নিউজ ডেস্ক, ১৮ ছেপ্টেম্বৰ:‘এ আই এ ডি এম কেৰ সৈতে বিজেপিৰ মিত্ৰতা নাই । আমি কেৱল নিৰ্বাচনৰ সময়তহে মিত্ৰতাৰ সন্দৰ্ভত সিদ্ধান্ত লম ।’ এই মন্তব্য অল ইণ্ডিয়া আন্না দ্ৰাবিড় মুনাত্ৰ কাঝাগম চমুকৈ এ আই এ ডি এম কেৰ নেতা ডি জয়কুমাৰৰ ৷ তেওঁ লগতে এয়া দলৰ স্থিতিহে, তেওঁৰ ব্যক্তিগত মতামত নহয় বুলি স্পষ্ট কৰি দিয়ে ৷
এ আই এ ডি এম কেৰ নেতা ডি জয়কুমাৰৰ লগতে কয় যে, এ আই এ ডি এম কেৰ সৈতে বিজেপিয়ে মিত্ৰতা বিচাৰে যদিও তামিলনাডু বিজেপিৰ সভাপতি কে আন্নামলাইও এই মিত্ৰতা বিচৰা নাই ৷ তেওঁ আৰু কয় যে, আমি আমাৰ নেতাসকলক ধাৰাবাহিকভাৱে সমালোচনা কৰাটো আমি মানি ল’ব নোৱাৰো । অন্নমলাই ইতিমধ্যে আমাৰ নেত্ৰী জয়ললিতাক সমালোচনা কৰিছে । সেই সময়ত আমি অন্নমলাইৰ বিৰুদ্ধে এটা প্ৰস্তাৱ গৃহীত কৰিছিলো ৷ তেওঁৰ এই কাৰ্য বন্ধ কৰিব লাগিছিল ৷
এ আই এ ডি এম কেৰ নেতাগৰাকীয়ে লগতে কয় যে, কে আন্নামলাইয়ে আন্না, পেৰিয়াৰ আৰু সাধাৰণ সম্পাদকক সমালোচনা কৰিছে । কোনো সদস্যই এই কথা মানি ল’ব নোৱাৰে । কাইলৈ আমি তৃণমূল পৰ্যায়ত একেলগে কাম কৰিব লাগিব । গতিকে কোনো বিকল্প নোহোৱাকৈ আমি এই কথা ঘোষণা কৰিলোঁ ।