অসম

assam

ETV Bharat / bharat

Bomb threat in airport : ত্ৰিপুৰাৰ এমবিবি বিমানবন্দৰত বোমাতংক - CISF control room)

সোমবাৰে পুৱাই ত্ৰিপুৰাৰ এমবিবি বিমানবন্দৰ(MBB airport)ত সৃষ্টি হয় বোমাৰ আতংক ৷ সাজু কৰা হ’ল বিশেষ বাহিনী, ডগ স্কোৱাড.. তাৰ পিছত কি হ’ল জানো আহক ৷

non-specific-bomb-threat-at-mbb-airport-in-agartala-creats-panic
Bomb threat in airport : ত্ৰিপুৰাৰ এমবিবি বিমানবন্দৰত বোমাৰ আতংক

By

Published : Nov 22, 2021, 8:58 PM IST

আগৰতলা, ২২ নৱেম্বৰ : সোমবাৰে ত্ৰিপুৰাৰ এমবিবি বিমানবন্দৰ(MBB airport)ত বোমাৰ আতংকই উপস্থিত লোকসকলৰ মাজত এক আতংকৰ পৰিৱেশৰ সৃষ্টি কৰে । বাতৰি অনুসৰি, সোমবাৰে পুৱা প্ৰায় ৯ বজাত চিআই এছ এফ নিয়ন্ত্ৰণ কক্ষ(CISF control room) য়ে এটা বাৰ্তা পাইছিল যে Arrival ৰ সন্মুখত পাৰ্কিং এলেকাত এটা অনাৱশ্যকীয় হেণ্ড বেগ আছে ।

অঞ্চলটো তৎক্ষণাৎ ঘেৰাও কৰি খালী কৰা হয় । লগে বিডিডিএছ দল সহ Dog squad সাজু কৰা হয় । অৱশ্যে, চিআইএছএফৰ ডগ স্কোৱাডৰ স্নিফাৰ ডগে(sniffer dog ) বিস্ফোৰক থকা বুলি উমান দিয়াত ব্যৰ্থ হয় ৷ কিন্তু ইয়াৰ বিপৰীতে ইভিডি (Explosive Vapour Detector) যন্ত্ৰই বিমান বন্দৰটোত বিস্ফোৰকৰ উপস্থিতি দেখুৱাই ।

পিছলৈ বিমান বন্দৰটোৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰি গম পোৱা গৈছিল যে, অচিনাক্ত হেণ্ড বেগটো আগৰতলালৈ যোৱা এজন যাত্ৰীয়ে এৰি থৈ গৈছিল ৷ যাত্ৰী গৰাকীয়ে ইণ্ডিগো ফ্লাইট 6E-989 ৰ দ্বাৰা আগৰতলা বিমানবন্দৰত অৱতৰণ কৰিছিল । পিছলৈ, বেগটোত কোনোধৰণৰ বিস্ফোৰক সামগ্ৰী নোহোৱা বুলি প্ৰমাণ হয় আৰু পৰিস্থিতি স্বাভাৱিক ৰূপলৈ ঘূৰি আহে ৷

লগতে পঢ়ক :ফান্দত পৰিল মাছৰ গাড়ীৰ পৰা ধন দাবী কৰা জিলা আছুৰ শিক্ষা সম্পাদক সহ এজন

ABOUT THE AUTHOR

...view details