তু হাৰিয়ানাৰ বেছিভাগ লোকে তেওঁৰ সৈতে আছে বুলিও উল্লেখ কৰে ।

প্ৰতিবাদকাৰী মল্লযুঁজাৰুসকলৰ প্ৰসংগত সিঙে কয় যে তেওঁলোকে যোৱা ১২ বছৰত কোনো আৰক্ষী থানা, ক্ৰীড়া মন্ত্ৰালয় বা ফেডাৰেচনৰ ওচৰত অভিযোগ কৰা নাছিল । পূৰ্বে মল্লযুঁজাৰুসকলে তেওঁক প্ৰশংসা কৰিছিল, তেওঁলোকৰ বিয়ালৈ নিমন্ত্ৰণ কৰিছিল, তেওঁৰ সৈতে ফটো তুলিছিল আৰু তেওঁৰ আশীৰ্বাদ বিচাৰিছিল । কিন্তু সেইসকলে এতিয়া তেওঁৰ বিৰুদ্ধে প্ৰতিবাদত কৰিবলৈ ওলাই আহিছে বুলি তেওঁ উল্লেখ কৰে (Wrestlers protest against WFI chief)।

বিষয়টো এতিয়া উচ্চতম ন্যায়ালয় আৰু দিল্লী আৰক্ষীৰ হাতত আছে । সেয়ে তেওঁলোকৰ সিদ্ধান্ত সিঙে গ্ৰহণ কৰিব বুলিও উল্লেখ কৰে । ডব্লিউএফআইৰ মুৰব্বীয়ে দাবী কৰা মতে মল্লযুঁজাৰুৰ এই প্ৰতিবাদৰ আঁৰত কিছুমান উদ্যোগপতি আৰু কংগ্ৰেছ আছে (WFI chief slams Congress)।

সিঙে লগতে কয় যে তেওঁ এতিয়ালৈকে তেওঁৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰা এজাহাৰৰ প্ৰতিলিপি পোৱা নাই । সিঙে দাবী কৰা মতে তেওঁ নিৰ্দোষী আৰু তদন্তৰ সন্মুখীন হ'বলৈ আৰু অনুসন্ধানকাৰী সংস্থাৰ সৈতে সহযোগিতা কৰিবলৈ সাজু ।

লগতে পঢ়ক :Sexual harassment allegation: ব্ৰিজ ভূষণৰ বিৰুদ্ধে আৰক্ষীয়ে ৰুজু কৰিব গোচৰ

ABOUT THE AUTHOR

...view details