অসম

assam

ETV Bharat / bharat

অযোধ্যাৰ বিতৰ্কিত ভূমি চুক্তিত চিবিআইৰ তদন্তৰ প্ৰয়োজন নাই: লাল্লু সিঙ - বিশ্ব হিন্দু পৰিষদ

শেহতীয়াকৈ উত্তৰ প্ৰদেশৰ বিৰোধী দলসমূহে অযোধ্যাৰ ৰাম মন্দিৰ ট্ৰাষ্ট (Ram mandir trust) ৰ ভূমি চুক্তি সন্দৰ্ভত দুৰ্নীতিৰ অভিযোগ আনি চিবিআই (CBI)ৰ তদন্তৰ দাবী কৰিছিল ৷ এই সন্দৰ্ভত অযোধ্যাৰ লোকসভাৰ সাংসদ লাল্লু সিঙে (Lallu Sing) বিৰোধীৰ দাবীক ভিত্তিহীন আখ্যা দি এই দাবীক অস্বীকাৰ কৰে আৰু বিধানসভা নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত ভিত্তিহীন বিষয় উত্থাপন কৰিছে বুলিও মন্তব্য কৰে ৷

no-need-of-cbi-enquiry-says-ayodhya-mp-on-alleged-ram-temple-land-scam
অযোধ্যাৰ বিতৰ্কিত ভূমি চুক্তিত চিবিআইৰ তদন্তৰ দৰকাৰ নাই: লাল্লু সিঙ

By

Published : Jun 18, 2021, 11:31 AM IST

নেশ্যনেল ডেস্ক, 18 জুন : বিৰোধী দলসমূহে অযোধ্যাৰ ৰাম মন্দিৰ ট্ৰাষ্টৰ (Ram mandir trust) ভূমি চুক্তি সন্দৰ্ভত দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰাৰ কেইদিনমানৰ পিছতে অযোধ্যাৰ সাংসদ লাল্লু সিঙে (Lallu Sing) শ্ৰী ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ন্যাসৰ ভূমি চুক্তিক "স্বচ্ছ" বুলি অভিহিত কৰি কয় যে, বিৰোধী নেতাসকলে মন্দিৰ নিৰ্মাণত বাধা সৃষ্টি কৰি তেওঁলোকৰ নিজৰ সততা আৰু সন্মান হেৰুৱাইছে ।

ইয়াৰ লগতে তেওঁ কয় যে, মাটিৰ মূল্য সদায় বৃদ্ধি হয় আৰু কেতিয়াবা ই মাথো কেইঘণ্টামানৰ ভিতৰতে বৃদ্ধি পায় । চিবিআই তদন্ত সন্দৰ্ভত বিৰোধীৰ দাবীৰ বিষয়ে সাংবাদিকে প্ৰশ্ন কৰাত তেওঁ কয় যে, ভূমি ক্ৰয়ৰ প্ৰক্ৰিয়াক লৈ কোনো সন্দেহ নাই । সেয়েহে, চিবিআই তদন্তৰ দাবী কৰাটো কেৱলমাত্ৰ এক ৰাজনৈতিক প্ৰতিশোধৰ বাদে একো নহয় । ২০২২ চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত চৰকাৰৰ কামত কোনোধৰণ সমস্যা বিচাৰি নাপাই এতিয়া বিৰোধী সকলে এনে ভিত্তিহীন বিষয় উত্থাপন কৰিছে বুলিও লগতে কয় সিঙে ।

দেওবাৰে সমাজবাদী পাৰ্টীৰ (Samajbadi party) নেতা তেজ নাৰায়ণ পাণ্ডেই ট্ৰাষ্টৰ বিৰুদ্ধে ভূমি চুক্তিত দুৰ্নীতি কৰাৰ অভিযোগ উত্থাপন কৰিছিল আৰু বিষয়টো সন্দৰ্ভত চিবিআই(CBI)ৰ তদন্ত বিচাৰিছিল । দেওবাৰে, এখন সংবাদমেল অনুষ্ঠিত কৰি পাণ্ডেই কয় যে, "মাটিৰ টুকুৰা প্ৰথমে ৰবি মোহন তিৱাৰী আৰু চুলতান আনছাৰীয়ে ২ কোটি টকাত ক্ৰয় কৰিছিল। মাত্ৰ 10 মিনিট পিছত, ট্ৰাষ্টে 18 মাৰ্চত 18.5 কোটি টকাত মাটিখিনি ক্ৰয় কৰে ।"

সমাজবাদী পাৰ্টীৰ নেতাজনে লগতে দাবী কৰে যে, আৰটিজিএছ (RTGS) মাধ্যমৰ জৰিয়তে ৰবি মোহন তিৱাৰী আৰু চুলতান আনছাৰীৰ বেংক একাউণ্টলৈ ১৭ কোটি টকা প্ৰেৰণ কৰা হৈছিল আৰু এই আৰটিজিএছৰ ধন স্থানান্তৰৰ ওপৰত তেওঁ তদন্তৰ দাবী কৰে ।

ইফালে, বিশ্ব হিন্দু পৰিষদৰ (Vishwa Hindu Parishad) আন্তঃৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি আলোক কুমাৰে সোমবাৰে কয় যে, উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ পূৰ্বে মানুহক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰি থকা বিৰোধী দলসমূহৰ বিৰুদ্ধে শীঘ্ৰেই মানহানিৰ গোচৰ ৰুজু কৰা হ'ব ৷

লগতে পঢ়ক :প্ৰথমবাৰৰ বাবে কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত ফেডাৰেৰ

ABOUT THE AUTHOR

...view details