অসম

assam

ETV Bharat / bharat

Chalo loku festival : অৰুণাচলৰ নক্তে জনগোষ্ঠীৰ চল' লকুৰ বিষয়ে জানে নে ? - Chalo loku festival of Nocte tribe

বহু জাতি-জনগোষ্ঠীৰে ভৰপূৰ অৰুণাচল প্ৰদেশৰ প্ৰতিটো জাতিৰে আছে নিজস্ব সংস্কৃতি ৷ ইয়াৰে মাজৰ নক্তে জনগোষ্ঠীৰ সৰ্ববৃহৎ কৃষিভিত্তিক উৎসৱ চল' লকুৰ(Chalo loku festival of Nocte tribe) কিছু কথাৰে পঢ়ো আহক আমাৰ এই বিশেষ প্ৰতিবেদন ৷

nakte-tribe-in-arunachal-celebrates-their-annual-chalo-loku-festival
Chalo loku festival: অৰুণাচলৰ বাৰে ৰহনীয়া সংস্কৃতিৰ চানেকি বহন কৰা চল' লকু

By

Published : Nov 26, 2021, 10:17 PM IST

মৰাণ, 26 নৱেম্বৰ : বহু জাতি-জনগোষ্ঠীৰে ভৰপূৰ অৰুণাচল প্ৰদেশ ৷ ৰাজ্যখনৰ প্ৰতিটো জাতিৰে আছে নিজস্ব সংস্কৃতি ৷ ইয়াৰ মাজতে মূলত টিৰাপ জিলাত বসবাস কৰা ইয়াৰে এটা অন্যতম জনগোষ্ঠী হৈছে নক্তে জনগোষ্ঠী (Nocte tribe of Arunachal) । প্ৰতি বছৰে নৱেম্বৰ মাহত এই জনগোষ্ঠীটোৱে পালন কৰে তেওঁলোকৰ সৰ্ববৃহৎ কৃষিভিত্তিক উৎসৱ চল' লকু (Chalo loku festival of Arunachal Pradesh) । খুনচাৰ নেহেৰু ষ্টেডিয়ামত কেন্দ্ৰীয় ভাৱে পালন কৰা হয় এই উৎসৱ ৷

আনবাৰৰ দৰে এইবেলিও একেদৰেই উদযাপন কৰা হ’ল হেঁপাহৰ চল' লকু । ভিন্ন গাঁৱৰ পৰা আমন্ত্ৰণ কৰি অনা সাংস্কৃতিক দলসমূহৰ বাৰে ৰহনীয়া সাংস্কৃতিক কাৰ্যসূচীৰে এইবেলিও চল' লকু উদযাপন কৰা হ’ল ৷ অনুষ্ঠানত উপস্থিত থাকি অৰুণাচল প্ৰদেশৰ বনমন্ত্ৰী মামা নাটুঙে জনগোষ্ঠীটোৰ কৃষ্টি সংস্কৃতি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ কথাও দোহাৰে(Arunachal minister Mama Natung) ৷

Chalo loku festival: অৰুণাচলৰ বাৰে ৰহনীয়া সংস্কৃতিৰ চানেকি বহন কৰা চল' লকু

উল্লেখযোগ্য যে, এই অনুষ্ঠানৰ মাজতে জনগোষ্ঠীটোৰ বহুজনে পৰম্পৰাগত স্বীকাৰ প্ৰথা বাদ দি আনুষ্ঠানিকভাৱে অৰ্পণ কৰে নিজৰ নিজৰ চিকাৰৰ অস্ত্ৰ সমূহ (Poachers of Nocte tribe in Arunachal surrenders )৷

নক্তে জনগোষ্ঠীৰ সৰ্ববৃহৎ কৃষি ভিত্তিক উৎসৱ চল' লকুৰ দিনাই জনগোষ্ঠীটোৰ মুঠ ৫৫ গৰাকী লোকে অৰুণাচল প্ৰদেশৰ বন তথা পৰিবেশ সংৰক্ষণ, ক্ৰীড়া আৰু যুৱ কল্যাণ আৰু জলসম্পদ মন্ত্ৰী মামা নাটুং আৰু পাংগিন বিধানসভা সমষ্টিৰ বিধায়ক অজিং তাছিঙৰ উপস্থিতিত প্ৰকৃতিপ্ৰেমী উক্ত লোকসকলে ভৱিষ্যত দিনত চিকাৰ কৰাৰ পৰম্পৰা বাদ দিয়াৰ সংকল্প লৈ বনমন্ত্ৰী গৰাকীৰ হাতত আনুষ্ঠানিক ভাৱে অৰ্পণ কৰে নিজৰ নিজৰ চিকাৰ কৰা অস্ত্ৰ শস্ত্ৰ সমূহ ৷ প্ৰকৃতিপ্ৰেমৰ প্ৰতি জনগোষ্ঠীটোৰ লোকসকলে দেখুওৱা এনে অকৃত্ৰিম ভালপোৱাক লৈ স্বাভাৱিকতেই আহ্লাদিত হৈ পৰে বনমন্ত্ৰী গৰাকী ৷

লগতে পঢ়ক :Jayanta Malla Barua on Caa : অসমত বন্ধ হ’ল চান্দাৰ দোকান

ABOUT THE AUTHOR

...view details