অসম

assam

ETV Bharat / bharat

#Budget2022: প্ৰত্যাশা স্বত্বেও সালসলনি নহ’ল ব্যক্তিগত আয় কৰৰ হাৰ - #Budget2022

২০২২-২৩ বৰ্ষৰ কেন্দ্ৰীয় বাজেটত ব্যক্তিগত আয়কৰৰ ক্ষেত্ৰত নহ’ল কোনোধৰণৰ সাল-সলনি (No change in personal income tax rates in Budget)৷ অপ্ৰত্যাশিতভাৱেই আয়ৰ উচ্ছসীমাৰো নহ’ল পৰিৱৰ্তন ৷ ব্য়ক্তিগত আয়কৰ প্ৰদানৰ বাবে নিৰ্ধাৰিত আন আন আয়ৰ পৰিমানসমূহৰ ক্ষেত্ৰতো নকৰিলে কোনো সালসলনি (#incometax) ।

Union Budget 2022
প্ৰত্যাশা স্বত্বেও সালসলনি নহ’ল ব্যক্তিগত আয় কৰৰ হাৰ

By

Published : Feb 1, 2022, 4:12 PM IST

নতুন দিল্লী, ২১ ফেব্ৰুৱাৰী: আজি সংসদত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে (Finance Minister Nirmala Sitharaman) দাখিল কৰিলে 2022 বৰ্ষৰ বাজেট । কিন্তু অপ্ৰত্যাশিতভাৱে সীতাৰমণে ২০২২-২৩ বৰ্ষৰ কেন্দ্ৰীয় বাজেটত ব্যক্তিগত আয়কৰৰ হাৰক লৈ নকৰিলে কোনো সালসলনি (No change in personal income tax rates in Budget) । বিত্ত মন্ত্ৰীগৰাকীয়ে ব্য়ক্তিগত আয়ৰ কৰৰ বাবে নিৰ্ধাৰিত আয়ৰ উচ্ছ সীমাৰো কোনো কৰ্তন নকৰিলে যিটো যোৱা দুবছৰত হোৱা মুদ্ৰাস্ফীতি আৰু ক’ভিডসৃষ্ট পৰিৱেশৰ বাবে মধ্যবিত্ত তথা কম আয়ৰ লোকসকলে যথেষ্ট আশা কৰিছিল (#Budget2022)।

বৰ্তমান আয় কৰ কৰ্তনৰ বাবে নুন্যতম আয়ৰ সীমা ৫০,০০০ টকা (Standard deduction)। বিত্ত মন্ত্ৰীগৰাকীয়ে এইবাৰৰ বাজেটত ব্য়ক্তিগত আয়কৰ প্ৰদানৰ বাবে নিৰ্ধাৰিত আন আন আয়ৰ পৰিমান সমূহৰ ক্ষেত্ৰতো নকৰিলে কোনো সালসলনি (#incometax) । কিন্তু বিত্ত মন্ত্ৰনালয়ে এই বাজেটত এক নতুন পদ্ধতি সৃষ্টি কৰাৰ বিষয়ে উল্লেখ কৰিছে যাৰ ফলত কৰদাতাসকলে আগৰ বছৰৰ বাবে দুবছৰ পাছতো আপডেটেড আয়কৰ ৰিটাৰ্ণৰ আবেদন দাখিল কৰিব পাৰিব ।

"এই নতুন পদ্ধতিয়ে কৰদাতাসকলক সকাহ দিয়াৰ উপৰিও তেওঁলোকক দুবছৰ পাছতো টেক্স ৰিটাৰ্ন দাখিল কৰাৰ বাবে সুযোগ প্ৰদান কৰিব," মন্ত্ৰীগৰাকীয়ে নিজৰ বাজেট ভাষনত কয় । তেওঁ লগতে উল্লেখ কৰে যে, আয়কৰ দাখিলৰ পদ্ধতিটো সম্পূৰ্ণৰূপে সৰলীকৰনো কৰা হৈছে ।

কৰ্পৰেট টেক্সৰ ক্ষেত্ৰতো কোনো সালসলনি কৰা হোৱা নাই যদিও ইয়াৰ ক্ষেত্ৰত প্ৰযোজ্য ১৫ শতাংশ কনচেছন নতুনকৈ স্থাপিত হোৱা উৎপাদনক্ষম উদ্যোগসমূহৰ বাবে অতিৰিক্ত আৰু এবছৰৰ বাবে বৃদ্ধি কৰা হৈছে ।

আনহাতে তেওঁ বাজেটত ভাৰ্চুৱেলী স্থানান্তৰিত হোৱা সম্পদসমূহৰ ক্ষেত্ৰত ৩০ শতাংশ কৰৰ বাবে প্ৰস্তাৱ দাখিল কৰে । লগতে তেওঁ বাজেটত ভাৰ্চুৱেলী স্থানান্তৰিত হোৱা সম্পদসমূহৰ আৰু এক নিৰ্দিষ্ট পৰিমাণৰ উপহাৰৰ সীমাৰ ওপৰত এক শতাংশ টিডিএচ আৰোপৰ বাবেও প্ৰস্তাৱ দাখিল কৰে।

সীতাৰমণে বাজেটত উল্লেখ কৰে যে, উত্তৰ-পূৰ্বাঞ্চলৰ বাবে নিৰ্ধাৰিত প্ৰধান মন্ত্ৰীৰ উন্নয়নমূলক উদ্যোগ আঁচনিৰ কামসমূহৰ নৰ্থ ইৰ্ষ্টাৰ্ন কাউঞ্চিলৰ জৰিয়তে সম্পন্ন কৰা হ’ব আৰু ইয়াৰ বাবে আৰম্ভনিতেই প্ৰায় ১৫০০ কোটি টকা নিৰ্ধাৰন কৰা হৈছে ।

লগতে পঢ়ক:#Budget2022: কৃষিখণ্ডৰ বাবে দহটা গুৰুত্বপূৰ্ণ খবৰ

ABOUT THE AUTHOR

...view details