অসম

assam

ETV Bharat / bharat

Electricity Subsidy in Delhi: দিল্লীৰ ৪৬ লাখ বাসিন্দাৰ বিদ্যুতৰ ৰাজসাহায্য বন্ধ ! - Delhi Lieutenant Governor VK Saxena

লেফটেনেণ্ট গৱৰ্ণৰ আৰু দিল্লী চৰকাৰৰ মাজৰ সংঘাতৰ পৰিণাম ভোগ কৰিব ওলাইছে দিল্লীৰ সাধাৰণ জনসাধাৰণে । কিয়নো অহা সোমবাৰৰ পৰা দিল্লীৰ ৪৬ লাখ উপভোক্তাৰ বিদ্যুতৰ ছাবছিডি বন্ধ কৰিব ওলাইছে আপ চৰকাৰে । লেফটেনেণ্ট গৱৰ্ণৰে বৈঠকৰ বাবে সময় নিদিয়াৰ বাবে এই ছাবছিডি বন্ধ কৰিব ওলোৱা বুলি প্ৰকাশ দিল্লীৰ শক্তি মন্ত্ৰী আতিশীৰ (No electricity subsidy for Delhi residents from Monday)।

Delhi AAP govt
Delhi AAP govt

By

Published : Apr 15, 2023, 10:18 AM IST

নিউজ ডেস্ক, ১৫ এপ্ৰিল : দিল্লীৰ সাধাৰণ জনতাৰ বাবে এক দুঃখবৰ । আম আদমী পাৰ্টীৰ (Aam Aadmi Party) নেত্ৰী তথা দিল্লীৰ শক্তি মন্ত্ৰী আতিশীয়ে (Delhi Power Minister Atishi) শুকুৰবাৰে ঘোষণা কৰিছে সোমবাৰৰ পৰা দিল্লীৰ প্ৰায় ৪৬ লাখ বাসিন্দাক বিদ্যুতৰ বিলৰ ওপৰত ৰাজ্য চৰকাৰৰ ৰাজসাহায্য প্ৰদান কৰা নহ'ব (no more subsidised electricity for Delhi residents) ।

আতিশীয়ে জনোৱা মতে, তেওঁ দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰ ভি কে চাক্সেনাৰ (Delhi Lieutenant Governor VK Saxena) পৰা দিল্লীৰ বাসিন্দাসকলৰ বাবে বিদ্যুতৰ ৰাজসাহায্যৰ বিষয়টো আলোচনা কৰিবলৈ সময় বিচাৰিছিল । কিন্তু বাৰে বাৰে অনুৰোধ কৰাৰ পিচতো লেফটেনেণ্ট গৱৰ্ণৰে সাক্ষাতৰ অনুমতি প্ৰদান কৰা নাই । সেয়েহে উপায়ন্তৰ হৈ তেওঁ এক সংবাদমেল অনুষ্ঠিত কৰিবলৈ বাধ্য হয় বুলি প্ৰকাশ কৰে (Atishi vs Delhi Lieutenant Governor conflict) ।

তেওঁ লগতে কয় যে বিষয়টোৰ সৈতে সম্পৰ্কিত 'ফাইল'টোও ঘূৰাই দিয়া হোৱা নাই । "আজিৰে পৰা দিল্লীৰ লোকসকলক দিয়া ৰাজসাহায্যযুক্ত বিদ্যুৎ বন্ধ কৰা হ'ব । ইয়াৰ অৰ্থ হৈছে কাইলৈৰ পৰা ৰাজসাহায্যযুক্ত বিল দিয়া নহ'ব । এই ৰাজসাহায্য বন্ধ কৰিবলৈ বাধ্য হৈছোঁ । কিয়নো আপ চৰকাৰে আগন্তুক বছৰৰ বাবে ৰাজসাহায্য অব্যাহত ৰখাৰ সিদ্ধান্ত লৈছে যদিও উক্ত ফাইলটো দিল্লীৰ গৱৰ্ণৰৰ ওচৰত আছে আৰু ফাইলটো ঘূৰাই নোপোৱালৈকে ৰাজসাহায্য প্ৰদান কৰিব পৰা নাযাব ।" আতিশীয়ে সংবাদ মাধ্যমৰ আগত এনেদৰে কয় ।

উল্লেখ্য যে মন্ত্ৰীগৰাকীয়ে ইয়াৰ পূৰ্বে দিল্লীৰ জনসাধাৰণক অৰবিন্দ কেজৰিৱাল চৰকাৰে দিয়া বিনামূলীয়া বিদ্যুৎ আঁচনি বন্ধ কৰিবলৈ লেফটেনেণ্ট গৱৰ্ণৰ ছাক্সেনাৰ 'ষড়যন্ত্ৰ'ৰ অভিযোগ উত্থাপন কৰিছিল । "মই লেফটেনেণ্ট গৱৰ্ণৰক ফাইলটো তৎক্ষণাৎ অনুমোদন কৰিবলৈ অনুৰোধ জনাইছোঁ যাতে দিল্লী এনচিটিৰ লাখ লাখ পৰিয়ালৰ বাবে দুখৰ সৃষ্টি নহয় ।" তেওঁ লেফটেনেণ্ট গৱৰ্ণৰৰ কাৰ্যালয়লৈ লিখা পূৰ্বৰ এখন পত্ৰত এনেদৰে লিখিছিল ।

"মোৰ কাৰ্যালয়ক আবেলি ৩ বজাৰ পিচত জনোৱা হৈছিল যে তেওঁ আজি উপস্থিত নাথাকে । সন্ধিয়া ৫.৪৫ বজাত মই পুনৰ সময় বিচাৰিছিলোঁ । কিন্তু মোৰ কাৰ্যালয়ক জনোৱা হৈছিল যে বিষয়টো তেওঁৰ ওচৰত আছে আৰু মোক পিচত অৱগত কৰা হ'ব ।" আতিশীয়ে পত্ৰখনত এই কথা লিখিছে ।

ইফালে লেফটেনেণ্ট গৱৰ্ণৰৰ কাৰ্যালয়ে শুকুৰবাৰে এক বিবৃতিত এই অভিযোগ খণ্ডন কৰে : "পুনৰ বিভ্ৰান্তিকৰ আৰু মিছা মন্তব্য শক্তি মন্ত্ৰীৰ দ্বাৰা বা তেওঁৰ হৈ কৰা হৈছে । আজি দুপৰীয়া 12:26 বজাত তেওঁৰ কাৰ্যালয়ৰ পৰা এটা অনুৰোধ লাভ কৰা হৈছে আৰু সেয়া সক্ৰিয়ভাৱে বিবেচনাধীন হৈ আছে । লেফটেনেণ্ট গৱৰ্ণৰে তেওঁক লগ কৰিবলৈ অস্বীকাৰ কৰা নাই ।"

মন কৰিবলগীয়া যে আপৰ বিনামূলীয়া বিদ্যুৎ আঁচনিৰ অধীনত দিল্লীৰ লোকসকলে বিদ্যুৎ ব্যৱহাৰৰ 200 ইউনিটৰ ওপৰত এক টকাও পৰিশোধ কৰিব নালাগে । কিন্তু 201-ৰ পৰা 400 ইউনিটত ব্যৱহাৰকাৰীসকলে 850 টকা পৰ্যন্ত 50% ৰাজসাহায্য লাভ কৰিব পাৰে ।

লগতে পঢ়ক :Kejriwal Reacts on Sisodia Issue : মনীষ চিছোদিয়াক জে'ললৈ পঠোৱাসকল দেশৰ শত্ৰু, কেজৰিৱাল

ABOUT THE AUTHOR

...view details