নেশ্যনেল ডেস্ক,৩ মে': সমগ্ৰ দেশতে ক'ভিড-১৯ ৰ বিভীষিকাময় পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পঞ্জাৱ চৰকাৰে গ্ৰহণ কৰিছে কঠোৰ পদক্ষেপ । পঞ্জাৱত প্ৰৱেশ কৰিবলৈ হ'লে ক'ভিডৰ ঋণাত্মক ফলাফল আৰু প্ৰতিষেধকৰ টীকাকৰণৰ প্ৰমাণপত্ৰ থকাটো বাধ্যতামূলক । ক'ভিডৰ ঋণাত্মক ফলাফল আৰু প্ৰতিষেধকৰ টীকাকৰণৰ প্ৰমাণপত্ৰ অবিহনে পঞ্জাৱত প্ৰৱেশ নিষিদ্ধ কৰা হৈছে বাহিৰৰ পৰা অহা লোকৰ । দেওবাৰে এই কথা ঘোষণা কৰে পঞ্জাৱ চৰকাৰে । এই বাধ্যতামূলক নিয়ম সকলো বাছ আস্থান, ৰে’ল ষ্টেচন, বিমানবন্দৰ আদিত বাহাল থাকিব ।
ইফালে, মহামাৰীক প্ৰতিহত কৰিবলৈ ৰাজ্য চৰকাৰে সকলো অপ্ৰয়োজনীয় দোকান-পোহাৰ ১৫ মে'লৈকে বন্ধ ৰখাৰ নিৰ্দেশনা জাৰি কৰে । সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৫ বজালৈ দৈনিক নৈশ সান্ধ্য আইন বাহাল থাকিব ৰাজ্যখনত । শুকুৰবাৰে সন্ধিয়া ৬ বজাৰ পৰা সোমবাৰে পুৱা ৫ বজালৈ সাপ্তাাহিক সান্ধ্য আইন অব্যাহত থাকিব । ইয়াৰোপৰি, সকলো পথচাৰী আৰু বিক্ৰেতাসকলৰ আৰটিপিচিআৰ পৰীক্ষা কৰা হ'ব ।