গোষ্ঠী সংঘৰ্ষত বিধ্বস্ত মণিপুৰলৈ সহায়ৰ হাত তেজপুৰ, 22 আগষ্ট:কনছাম হিমালয়ৰ লগতে উত্তৰ আমেৰিকা মণিপুৰী এছ’চিয়েশ্যনৰ প্ৰেমজীত সৌৰকপাম আৰু শ্ৰীমতী হৰিনা সৌৰকপামে মংগলবাৰে ৰাজভৱনত মণিপুৰৰ ৰাজ্যপাল অনুসূইয়া উইকেক সাক্ষাৎ কৰে । উত্তৰ আমেৰিকা মণিপুৰী এছ’চিয়েশ্যনৰ প্ৰতিনিধিয়ে 6 লাখ টকাৰ চেক প্ৰদান কৰে ৰাজ্যপালগৰাকীৰ হাতত । জনগোষ্ঠীয় সংঘৰ্ষত ক্ষতিগ্ৰস্ত লোকসকলক সাহায্য সামগ্ৰী প্ৰদানৰ বাবে ৰাজ্যপালক 6 লাখ টকা প্ৰদান কৰাৰ লগতে এখন স্মাৰক পত্ৰও দাখিল কৰে ।
গোষ্ঠী সংঘৰ্ষত জৰ্জৰিত ৰাজ্যখনলৈ বৰঙণি আগবঢ়োৱাৰ বাবে ৰাজ্যপালগৰাকীয়ে দলটোক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে । এনে প্ৰচেষ্টাক প্ৰশংসা কৰাৰ লগতে মণিপুৰৰ সকলো জনসাধাৰণক স্থানচ্যুত পৰিয়ালসমূহৰ বাবে সৰ্বাধিক সাহায্য প্ৰদান কৰিবলৈও আহ্বান জনায় । আভ্যন্তৰীণভাৱে স্থানচ্যুত লোকসকলক সহায় আগবঢ়োৱাৰ বাবে ৰাজ্যপালৰ সচিবালয়ে পৃথক সাহায্য বেংক একাউণ্ট মুকলি কৰা বুলিও তেওঁ জনায় আৰু উক্ত একাউণ্টটোত সকলোকে দান দিবলৈ আহ্বান জনায় । বেংক একাউণ্ট নম্বৰ হৈছে 42104850437 আৰু IFSC Code: SBIN 0000092 ।
গোষ্ঠী সংঘৰ্ষত বিধ্বস্ত মণিপুৰলৈ সহায়ৰ হাত ৰাজ্যপালগৰাকীয়ে লগতে কয়, "সমাজৰ সকলো শ্ৰেণীৰ ঐক্যৱদ্ধ প্ৰচেষ্টাৰ জৰিয়তেহে মণিপুৰত শান্তি আৰু স্বাভাৱিকতা পুনৰ ঘূৰাই আনিব পৰা যাব । হিংসাৰ পৰিঘটনা যথেষ্ট হ্ৰাস পাইছে, সম্পূৰ্ণ শান্তি প্ৰতিষ্ঠা হ’ব যেতিয়া সকলো ক্ষতিগ্ৰস্ত লোক নিজ নিজ ঘৰলৈ উভতিব ৷" ৰাজ্যপালে পুনৰ কয় যে, সোমবাৰৰ সন্ধিয়া ৰাজভৱনত মণিপুৰৰ ৰাজ্যপাল অনুসূইয়া উইকেক সাক্ষাৎ কৰি দলটোৱে পাহাৰীয়া জিলাৰ বিভিন্ন সাহায্য শিবিৰত থকা আভ্যন্তৰীণভাৱে স্থানচ্যুত লোকসকলৰ বৰ্তমানৰ পৰিস্থিতিৰ বিষয়ে অৱগত কৰে । দলটোৱে ৰাজ্যপালক অৱগত কৰে যে, দলটোৱে কাংপকপি আৰু চাইকুল অঞ্চলৰ বিভিন্ন সাহায্য শিবিৰ পৰিদৰ্শন কৰি ভূমি পৰিস্থিতিৰ বুজ লয় আৰু খোৱাপানীৰ সমস্যাৰ সন্মুখীন হয় ।
তেওঁলোকে স্থাস্থ্যকৰ কীট আৰু অত্যাৱশ্যকীয় সামগ্ৰী গতোৱাৰ কথা জনাইছে । আইডিপিৰ বাবে চিকিৎসা সুবিধা আৰু আইডিপিৰ বাবে সাহায্য সামগ্ৰী পৰিবহণৰ বাবে যান-বাহনৰ প্ৰয়োজন হোৱা আইডিপিৰ বাবে সুসজ্জিত এম্বুলেন্সৰ ব্যৱস্থা কৰাৰ বাবে ৰাজ্যপালক অনুৰোধ জনায় । এই প্ৰচেষ্টাক ৰাজ্যপালে প্ৰশংসা কৰে ।
লগতে পঢ়ক:Lalu prasad slams Modi: স্বাধীনতা দিৱসৰ ভাষণত নিজৰ হতাশা প্ৰকাশ প্ৰধানমন্ত্ৰী মোদীৰ; লালু প্ৰসাদ