অসম

assam

ETV Bharat / bharat

পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনত একেলগে যুঁজত নামিব কংগ্ৰেছ আৰু বাওঁ মৰ্চা - কংগ্ৰেছ আৰু বাওঁ মৰ্চাৰ মাজত কোনোধৰণৰ ভুল বুজাবুজি নাই

দেওবাৰে বাওঁ মৰ্চাৰ অধ্যক্ষ বিমান বসুৱে সাংবাদিকৰ আগত প্ৰকাশ কৰিছে যে,পশ্চিম বংগক ধৰ্মীয় মেৰুকৰণৰ পৰা ৰক্ষা কৰিবলৈ 2021 ৰ পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনত একেলগে নামিব কংগ্ৰেছ আৰু বাওঁ মৰ্চা ৷

cong-left-will-contest-bengal-assembly-polls-together-biman-bose
পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনত একেলগে নামিব কংগ্ৰেছ আৰু বাওঁ মৰ্চা

By

Published : Jan 17, 2021, 10:24 PM IST

নিউজ ডেস্ক,17 জানুৱাৰী : কংগ্ৰেছ আৰু বাওঁ মৰ্চাৰ মাজত কোনোধৰণৰ ভুল বুজাবুজি নাই ৷ দেওবাৰে এই দাবী কৰিছে বাওঁ মৰ্চাৰ অধ্যক্ষ বিমান বসুৱে ৷ লগতে দুয়োটা দলে একেলগে 2021 ৰ পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব বুলি মন্তব্য কৰিছে বাওঁ মৰ্চাৰ অধ্যক্ষ গৰাকীয়ে ৷ আনহাতে বিজেপি আৰু তৃণমূল কংগ্ৰেছক সমালোচনা কৰি বিমান বসুৱে কয় যে,"বিজেপি আৰু তৃণমূল কংগ্ৰেছ ধৰ্মীয় মেৰুকৰণত জড়িত ৷ পশ্চিম বংগক ধৰ্মীয় মেৰুকৰণৰ পৰা ৰক্ষা কৰিবলৈ, আমি একেলগে বিজেপি আৰু টিএমচিৰ বিৰুদ্ধে নিৰ্বাচনৰ সৈতে যুঁজ দিম" ৷

উল্লেখ্যনীয় যে,কংগ্ৰেছ আৰু বাওঁ মৰ্চাৰ মাজত কোনোধৰণৰ ভুল বুজাবুজি নাই বুলি দাবী কৰি আগন্তুক নিৰ্বাচনত দল দুটাৰ মাজত হ'ব লগীয়া আসন ভাগ বতৰোৱা এতিয়ালৈকে হোৱা নাই বুলি প্ৰকাশ কৰে বাওঁ মৰ্চাৰ অধ্যক্ষ বিমান বসুৱে ৷ কিন্তু বিশেষ সূত্ৰই জনোৱা মতে, দল সমূহৰ শীৰ্ষ নেতৃত্বই ৰাজ্যিক নেতৃত্বক জানুৱাৰীৰ শেষৰ ভিতৰত আসন ভাগ বতৰোৱা কাৰ্যটো চূড়ান্ত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ৷ যাতে তেওঁলোকে নিৰ্বাচনৰ বাবে প্ৰাৰ্থী বাচনি কৰাৰ পৰৱৰ্তী স্তৰত কাম কৰিব পাৰে ৷ খবৰ অনুসৰি বাওঁ দলসমূহৰ সৈতে আলোচনা কৰিবলৈ কংগ্ৰেছে ৰাজ্যৰ জ্যেষ্ঠ নেতাসকলৰ এখন সমিতি গঠন কৰিছে ৷

লগতে পঢ়কঃপশ্চিমবংগ বিধানসভা নিৰ্বাচনত প্ৰতিদন্দিতা কৰিব শিৱ সেনাই

ABOUT THE AUTHOR

...view details