অসম

assam

ETV Bharat / bharat

ন্যায়াধীশ-কৰ্মচাৰীৰ সুকীয়া ক’ভিড কেয়াৰ কেন্দ্ৰ স্থাপনৰ আদেশ নাকচ - মনীষ চিছোদিয়া

দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ, কৰ্মচাৰী আৰু পৰিয়ালৰ লোকৰ বাবে পঞ্চতাৰকাযুক্ত হোটেলৰ কোঠাত ক’ভিড কেয়াৰ কেন্দ্ৰ স্থাপনৰ অনুৰোধ নাকচ ন্য়ায়ালয়ৰ ৷ এই সম্পৰ্কত দিয়া আদেশ ইতিমধ্যে উঠাই লৈছে দিল্লী চৰকাৰে ৷

Delhi govt cancels order to set up COVID facility for judges at Ashoka Hotel
ন্যায়াধীশ, কৰ্মচাৰীৰ বাবে হোটেলত সুকীয়া ক’ভিড কেয়াৰ কেন্দ্ৰ স্থাপনৰ আদেশ নাকচ দিল্লী চৰকাৰৰ

By

Published : Apr 28, 2021, 1:30 PM IST

নেছনেল ডেস্ক,28 এপ্ৰিল: দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ, কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ বাবে এখন পঞ্চতাৰকাযুক্ত হোটেলৰ ১০০ টা কোঠাত ক’ভিড কেয়াৰৰ কেন্দ্ৰ স্থাপনৰ বাবে অনুৰোধ কৰা নাই বুলি ন্যায়ালয়ৰ বিচাৰপীঠে ৰায়দান কৰাৰ কেইঘণ্টামান পিছতেই দিল্লী চৰকাৰে মঙলবাৰে এই প্ৰশাসনিক আদেশ প্ৰত্যাহাৰ কৰিবলৈ নিৰ্দেশ জাৰি কৰে ৷ ।

উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াই নিশা এক টুইটযোগে কয় যে, অশোক হোটেলত বিচাৰকসকলৰ বাবে এটা ক’ভিডৰ কেয়াৰ কেন্দ্ৰ স্থাপনৰ যি নিৰ্দেশ দিয়া হৈছিল সেইয়া প্ৰত্যাহাৰ কৰাৰ আদেশ জাৰি কৰা হৈছে।

দিল্লী চৰকাৰৰ এক সূত্ৰই জনাইছে যে, মুখ্যমন্ত্ৰী অথবা উপ মুখ্যমন্ত্ৰী আনকি স্বাস্থ্য মন্ত্ৰীৰ অজ্ঞাতেই জাৰি কৰা হৈছিল এই নিৰ্দেশ ইতিমধ্য়ে, চিছোদিয়াই আদেশটোৰ সম্পৰ্কীয় ফাইলটো কেনেদৰে গৃহীত হৈছিল পৰীক্ষা কৰাৰ ব্য়ৱস্থা কৰিছে ৷

২৫ এপ্ৰিলত চাণক্যপুৰী উপ-বিভাগীয় দণ্ডাধীশৰ দ্বাৰা জাৰি কৰা নিৰ্দেশটোত কোৱা হৈছিল যে, অশোক হোটেলৰ ক’ভিড কেয়াৰ কেন্দ্ৰটো প্ৰাইমাছ চিকিৎসালয়ৰ সৈতে জড়িত হ'ব। উল্লেখযোগ্য যে, নিৰ্দেশটোত উচ্চ ন্যায়ালয়ৰ অনুৰোধত এই ব্য়ৱস্থা কৰাৰ কথা উল্লেখ কৰা হৈছিল ৷

এই সন্দৰ্ভত সংবাদ মাধ্যমৰ প্ৰতিবেদনৰ পিছত দিল্লী উচ্চ ন্যায়ালয়ে মঙলবাৰে কয় যে পঞ্চতাৰকা যুক্ত অশোকা হোটেলত ইয়াৰ ন্যায়াধীশ, কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ বাবে সুকীয়া ক’ভিড কেয়াৰৰ সুবিধা সৃষ্টিৰ বাবে কোনো অনুৰোধ কৰা নাই।

বিচাৰপীঠখনে চৰকাৰৰ এই নিৰ্দেশক ভুল বুলি কৈ জনায় যে, চৰকাৰৰ এনে নিৰ্দেশনাৰ বাবে ন্য়ায়ালয়ৰ ভাৱমূৰ্তি নষ্ট হৈছে ৷ জ্যেষ্ঠ অধিবক্তা ৰাহুল মেহৰাই ঘটনাৰ বাবে সংবাদ মাধ্যমক জগৰীয়া কৰাৰো বিৰোধ কৰি বিচাৰপীঠখনে কয় যে,সংবাদ মাধ্যমে ভুল নাই কৰা,সংবাদ মাধ্যমে নিৰ্দেশনাটোত থকা ভুল খিনি আঙুলিয়াই হে দিছে ৷

লগতে পঢ়ক :ঢেকীয়াজুলিৰ ভূমিকম্পৰ অভিকেন্দ্ৰৰ সমীপৰ দৃশ্য লাইভ...

ABOUT THE AUTHOR

...view details