অসম

assam

ETV Bharat / bharat

নাছাই উৎক্ষেপণ কৰিলে নতুন উপগ্ৰহ

বতৰৰ পূৰ্বানুমান অধিক ক্ষীপ্ৰতাৰে তথা পুংখানুপংখভাৱে কৰাৰ বাবে নাছাই উৎক্ষেপণ কৰিছে নতুন উপগ্ৰহ ৷ ৰাষ্ট্ৰীয় মহাসাগৰীয় আৰু বায়ুমণ্ডলীয় প্ৰশাসনৰ (National Oceanic and Atmospheric Administration) আৰু নাছাৰ যুটীয়া প্ৰচেষ্টাত এই উপগ্ৰহ উৎক্ষেপণ কৰা হৈছে ৷

By

Published : Mar 6, 2022, 6:16 PM IST

NOAA's newest earth observing satellite launched by NASA
নাছাই উৎক্ষেপণ কৰিলে নতুন উপগ্ৰহ

নিউজ ডেস্ক, 6 মাৰ্চ : নাছাই উৎক্ষেপণ কৰিলে নতুন এক উপগ্ৰহ (New satellite launched by NASA) ৷ ৰাষ্ট্ৰীয় মহাসাগৰীয় আৰু বায়ুমণ্ডলীয় প্ৰশাসনৰ (National Oceanic and Atmospheric Administration) বাবে এই নেক্সষ্ট জেনেৰেশ্যন ৱেডাৰ চেটেলাইট উৎক্ষেপণ কৰিছে নাছাই ৷ GOES-T চেটেলাইটটো ৰাষ্ট্ৰীয় মহাসাগৰীয় আৰু বায়ুমণ্ডলীয় প্ৰশাসনৰ কেপ কেনভাৰেল স্পেচ ফ’ৰ্চ ষ্টেশ্যনৰ পৰা ইউনাইটেড লন্স এলায়েঞ্চ এটলাচ V ৰকেটৰ দ্বাৰা উৎক্ষেপণ কৰা হৈছে ৷

এইটো নিশ্চিত যে মহাকাশযানখনৰ সৌৰ প্লেট সমূহ সফলভাৱে নিয়োজিত কৰা হৈছে আৰু মহাকাশযানখন ইয়াৰ নিজা শক্তিৰ দ্বাৰা পৰিচালিত হয় ৷ নাছাৰ উপ সঞ্চালক পাম মেলৰয়ে কয় যে, NOAA ক সহযোগিতা আগবঢ়াবলৈ পাই নাছাই গৌৰৱবোধ কৰিছে (NASA proud to support NOAA)৷ এই অভিযানৰ ফলত অতি বেয়া বতৰতো জটিল তথ্য আৰু উপগ্ৰহচিত্ৰ সমূহ বতৰৰ ভৱিষ্যৎবক্তা বা গৱেষকসকলে লাভ কৰিব ৷

GOES-R শ্ৰেণীৰ উপগ্ৰহৰ মূল কাম হৈছে বতৰৰ পূৰ্বানুমান কৰাত সহায় কৰা ৷ এই উপগ্ৰহ সমূহে এনে কিছুমান নীৰিক্ষণ কৰে যি নাছাক সহায় কৰে ৷ সংস্থাসমূহৰ সহযোগিতাই পৃথিৱীৰ অধ্যয়ন বা গ্ৰহটো বুজি পোৱাৰ ক্ষেত্ৰত ডাঙৰ লাভালাভ প্ৰধাদ কৰিছে বুলিও তেওঁ উল্লেখ কৰে ৷

এই উপগ্ৰহই পশ্চিম গোলাৰ্ধত নিৰবিচ্ছিন্নভাৱে বতৰ আৰু প্ৰতিকূল পৰিবেশৰ তথ্য প্ৰেৰণ কৰিব ৷ GOES ৰ কাৰ্যপ্ৰণালীয়ে মহাকাশত পৃথিৱীৰ সমীপৰ বতৰৰ পূৰ্বানুমান কৰে ৷ এই কাৰ্যই অৱশ্যে চেটেলাইট ইলেক্ট্ৰনিকচ, জিপিএছ আৰু ৰেডিঅ’ যোগাযোগত ব্যাঘাত জন্মাব পাৰে ৷ থমাছ ঝাৰবুচেনে কয় যে, NOAA ৰ সৈতে এই সফল অভিযান কৰিবলৈ পাই নাছাই গৌৰৱবোধ কৰিছে ৷ মহাকাশযান তৈয়াৰ আৰু উৎক্ষেপনৰ লগতে নাছাই বৈজ্ঞানীকৰ দলক GOES-T য়ে প্ৰেৰণ কৰা মূল্যবান তথ্য বিশ্লেষণ কৰাৰ বাবেও সহযোগিতা আগবঢ়ায় ৷

পৃথিৱীৰ পৰা 22,300 মাইল দূৰত্বৰ কক্ষপথত এবাৰ GOES-T উপগ্ৰহে অৱস্থান কৰাৰ পাচত ইয়াক GOES-18 নামেৰে পুনঃনামকৰণ কৰা হ’ব ৷ কক্ষপথত ইয়াৰ সা-সজুঁলি আৰু প্ৰক্ৰিয়াৰ এক সফল সম্পৰীক্ষণ কৰাৰ পাচত GOES-18য়ে সংযুক্ত ৰাষ্ট্ৰ আৰু প্ৰশান্ত মহাসাগৰৰ ওপৰেৰে কাৰ্যক্ষম হৈ পৰিব ৷ এই অৱস্থানে উপগ্ৰহটোক এটা মুখ্য স্থানত ৰাখিছে য’ৰ পৰা ই আমেৰিকা যুক্তৰাষ্ট্ৰৰ ওপৰেৰে পশ্চিমৰ পৰা পূৱলৈ বতৰ প্ৰবাহিত হোৱা লক্ষ্য কৰিব পাৰে ৷ লগতে বতৰৰ পূৰ্বানুমানকাৰী সকলক উপযুক্ত তথ্য যোগান ধৰিব পাৰে ৷

GOES উপগ্ৰহই সকলোকে সহায় কৰিব ৷ ইয়াত উন্নত প্ৰযুক্তি সংযুক্ত কৰা হৈছে যাৰদ্বাৰা পূৰ্বানুমানকাৰী সকলে ঘূৰ্ণীবতাহ, বজ্ৰপাত, বান, বনজুই আদি ভয়ংকৰ প্ৰাকৃতিক বিপদৰ সম্পৰ্কে অধিক পুংখানুপুংখ পূৰ্বানুমান কৰিব পাৰিব ৷

লগতে পঢ়ক :Brahmos Super Sonic Missile : নতুন ব্ৰহ্মোচ ছুপাৰ ছ’নিক ক্ষেপণাস্ত্ৰৰ সফল সম্পৰীক্ষণ সম্পূৰ্ণ

ABOUT THE AUTHOR

...view details