নেশ্যনেল ডেস্ক,2 জুন:দিল্লী চৰকাৰে মঙলবাৰে স্পষ্ট কৰি দিয়ে যে তেওঁলোকে অনলাইন বা কোনো ম’বাইল এপৰ জৰিয়তে ৰাজধানী চহৰখনত সুৰাৰ হোম ডেলিভাৰীৰ বাবে কোনো অনুজ্ঞাপত্ৰ জাৰি কৰা নাই ৷ ইয়াৰ বিপৰীতে আবকাৰী নীতি-নিয়মৰ অধীনতহে ইয়াৰ সংশোধন কৰা হৈছে ৷ মঙলবাৰে সন্ধিয়া মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে জাৰি কৰা এক নতুন বিবৃতিত কোৱা হৈছে যে, এল-১৩ হৈছে এক অনুজ্ঞাপত্ৰ, যাক সংশোধন কৰা হৈছে ৷ এল-13 বা হোম ডেলিভাৰীৰ লাইচেঞ্চৰ বাবে কোনো অনুজ্ঞাপত্ৰ জাৰি কৰা নাই দিল্লী চৰকাৰে ৷
দিল্লী চৰকাৰে এই বিষয়ত স্পষ্টীকৰণ দিয়াৰ কেইঘণ্টামান পূৰ্বে নতুন আবকাৰী নীতিৰ অধীনত অৰবিন্দ কেজৰিৱাল চৰকাৰে দিল্লীত সুৰাৰ হোম ডেলিভাৰীৰ অনুমতি দিয়াৰ খবৰ প্ৰচাৰ হৈছিল ৷ বিবৃতিটোত উল্লেখ কৰা অনুসৰি, এল-১৩ ৰ অধীনত ভাৰতীয় সুৰাৰ খুচুৰা বিক্ৰী আৰু হোম ডেলিভাৰীৰ লগতে অনুজ্ঞাপত্ৰ থকাসকলক বিদেশী সুৰাৰ খুচুৰা বিক্ৰীৰ অনুমতি দিয়া হয় ৷