অসম

assam

ETV Bharat / bharat

ধৰ্মঘটৰ বাবে কেৰালাৰ স্বাভাৱিক জনজীৱন ব্যাহত

ধৰ্মঘটৰ বাবে কেৰালাৰ স্বাভাৱিক জনজীৱন ব্যাহত ৷ ৰাজ্যিকভাৱে চলাচল কৰা KSRTC বাছবোৰ বন্ধ হৈ আছে ৷ পুৱা ৬ বজাৰ পৰা আন্দোলন আৰম্ভ হোৱাৰ পিছতে ৰাজ্যজুৰি টেক্সী, অট’ৰিক্সা আৰু ব্যক্তিগত বাছসমূহ চলাচলৰ পৰা বিৰত আছে ৷

মটৰ ষ্ট্ৰাইকৰ বাবে কেৰালাৰ স্বাভাৱিক জনজীৱন ব্যাহত
মটৰ ষ্ট্ৰাইকৰ বাবে কেৰালাৰ স্বাভাৱিক জনজীৱন ব্যাহত

By

Published : Mar 2, 2021, 2:20 PM IST

Updated : Mar 3, 2021, 2:50 PM IST

নিউজ ডেস্ক,2 মাৰ্চ:মঙলবাৰে কেৰালাত ধৰ্মঘটৰ বাবে স্বাভাৱিক জীৱনযাত্ৰা ব্যাহত হৈ পৰে ৷ কিয়নো ৰাজ্যখনত ইন্ধনৰ বৰ্দ্ধিত মূল্যৰ বিৰুদ্ধে বিভিন্ন বাণিজ্য সংঘৰ যুটীয়া সমিতিয়ে পুৱাৰ পৰা সন্ধিয়ালৈ বাহনৰ ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰিছে ৷

এই সময়ত ৰাজ্যিকভাৱে চলাচল কৰা KSRTC বাছবোৰ বন্ধ হৈ আছে ৷ পুৱা ৬ বজাৰ পৰা আন্দোলন আৰম্ভ হোৱাৰ পিছতে ৰাজ্যজুৰি টেক্সী, অট’ৰিক্সা আৰু ব্যক্তিগত বাছসমূহ চলাচলৰ পৰা বিৰত আছে ৷

উল্লেখ্য যে, এই প্ৰতিবাদ বা আন্দোলনৰ সৈতে ট্ৰাক আৰু অন্যান্য বাণিজ্যিক বাহনসমূহো চামিল হৈছে ৷ তেওঁলোকক আন্দোলনত চামিল হ’বলৈ ট্ৰেড ইউনিয়ন আৰু ছাত্ৰ সংগঠনসমূহে আমন্ত্ৰণ জনাইছিল ৷ ইপিনে প্ৰতিবাদকাৰীসকলে ব্যক্তিগত বাহন সমূহ যদিও পথৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছিল কিন্তু এই কথা স্পষ্ট কৰি দিছে যে, তেনে ব্যক্তিগত বাহনসমূহ অৱৰোধ নকৰে ৷ এই প্ৰতিবাদৰ প্ৰতি ভাৰতীয় মজদুৰ সংঘ, INTUC আৰু CITU যে সমৰ্থন আগবঢ়াইছে ৷

লগতে পঢ়কঃ শােণিতপুৰৰ ভৃগুজ্যোতি শইকীয়াই দখল কৰিলে মিঃ অসম খিতাপ

Last Updated : Mar 3, 2021, 2:50 PM IST

ABOUT THE AUTHOR

...view details