অসম

assam

ETV Bharat / bharat

৩০ লাখ ভাইল অবিহনে মহাৰাষ্ট্ৰত তৃতীয় পৰ্যায়ৰ টীকাকৰণ প্ৰক্ৰিয়া আৰম্ভ নহয়

২৫ ৰ পৰা ৩০ লাখ প্ৰতিষেধক ভাইল লাভ নকৰালৈকে মহাৰাষ্ট্ৰত তৃতীয় পৰ্যায়ৰ টীকাকৰণ প্ৰক্ৰিয়া আৰম্ভ নহয় বুলি মন্তব্য কৰে ৰাজ্যখনৰ স্বাস্থ্যমন্ত্ৰী ৰাজেশ টোপে ।

By

Published : Apr 30, 2021, 3:11 PM IST

vaccine
প্ৰতিষেধক

নেশ্যনেল ডেস্ক, ৩০ এপ্ৰিল: ১ মে'ৰ পৰা দেশজুৰি ১৮-৪৫ বছৰলৈকে তৃতীয় পৰ্যায়ৰ টীকাকৰণ অভিযান আৰম্ভ হ'ব । কিন্তু শুকুৰবাৰে মহাৰাষ্ট্ৰৰ স্বাস্থ্যমন্ত্ৰী ৰাজেশ টোপে ৰাজ্যখনত টীকাকৰণ প্ৰক্ৰিয়া আৰম্ভ নহয় বুলি কয় । কিয়নো ৰাজ্যখনত পৰ্যাপ্ত পৰিমাণৰ প্ৰতিষেধকৰ পালি মজুত নাই ।

২৫ ৰ পৰা ৩০ লাখ প্ৰতিষেধক ভাইল লাভ নকৰালৈকে তৃতীয় পৰ্যায়ৰ টীকাকৰণ প্ৰক্ৰিয়া আৰম্ভ নহয় বুলি কয় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে । কোভিশ্বিল্ড আৰু কোভেক্সিনৰ অভাৱৰ বিষয়ে টোপে প্ৰতিষেধক প্ৰস্তুত কৰা কোম্পানীক বাৰাম্বাৰ অভিযোগ কৰি আহিছে যদিও কোনোধৰণৰ সঁহাৰি লাভ কৰা নাই । ফলত কেবাবাৰো টীকাকৰণ প্ৰক্ৰিয়া স্থগিত ৰখা হৈছিল ।

এই সন্দৰ্ভত ৰাজেশ টোপে কয় যে, মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেয়ে প্ৰতিষেধক প্ৰস্তুত কৰা কোম্পানীক স্পষ্টভাৱে জনাইছে যে তেওঁ প্ৰতিষেধক পালিৰ সম্পূৰ্ণ খৰচ এবাৰতেই পৰিশোধ কৰিবলৈ ইচ্ছুক । কিন্তু তাৰ বাবে পৰ্যাপ্ত পৰিমাণৰ প্ৰতিষেধকৰ পালি প্ৰয়োজন । তেওঁ কয় যে, ৰাজ্যখনক পৰ্যাপ্ত পৰিমাণৰ প্ৰতিষেধকৰ পালি প্ৰদান কৰিলে দৈনিক আঠ লাখ লোকক টীকাকৰণ কৰিব পাৰিব । ১ মে'ৰ পৰা ৪৫ বছৰ বয়সৰ লোকসকলক টীকাকৰণ কৰিবলৈ চৰকাৰী চিকিৎসালয়সমূহক প্ৰতিষেধকৰ পালি প্ৰদান কৰিব বুলি কয় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ।

উল্লেখ্য যে, ১৮-৪৫ বছৰৰ লোকসকলৰ ক’ভিড-১৯ টীকাকৰণ প্ৰক্ৰিয়া ১ মে'ৰ পৰা আৰম্ভ হ'ব । ইয়াৰ বাবে কোউইন এপত পঞ্জীয়ন কৰিব পাৰিব ।

লগতে পঢ়ক: ভাৰতৰ প্ৰাক্তন এটৰ্ণি জেনেৰেল চোলি সোৰাবজীৰ মৃত্যু

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details