অসম

assam

ETV Bharat / bharat

Delhi HC order : স্বামী-স্ত্ৰী হিচাপে একেলগে বাস কৰিলে তৃতীয় পক্ষই কৰিব নোৱাৰিব হস্তক্ষেপ - দম্পতিৰ জীৱনত তৃতীয় ব্যক্তিয়ে হস্তক্ষেপ কৰিব নোৱাৰে

দিল্লী উচ্চ ন্যায়ালয়ে দিয়া নিৰ্দেশনা অনুসৰি সন্মতিক্ৰমে স্বামী-স্ত্ৰী হিচাপে বাস কৰা যুৱক-যুৱতীৰ জীৱনত পৰিয়ালৰ সদস্য বা কোনো তৃতীয় ব্যক্তিয়ে হস্তক্ষেপ কৰিব নোৱাৰে (Delhi HC order on husband wife relationship )। এইক্ষেত্ৰত দম্পতীসকলক প্ৰশাসন যন্ত্ৰই সহযোগ কৰিব লাগে বুলিও নিৰ্দেশ দিয়ে ।

Delhi HC order
দম্পতিৰ জীৱনত তৃতীয় ব্যক্তিয়ে হস্তক্ষেপ কৰিব নোৱাৰে

By

Published : Jul 24, 2022, 1:09 PM IST

নেশ্যনেল ডেস্ক, ২৪ জুলাই : ‘‘যদি আপোনালোকে সন্মতিক্ৰমে স্বামী-স্ত্ৰী হিচাপে বাস কৰি আছে তেনেহ'লে পৰিয়ালৰ সদস্য বা কোনো তৃতীয় ব্যক্তিয়ে আপোনালোকৰ জীৱনত হস্তক্ষেপ কৰিব নোৱাৰে (Family cannot interfere if adults decide to live as husband and wife)। এতিয়াৰে পৰা জাতি, বৰ্ণ নিৰ্বিশেষে এই ক্ষেত্ৰত চিন্তা কৰাৰ প্ৰয়োজন নাই । যদি দুয়োগৰাকীয়ে সন্মতিক্ৰমে স্বামী-স্ত্ৰী হিচাবে একেলগে আছে তেনেহ'লে তেওঁলোকৰ জীৱনত কোনেও হস্তক্ষেপ কৰিব নোৱাৰে ।’’ এই নিৰ্দেশনা দিল্লী উচ্চ ন্যায়ালয়ৰ ।

দিল্লী উচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশনাৰ পাছতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে (Delhi HC order on husband wife relationship)। বহুতে আদালতৰ এই নিৰ্দেশনাক আদৰণি জনাইছে যদিও আন একাংশ আকৌ অসন্তুষ্ট হৈছে । অৱশ্যে আদালতে আৰক্ষী লগতে সংশ্লিষ্ট সংস্থাসমূহকো এই ক্ষেত্ৰত চোকা দৃষ্টি ৰাখিবলৈ আহ্বান জনাইছে ।

আচলতে দিল্লীৰ এটা দম্পতীয়ে সুৰক্ষা বিচাৰি আদালতত আৱেদন জনাইছিল । আবেদনত উল্লেখ কৰা মতে তেওঁলোকে পৰিয়ালৰ ইচ্ছাৰ বিপৰীতে বিবাহ পাশত আৱদ্ধ হৈছে । কিন্তু পৰিয়ালৰ সদস্যৰ ভয়ৰ বাবে হোটেলে হোটেলে আত্মগোপন কৰি থাকিবলগীয়া হৈছে । তেওঁলোকক সুৰক্ষা প্ৰদান নকৰিলে শান্তি থাকিব নোৱাৰিব বুলিও আশংকা কৰে আবেদনকাৰীয়ে ।

আবেদনকাৰী মহিলাগৰাকীয়ে কোৱা মতে, তেওঁৰ পিতৃ উত্তৰ প্ৰদেশৰ এগৰাকী ৰাজনৈতিকভাৱে শক্তিশালী ব্যক্তি আৰু সেয়েহে তেওঁলোকৰ বিৰুদ্ধে প্ৰশাসন যন্ত্ৰক ব্যৱহাৰ কৰিব পাৰে । আনকি পৰিয়ালৰ লোকে হাৰাশাস্তি কৰাৰ বাবেই মহিলাগৰাকীয়ে ঘৰ এৰিছিল বুলিও আবেদনত উল্লেখ কৰিছে ।

দম্পতীৰ আবেদন সম্পৰ্কত ন্যায়াধীশ তুষাৰ ৰাও গেডেলাই কয় যে, দেশৰ নাগৰিকসকলৰ কোনো ক্ষতি যাতে নহয় সেয়া নিশ্চিত কৰাটো ৰাজ্য আৰু ইয়াৰ প্ৰশাসনৰ কৰ্তব্য আৰু সাংবিধানিক আদালতসমূহকো যিকোনো ক্ষতিৰ আশংকা কৰি নাগৰিকসকলক সুৰক্ষা দিবলৈ আদেশ প্ৰদান কৰাৰ ক্ষমতা দিয়া হয় । সেয়ে ন্যায়াধীশগৰাকীয়ে কয় যে, স্বামী আৰু স্ত্ৰী হিচাপে একেলগে বাস কৰা দুগৰাকী প্ৰাপ্তবয়স্কৰ জীৱনত পৰিয়ালৰ সদস্য বা তৃতীয় ব্যক্তিয়ে হস্তক্ষেপ কৰিব নোৱাৰে । বিবাহিত দম্পতীসকলক তেওঁলোকৰ জাতি বা সম্প্ৰদায় নিৰ্বিশেষে সুৰক্ষা দিয়াৰ বাবে ৰাজ্যৰ প্ৰশাসন দায়বদ্ধ ।

আবেদনকাৰীক সকাহ প্ৰদান কৰি ন্যায়াধীশ গেডেলাই দিল্লী আৰক্ষী বিষয়াসকলক জৰুৰীকালীন বা ভাবুকিৰ যিকোনো ঘটনা সন্দৰ্ভত আৱেদনকাৰীসকলৰ যিকোনো এজনৰ পৰা কোনো ফোন পালে তৎক্ষণাৎ সঁহাৰি দিবলৈ নিৰ্দেশ দিয়ে । আদালতে লগতে কয় যে আৰক্ষী বিষয়াসকলে তেওঁলোকৰ সুৰক্ষা নিশ্চিত কৰিবলৈ অহা তিনি সপ্তাহৰ বাবে দুদিনত এবাৰ আবেদনকাৰী দম্পতীৰ বাসগৃহলৈ যাব লাগিব ।

লগতে পঢ়ক :Population Control Bill : বহু সাংসদৰ আছে ২ টাতকৈ অধিক সন্তান

For All Latest Updates

ABOUT THE AUTHOR

...view details