আগৰতলা,৮ ডিচেম্বৰ :ত্ৰিপুৰাৰ বিদ্ৰোহী সংগঠনসমূহক নিস্ক্ৰিয় কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে সীমান্ত সুৰক্ষা বাহিনীয়ে (BSF) । বিভিন্ন কেন্দ্ৰীয় সংস্থা আৰু ৰাজ্যিক নিৰাপত্তা বাহিনীৰ সহযোগত সীমান্ত সুৰক্ষা বাহিনীয়ে বহু স্থানত অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে বিদ্ৰোহী সংগঠনৰ সদস্যসকলক । যাৰ বাবে বিভ্ৰান্ত হৈ পৰিছে সংগঠনসমূহ । বহু বিদ্ৰোহী সংগঠনৰ নেতাই আত্মসমৰ্পণ কৰাৰ লগতে একাংশ সংগঠনে ইতিমধ্যে মূলসূঁতিলৈ আহিবলৈ আৰম্ভ কৰিছে ।
ইয়াৰ মাজতে বুধবাৰে সক্ৰিয় NLFT(BM) বিদ্ৰোহী সংগঠনৰ তিনিজনকৈ সদস্যই বিএছএফৰ সন্মুখত আত্মসমৰ্পণ কৰে (NLFT members surrendered in Tripura) । আত্মসমৰ্পণকাৰী কেইজন ক্ৰমে NLFT(BM)ৰ সদস্য চুকু চন্দ্ৰ দেৱবৰ্মা, NLFT(BM)ৰ কেডাৰ দেৱা মোহন ত্ৰিপুৰা আৰু পাংখিচান । ইয়াৰোপৰি মণিপুৰৰ বিদ্ৰোহী সংগঠন KYKLৰ বিদ্যানন্দা নামৰ এজন সক্ৰিয় সদস্যও আত্মসমৰ্পণ কৰে (One KYKL active member surrendered in Tripura)।