অসম

assam

২৬ জানুৱাৰীৰ লালকিল্লাৰ হিংসাত্মক ঘটনাত জড়িত নাছিল দ্বীপ সিদ্ধু:অধিবক্তা

By

Published : Apr 8, 2021, 4:50 PM IST

২৬ জানুৱাৰীত ৰাজধানীত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ আঁৰত থকা পাঞ্জাৱী অভিনেতাৰ পৰা ৰাজনীতিলৈ অহা দ্বীপ সিদ্ধুৰ অধিবক্তাৰ মতে তেওঁ এই ঘটনাত জড়িত থকাৰ কোনো প্ৰমাণ নাই । সিদ্ধুৰ জামিন আবেদনৰ শুনানি ১২ এপ্ৰিললৈ পিছুওৱা হৈছে ।

২৬ জানুৱাৰীৰ লালকিল্লাৰ হিংসাত্মক ঘটনাত জড়িত নাছিল দ্বীপ সিদ্ধু:অধিবক্তা
২৬ জানুৱাৰীৰ লালকিল্লাৰ হিংসাত্মক ঘটনাত জড়িত নাছিল দ্বীপ সিদ্ধু:অধিবক্তা

নেশ্যনেল ডেস্ক,৮ এপ্ৰিল:যোৱা ২৬ জানুৱাৰীত ৰাজধানী চহৰ দিল্লীত কৃষক আন্দোলনে লোৱা ভয়াৱহ পৰিৱেশৰ কথা সকলোৰে জ্ঞাত । সেই হিংসাত্মক ঘটনাত সাঙোৰ খাই পৰিছিল পাঞ্জাৱী অভিনেতা তথা নেতা দ্বীপ সিদ্ধুৰ নাম । ঘটনা সন্দৰ্ভত তদন্ত চলি থকাৰ মাজতে আদালতে সামান্য সকাহ দিলে দ্বীপ সিদ্ধুক । দিল্লীৰ এখন আদালতে ঘটনাৰ শুনানি ১২ এপ্ৰিললৈ স্থগিত ৰাখে । লগতে সিদ্ধুৰ ভাষণৰ প্ৰতিলিপি বিচাৰে ।

সিদ্ধুৰ অধিবক্তা অভিষেক গুপ্তাই জামিন আবেদনৰ শুনানি গ্ৰহণ কৰা সময়ত আদালতত কয় যে সিদ্ধু কোনো কৃষক সংগঠনৰ সদস্য নহয় আৰু তেওঁ ট্ৰেক্টৰৰ ৰেলীত অংশগ্ৰহণ কৰা নাছিল বা লালকিল্লাত সংঘটিত হিংসাত্মক ঘটনাত অংশগ্ৰহণ কৰা নাছিল। সিদ্ধুৱে বেৰিকেড ভংগ কৰা বা হিংসাৰ অংশ আছিল বুলি প্ৰমাণ কৰিবলৈ কোনো প্ৰমাণ নাই ।

অধিবক্তাগৰাকীয়ে আদালতত কোৱা মতে দুপৰীয়া প্ৰায় ১২ বজাত হিংসাত্মক ঘটনা সংঘটিত হৈছিল আৰু সিদ্ধু দুপৰীয়া ১.৫৪ বজাত প্ৰতিবাদস্থলীত উপস্থিত হৈছিল । অৱশ্যে, দিল্লী আৰক্ষীয়ে তেওঁক হিংসাত্মক ঘটনাত জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছিল ।

অধিবক্তাৰ মতে দ্বীপ সিদ্ধুৱে কেৱল ছ'চিয়েল মিডিয়াত এটা ভিডিঅ' পোষ্ট কৰিছিল, যাৰ বাবে তেওঁক গণতন্ত্ৰ দিৱসৰ হিংসাৰ মুখ্য অভিযুক্ত হিচাপে সংবাদ মাধ্যমত নামাকৰণ কৰা হৈছে ।

আৰক্ষীৰ মতে সিদ্ধু ২৬ জানুৱাৰীৰ ঘটনাটোৰ আঁৰৰ মূল খেলুৱৈ । আৰক্ষীয়ে প্ৰতিবেদনত উল্লেখ কৰিছে যে সিদ্ধুৱে দেশৰ ভাবমূৰ্তি কলুষিত কৰাৰ কাৰ্যসূচী আৰু হিংসাত্মক প্ৰতিবাদত অংশগ্ৰহণ কৰিবলৈ মানুহক উদগনি দিছিল । উল্লেখ্য যে যোৱা ২৩ ফেব্ৰুৱাৰীত সিদ্ধুক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছিল ।

লগতে পঢ়ক:জম্মু-কাশ্মীৰত NIAৰ জালত গজনৱী বাহিনীৰ উগ্ৰপন্থী

ABOUT THE AUTHOR

...view details