নেচনেল ডেস্ক, 18 এপ্ৰিল : মন্দিৰ এনে এক পৱিত্ৰ ঠাই য'ত কেৱল প্ৰৱেশ কৰিয়েই মনলৈ আহে ইতিবাচক অনুভৱ ৷ মন্দিৰলৈ যোৱাজনে লাভ কৰা ইতিবাচক শক্তিয়ে মনৰ লগতে শৰীৰকো সমৃদ্ধ কৰে ৷ আমাৰ দেশ ভাৰতবৰ্ষৰ প্ৰায় প্ৰতিটো প্ৰান্ত বিভিন্ন মঠ-মন্দিৰেৰে ভৰি আছে ৷ ভাৰতীয় সকলৰ ধৰ্মীয় বিশ্বাস সমগ্ৰ বিশ্বতে সু-পৰিচিত ৷ কিন্তু, ইয়াৰ মাজতে আজি আপোনালোকৰ বাবে আমি এনে এখন ঠাইৰ খবৰ আনিছো য’ত নাই এটাও মন্দিৰ ৷
শুনি হয়তো আপুনি আচৰিত হ'ব পাৰে, কিন্তু এয়াই হৈছে বাস্তৱ সত্য । বিহাৰৰ চিৱানৰ সুৰবীৰ গাঁৱত নাই এটাও মন্দিৰ (Surveer Village at Siwan bihar)। এই অঞ্চলত মুকলি আকাশৰ তলতে বহি ভক্তসকলে উপাসনা কৰে ইশ্বৰক ৷ পিছে গাঁওখনত মন্দিৰ নথকাৰ কাৰণটো ইয়াতকৈয়ো আশ্চৰ্যকৰ ৷ চিৱানত মন্দিৰ নথকাৰ কাৰণটো গাঁওখনত থকা এটা শিৱলিংগৰ সৈতে জড়িত (No Temple village in Bihar) । লোক বিশ্বাস মতে, এই শিৱলিংগৰ ৰক্ষা কৰে সৰ্প দেৱতাই ।