নেশ্যনেল ডেস্ক,১৬ আগষ্ট:মঙলবাৰে পুৱা ১১:৩০ বজাত সম্প্ৰসাৰিত হ'ব নীতিশ কুমাৰৰ কেবিনেটৰ(Nitish cabinet expansion) । আজি শপত গ্ৰহণ কৰিব মহাজোটৰ নতুন মন্ত্ৰীসকলে(Nitish New cabinet oath Ceremony) । ইতিমধ্যে বিহাৰত কেবিনেট সম্প্ৰসাৰণৰ বিষয়টোক লৈ উৎকণ্ঠা বৃদ্ধি পাবলৈ ধৰিছে । তেজস্বী যাদৱ দিল্লীৰ পৰা পাটনালৈ উভতি অহাৰ পিছতহে মন্ত্ৰীসভাত যোগদান কৰিব লগা মন্ত্ৰীসকলৰ তালিকা মনোনীত কৰা হৈছিল । ইতিমধ্যে মুখ্যমন্ত্ৰী নীতিশ কুমাৰেও ৰাজ্যপাল ফাগু চৌহানৰ ওচৰত এখন তালিকা দাখিল কৰিছিল বুলি জানিব পৰা গৈছে ।
ৰাজভৱনৰ সূত্ৰই জনোৱা তথ্য অনুসৰি, মন্ত্ৰীসকলৰ শপত গ্ৰহণৰ বাবে প্ৰস্তুতি চলি আছে । সোমবাৰে ১৫ আগষ্টৰ বন্ধৰ স্বত্বেও এই প্ৰস্তুতি অব্যাহত ৰাখিছিল বুলি জানিব পৰা যায় । অৱশ্যে, শপত গ্ৰহণ অনুষ্ঠানৰ বিষয়ে এতিয়াও কোনো তথ্য আনুষ্ঠানিকভাবে সদৰী কৰা হোৱা নাই ।