অসম

assam

ৰাষ্ট্ৰীয় পৰ্যায়ত NRC প্ৰস্তুতৰ কোনো সিদ্ধান্ত লোৱা নাই চৰকাৰে

By

Published : Aug 10, 2021, 10:04 PM IST

দেশজুৰি ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰস্তুত কৰাৰ কোনো সিদ্ধান্ত লোৱা নাই কেন্দ্ৰীয় চৰকাৰে । মঙলবাৰে লোকসভা সদনত এক লিখিত উত্তৰত এই কথা প্ৰকাশ কৰে গৃহ ৰাজ্যিক মন্ত্ৰী নিত্যানন্দ ৰায়ে ৷

MoS Home
ৰাষ্ট্ৰীয় পৰ্যায়ত NRC প্ৰস্তুতৰ কোনো সিদ্ধান্ত লোৱা নাই চৰকাৰে

নেশ্যনেল ডেস্ক, ১০ আগষ্ট :দেশজুৰি ভাৰতীয় ৰাষ্ট্ৰীয় নাগৰিকৰ পঞ্জী (National Register of Indian Citizens) প্ৰস্তুত কৰাৰ কোনো সিদ্ধান্ত লোৱা নাই কেন্দ্ৰীয় চৰকাৰে । মঙলবাৰে লোকসভা সদনত এক লিখিত উত্তৰত এই কথা প্ৰকাশ কৰে গৃহ ৰাজ্যিক মন্ত্ৰী নিত্যানন্দ ৰায়ে (Nityanand Rai) । ৰায়ে লগতে কয় যে, কেন্দ্ৰই নাগৰিকত্ব আইন, ১৯৫৫ৰ অধীনত প্ৰথম পৰ্যায়ৰ লোকপিয়ল, ২০২১ আৰু ৰাষ্ট্ৰীয় জনসংখ্যা পঞ্জী (NPR) উন্নীত কৰাৰ সিদ্ধান্ত লৈছে ।

ৰাষ্ট্ৰীয় জনসংখ্যা পঞ্জীৰ উন্নীতকৰণৰ অনুশীলনৰ সময়ত প্ৰতিটো পৰিয়াল আৰু ব্যক্তিৰ জনগাঁথনি আৰু অন্যান্য বিৱৰণ আপডেট অথবা সংগ্ৰহ কৰা হ'ব ৷ লগতে এই অনুশীলনৰ সময়ত কোনো নথি সংগ্ৰহ কৰা নহয় । ৰায়ে সদনক জনায় যে, নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯ ৰ উদ্দেশ্য হৈছে ২০১৪ ৰ ৩১ ডিচেম্বৰত বা তাৰ আগতে ভাৰতত প্ৰৱেশ কৰা পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ হিন্দু, শিখ, বৌদ্ধ, জৈন, পাৰ্চী বা খ্ৰীষ্টান সম্প্ৰদায়ৰ প্ৰব্ৰজনকাৰীসকলক নাগৰিকত্ব প্ৰদান কৰা ।

যি সকলক ইতিমধ্যে ১৯২০ বা বিদেশী আইন, ১৯৪৬ বা ইয়াৰ অধীনৰ যিকোনো নিয়ম বা আদেশৰ প্ৰয়োগৰ দ্বাৰা কেন্দ্ৰীয় চৰকাৰে পাছপ’ৰ্ট ধাৰা (চি) ধাৰা (২)ৰ দ্বাৰা ৰেহাই দিছে ।

ৰায়ে লগতে কয়, নাগৰিকত্ব সংশোধনী আইন (The Citizenship Amendment Act) সন্দৰ্ভত ২০১৯ চনৰ ১২ ডিচেম্বৰত জাননী জাৰি কৰা হৈছিল আৰু ২০২০ চনৰ ১০ জানুৱাৰীত ই কাৰ্যকৰী হৈছিল । অৱশ্যে, ক'ভিড পৰিস্থিতিৰ (Covid situation) বাবে এন.পি.আৰ. আৰু অন্যান্য সম্পৰ্কিত ক্ষেত্ৰ কাৰ্যকলাপ স্থগিত ৰখা হৈছিল ।

লগতে পঢ়ক :পেগাচাছৰ তদন্ত সন্দৰ্ভত ১৬ আগষ্টলৈ আদালতৰ শুনানি স্থগিত

ABOUT THE AUTHOR

...view details