নেচনেল ডেস্ক, ১০ জুলাই : শ্ৰীলংকাত সম্প্ৰতি ৰাজনৈতিক সংকট । দ্বীপৰাষ্ট্ৰ শ্ৰীলংকাত অব্যাহত আছে ভয়াৱহ অৰ্থনৈতিক সংকট (worst economic crisis in Sri Lanka)৷ ১৯৪৮ চনত স্বাধীনতাৰ পিছত ভয়াৱহ অৰ্থনৈতিক সংকটৰ সন্মুখীন হৈছে ৰাষ্ট্ৰখন ৷ ফলত সমগ্ৰ ৰাষ্ট্ৰখনত খাদ্য, ঔষধ, ৰন্ধন গেছ আৰু ইন্ধনৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱৰ ফলত আকাশলংঘী মূল্য বৃদ্ধি হয় ৷ এতিয়া ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাক্ষেৰ পদত্য়াগৰ দাবীত উত্তাল কলম্বো। সমান্তৰাল ভাৱে ভাৰততে বৃদ্ধি হৈছে উদ্বেগ । কাৰণ শ্ৰীলংকাৰ পৰা ভাৰতলৈ হ'ব পাৰে শৰণাৰ্থীৰ আগমণ । ইয়াৰ মাজতে কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে দেওবাৰে ইয়াৰ বাবে উদ্বেগৰ কাৰণ নাই বুলি স্পষ্ট কৰি দি কয় 'এতিয়া কোনো শৰণাৰ্থী সংকট নাই( Union External Affairs Minister S Jaishankar on srilankan refugee crisis )।'
কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জয়শংকৰে কয় যে, ভাৰত চৰকাৰে সদায় শ্ৰীলংকাক যিকোনো পৰিস্থিতে সমৰ্থন কৰি আহিছে । শ্ৰীলংকাৰ বৰ্তমানৰ অৰ্থনৈতিক সংকটৰ সময়ত চুবুৰীয়া দেশখনক সহায় কৰিবলৈ চেষ্টা কৰি আছে । তিনিদিনীয়া ভ্ৰমণত কেৰালাৰ ৰাজধানীত উপস্থিত হোৱাৰ পিছত তিৰুৱন্তপুৰম বিমানবন্দৰৰ বাহিৰত কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জয়শংকৰে কয়, ‘‘ভাৰতে শ্ৰীলংকাৰ প্ৰতি সদায় সহায়ক আৰু সহায়ক হৈ আহিছে’’ ৷