গুৱাহাটী, ৩১ মাৰ্চ : ৰাজ্যত দুখন আসনৰ বাবে অনুষ্ঠিত হোৱা ৰাজ্যসভা নিৰ্বাচনৰ ফলাফলে ৰাজনৈতিক পট পৰিৱৰ্তন কৰা লগতে ৰচনা কৰিলে ইতিহাস ৷ কিয়নোবিগত কেইবাটাও দশকৰ পিছত এইবাৰ ৰাজ্যসভাত অসমৰ পৰা নাথাকিব কোনো কংগ্ৰেছ প্ৰতিনিধি (Congress fiasco in Rajya Sabha election of Assam) ৷ বৃহস্পতিবাৰে অনুষ্ঠিত ৰাজ্যসভা নিৰ্বাচনত (Rajya Sabha election of Assam ) দুয়োখন আসন বিজেপি আৰু মিত্ৰজোঁটে লাভ কৰাৰ পিছত ৰাজ্যসভাত থকা অসমৰ সাতখন আসনৰ ভিতৰত এখনতো নাথাকিল কংগ্ৰেছ সাংসদ ।
কাৰ্যতঃ ৰাণী নৰহ আৰু ৰিপুণ বৰাই হ'ল এই সময়ৰ ৰাজ্যসভাত থকা অসমৰ অন্তিম দুই কংগ্ৰেছ সাংসদ, যাৰ কাৰ্যকাল ২ এপ্ৰিলত শেষ হোৱাৰ পিছত অসমৰ কংগ্ৰেছ প্ৰতিনিধি শূন্য হ’ব ৰাজ্যসভা । আজিৰ তাৰিখৰ পৰা ৰাজ্যসভাত থকা অসমৰ সাতোখন আসনৰ ভিতৰত ছয়খনেই হৈ পৰিল বিজেপি আৰু মিত্ৰজোঁটৰ ।