অসম

assam

ETV Bharat / bharat

কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা ৰাহুল গান্ধীৰ - 24 ঘণ্টাত 1,52,879 টা নতুন কোভিড-19 ৰ ঘটনা নথিভুক্ত হৈছে

কেন্দ্ৰীয় চৰকাৰক দেওবাৰে তীব্ৰ সমালোচনা কৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ৷ কেন্দ্ৰীয় চৰকাৰে মহামাৰী নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ লগতে কৃষক আৰু শ্ৰমিকৰ সমস্যাও সমাধান কৰিব পৰা নাই বুলি তেওঁ অভিযোগ উত্থাপন কৰে ৷ দেওবাৰৰ দিনটোত ভাৰতত ১.৫২ লাখতকৈও অধিক লোক নতুনকৈ ক’ভিড-১৯ ত আক্ৰান্ত হৈছে ৷

no-control-on-covid-19-not-enough-vaccines-rahul-gandhi-targets-centre
কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা ৰাহুল গান্ধীৰ

By

Published : Apr 11, 2021, 9:08 PM IST

নেশ্যনেল ডেস্ক,11 এপ্ৰিল:শাসনাধীষ্ঠ কেন্দ্ৰীয় চৰকাৰক দেওবাৰে তীব্ৰ সমালোচনা কৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ৷ এক সংবাদমেলত অভিযোগ উত্থাপন কৰি ৰাহুল গান্ধীয়ে কয় যে, কেন্দ্ৰীয় চৰকাৰে মহামাৰী নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ লগতে কৃষক আৰু শ্ৰমিকৰ সমস্যাও সমাধান কৰিব পৰা নাই ৷

লগতে তেওঁ কয় যে, কৰ’ণাৰ ওপৰত চৰকাৰৰ কোনো নিয়ন্ত্ৰণ নাই,পৰ্যাপ্ত ভেকছিন নাই ৷ শ্ৰমিকসকলৰ কোনো সংস্থাপন নাই ৷ প্ৰধানমন্ত্ৰী গৰাকীয়ে কৃষক আৰু শ্ৰমিকসকলক সম্বোধন নকৰে ৷ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ (এমএছএমই) বৰ্তমান চৰকাৰৰ হাতত সুৰক্ষিত নহয় । কোনো মধ্যবিত্ত শ্ৰেণীৰ লোক মোডী চৰকাৰৰ কাম-কাজক লৈ সন্তুষ্ট নহয় ৷ উল্লেখ্য যে, দেওবাৰৰ দিনটোত ভাৰতত ১.৫২ লাখতকৈও অধিক লোক নতুনকৈ ক’ভিড-১৯ ত আক্ৰান্ত হৈছে ৷

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি, দেশখনত যোৱা 24 ঘণ্টাত 1,52,879 টা নতুন ক’ভিড-19 ৰ ঘটনা পঞ্জীয়ন হৈছে । ইয়াৰ সৈতে ভাৰতত মুঠ সংক্ৰমণৰ সংখ্যা 1,33,58,805 লৈ বৃদ্ধি পালে ৷ ইফালে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভেকছিন কাৰ্যসূচীৰ বাবে আহ্বান জনোৱাৰ পিছত 11 এপ্ৰিল (জ্যোতিৰাও ফুলেৰ জন্ম জয়ন্তী) ৰ পৰা ১৪ এপ্ৰিললৈ (বি আৰ আম্বেদকাৰৰ জন্ম জয়ন্তী) দেশত চাৰিদিনীয়া 'টীকা উৎসৱ' নামৰ এক গণ কোভিড-১৯ ভেকছিনৰ কাৰ্যসূচী আৰম্ভ হৈছে ।

2 এপ্ৰিলৰ পৰা চৰকাৰে 45 বছৰৰ অধিক বয়সৰ সকলো লোকক টীকাকৰণ আৰম্ভ কৰিছে । ভাৰতে প্ৰথম পৰ্যায়ত সকলো স্বাস্থ্যসেৱা আৰু ফ্ৰণ্টলাইন কৰ্মীক অগ্ৰাধিকাৰ দি ১৬ জানুৱাৰীত টীকাকৰণ অভিযান আৰম্ভ কৰিছিল । দ্বিতীয় পৰ্যায় আৰম্ভ হৈছিল ১ মাৰ্চত, য’ত ৬০ বছৰৰ অধিক বয়সৰ লোক আৰু ৪৫ ৰ পৰা ৫৯ বছৰৰ ভিতৰৰ লোকসকলক পালি প্ৰদান কৰা হৈছিল ।

লগতে পঢ়ক :ক'ভিড সম্পৰ্কে অৰবিন্দ কেজৰিৱালৰ সংবাদমেল

ABOUT THE AUTHOR

...view details