আগৰতলা,২ জানুৱাৰী :নৱবৰ্ষৰ প্ৰথমটো দিনত ত্ৰিপুৰাত নিষিদ্ধ সংগঠনৰ কেডাৰে আত্মসমৰ্পণ কৰে । নিষিদ্ধ সংগঠন নেশ্যনেল লিবাৰেচন ফ্ৰণ্ট অৱ ত্ৰিপুৰাৰ (NLFT) দুজনকৈ সদস্যৰ বিএছএফৰ সন্মুখত আত্মসমৰ্পণ (NLFT cadre surrenders before BSF in Tripura)। BSFৰ ত্ৰিপুৰাৰ মহাপৰিদৰ্শক সুশান্ত কুমাৰ নাথে সংবাদমেল সম্বোধন কৰি জনোৱা মতে, ইতিমধ্যে ৰাজ্যখনৰ বিদ্ৰোহী সংগঠনসমূহৰ বহু সদস্যই আত্মসমৰ্পণ কৰি বিএছএফৰ প্ৰচেষ্টাত সংগঠনসমূহ মূলসুঁতিলৈ আহিবলৈ আৰম্ভ কৰিছে । ফলস্বৰূপে, NLFT(BM)ৰ বহু বিদ্ৰোহী নেতাই ইতিমধ্যে বিএছএফ আৰু অন্যান্য নিৰাপত্তা বাহিনীৰ সন্মুখত আত্মসমৰ্পণ কৰিছে ।
বছৰৰ আৰম্ভণিতে আত্মসমৰ্পণ কৰা বিদ্ৰোহী সংগঠনৰ কেডাৰ কেইজনৰ ভিতৰত এজন হৈছে NLFT(BM)ৰ জ্যেষ্ঠ কেডাৰ ক্ষিতিশ দেৱবৰ্মা ওৰফে কখী আৰু আনজন স্বপন দেৱবৰ্মা ওৰফে বাথাৰ । দুয়োজন খোৱাই জিলাৰ চম্পাহুৰৰ বাসিন্দা । BSFৰ বিষয়াগৰাকীয়ে জনোৱা মতে ক্ষিতিশ দেৱবৰ্মাই ২০১৯ চনতে NLFT(BM)ত যোগদান কৰিছিল আৰু অস্ত্ৰ-শস্ত্ৰৰ কৌশলৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছিল ।