নেশ্যনেল ডেস্ক,১৭ জুলাই :শেহতীয়াকৈ বিহাৰত বিদ্ৰোহী সংগঠন পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়াৰ (PFI) কেইবাজনো সদস্য গ্ৰেপ্তাৰ হৈছিল (PFI member arrested in Bihar)। দেশ বিৰোধী কাৰ্যকলাপত জড়িত থকাৰ অভিযোগত ইতিমধ্যে কেইবাজনকো জেললৈ প্ৰেৰণ কৰা হৈছে । অৱশ্যে সেই ঘটনাৰ তদন্ত প্ৰক্ৰিয়া অব্যাহত আছে । দেশৰ ভিন্ন প্ৰান্তত পিএফআইৰ সদস্যই আত্মগোপন কৰি থকাৰ বিভিন্ন তথ্য লাভ কৰিছিল আৰক্ষীয়ে ।
ইয়াৰ মাজতে বিহাৰ আৰক্ষীৰ গোপন খবৰৰ ভিত্তিত উত্তৰ প্ৰদেশ আৰক্ষীৰ এটিএছে পুনৰ এজন লোকক গ্ৰেপ্তাৰ কৰে । এটিএছে লক্ষ্ণৌৰ পৰা বিহাৰৰ দৰভাঙ্গাৰ বাসিন্দা নুৰুদ্দিন ওৰফে জাংগীক গ্ৰেপ্তাৰ কৰি পাটনা আৰক্ষীক গতাই দিয়ে (UP ATS arrested Nooruddin alias Jangi)। উক্ত পিএফআই গোচৰতে বিহাৰ আৰক্ষীয়ে অধিবক্তা নুৰুদ্দিনক গ্ৰেপ্তাৰ কৰে ।
বিহাৰ আৰক্ষীৰ শীৰ্ষ বিষয়া মনীষ কুমাৰে জনোৱা মতে অধিবক্তা নুৰুদ্দিনে ফুলবাৰী শ্বৰীফ গোচৰত পিএফআই সদস্যসকলক আদালতত প্ৰতিনিধিত্ব কৰিছিল । পাছত পাটনাৰ পৰা পলাই গৈ লক্ষ্ণৌত লুকাই আছিল নুৰুদ্দিনে । আৰক্ষীয়ে জনোৱা মতে ফুলৱাৰী শ্বৰীফ গোচৰত (Phulwari Sharif case) এতিয়ালৈকে আঠজনক গ্ৰেপ্তাৰ কৰা হৈছে ।
ফুলৱাৰী শ্বৰীফ গোচৰত মুঠ ২৬ জন লোকক অভিযুক্ত হিচাপে উল্লেখ কৰা হৈছে । প্ৰথমে আৰক্ষীয়ে ঝাৰখণ্ডৰ অৱসৰপ্ৰাপ্ত পৰিদৰ্শক জালালুদ্দিন, চিমিৰ সক্ৰিয় সদস্য আথাৰ পাৰভেজ আৰু অৰমান মালিকক বুধবাৰে গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল ।