অসম

assam

By

Published : May 29, 2023, 10:48 PM IST

ETV Bharat / bharat

Vande Bharat Express train in Assam: পূৰ্বৰ চৰকাৰৰ দিনত উন্নয়নৰ পৰা বঞ্চিত আছিল উত্তৰ পূব; নৰেন্দ্ৰ মোদী

উত্তৰ-পূৱত প্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছ মুকলি (Vande Bharat Express train in Assam)। মুকলি কৰি পূৰ্বৰ চৰকাৰক সমালোচনা প্ৰধানমন্ত্ৰী মোডীৰ । বিজেপিৰ দিনত হোৱা বিভিন্ন উন্নয়নৰ কথাও ক'লে প্ৰধানমন্ত্ৰীয়ে ।

Vande Bharat Express train in Assam
পূৰ্বৰ চৰকাৰৰ দিনত উন্নয়নৰ পৰা বঞ্চিত আছিল উত্তৰ-পূৱ

নেশ্যনেল ডেস্ক, ২৯ মে':অসমত মুকলি উত্তৰ-পূবৰ প্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছ (Vande Bharat Express train in Assam)। ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে অসমত উত্তৰ-পূবৰ প্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছ ৰে'লৰ উদ্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । উদ্বোধনৰ সময়তে প্ৰধানমন্ত্ৰীয়ে পূৰ্বৰ চৰকাৰক সমালোচনা কৰি কয় যে, উত্তৰ-পূব দীৰ্ঘদিন ধৰি উন্নয়নৰ পৰা বঞ্চিত হৈ আছিল (PM Modi inaugurates Vande Bharat Express)।

২০১৪ চনৰ পূৰ্বে ৰে'ল বাজেটৰ কথা উল্লেখ কৰি তেওঁ কয় যে, উত্তৰ-পূৰ্বাঞ্চলৰ বাবে আৱণ্টন কৰা বাজেট এতিয়া ১০,০০০ কোটি টকা যি পূৰ্বৰ তুলনাত ৪ গুণ বৃদ্ধি কৰা হৈছে । উত্তৰ-পূবৰ সকলো অংশ শীঘ্ৰেই ব্ৰড-গজ নেটৱৰ্কৰ জৰিয়তে সংযোগ কৰা হ'ব । ইয়াৰ বাবে ১ লাখ কোটি টকা ব্যয় কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয় যে, যোৱা ৯ বছৰ ভাৰতৰ বাবে অভূতপূৰ্ব সাফল্যৰ কাম হৈ আহিছে আৰু চৰকাৰে দৰিদ্ৰ লোকসকলৰ কল্যাণক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিছে । আন্তঃগাঁথনি সকলোৰে বাবে, সমানে, বৈষম্য হীন বুলি তেওঁ উল্লেখ কৰে (PM Modi on NE development)।

তেওঁ কয় যে, বন্দে ভাৰত এক্সপ্ৰেছে কামাখ্যা মন্দিৰ, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, অসমৰ মানস ব্যাঘ্ৰ সংৰক্ষিত অঞ্চল, মেঘালয়ৰ শ্বিলং আৰু চেৰাপুঞ্জী, অৰুণাচল প্ৰদেশৰ টাৱাঙৰ দৰে গুৰুত্বপূৰ্ণ গন্তব্যস্থানসমূহক সংযোগ কৰি ব্যৱসায় আৰু পৰ্যটন বৃদ্ধি কৰিব । তেওঁ উল্লেখ কৰা মতে উত্তৰ-পূৰ্বাঞ্চলৰ যোগাযোগ সম্পৰ্কীয় তিনিটা কাম চলি আছে । উত্তৰ-পূৰ্বাঞ্চলে প্ৰথম মেড ইন ইণ্ডিয়া বন্দে ভাৰত লাভ কৰিছে । পশ্চিম বংগক সংযোগ কৰা এয়া তৃতীয় বন্দে ভাৰত আৰু অসম আৰু মেঘালয়ত প্ৰায় ৪২৫ কিলোমিটাৰ পথত বৈদ্যুতিকৰণৰ কাম সম্পূৰ্ণ হৈছে ।

প্ৰধানমন্ত্ৰীৰ মতে ভাৰতৰ আন্তঃগাঁথনি উন্নয়নক আজি বিশ্বই প্ৰশংসা কৰিছে । এই আন্তঃগাঁথনিৰ ফলত জীৱনযাত্ৰা সহজ হৈ পৰিছে, নিযুক্তি সৃষ্টি হৈছে আৰু উন্নয়ন আৰু বিকাশ সম্ভৱ হৈছে । ইফালে প্ৰধানমন্ত্ৰীয়ে নিউ বঙাইগাঁৱৰ পৰা দুধনৈ হৈ মেন্দিপাথাৰ আৰু গুৱাহাটীৰ পৰা চাপাৰমুখলৈ নতুনকৈ বৈদ্যুতিকৰণ কৰা শাখাসমূহো দেশবাসীক উৎসৰ্গা কৰে । তেওঁ লগতে লামডিঙত এখন নতুন ডিইএমইউ/মেমু (ৰেলৰ বাবে কৰ্মশালা) শ্বেড উদ্বোধন কৰে ।

লগতে পঢ়ক :Vande Bharat Express : গুৱাহাটীৰ পৰা নিউ জলপাইগুৰি মাজত আৰম্ভ হ’ল বন্দে ভাৰত এক্সপ্ৰেছ ৰে’লসেৱা

ABOUT THE AUTHOR

...view details