অসম

assam

ETV Bharat / bharat

সপ্তমবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব নিতিশ কুমাৰে - বিহাৰৰ সদ্যঘোষিত বিধানসভা নিৰ্বাচন

বিহাৰৰ সদ্যঘোষিত বিধানসভা নিৰ্বাচনত সংখ্যাগৰিষ্ঠতা লাভ কৰিলে নেশ্যনেল ডেম'ক্ৰেটিক এলায়েন্সে (NDA) ৷ বৰ্তমান নতুনকৈ গঠন হ'বলগা চৰকাৰৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ ৷ দিপাৱলীৰ পাচৰ সপ্তাহত নতুন চৰকাৰ গঠন হোৱাৰ সম্ভাৱনা আছে ৷ সূত্ৰ অনুসৰি, জনতা দল ইউনাইটেডৰ (JNU) সভাপতি নিতিশ কুমাৰেই পুনৰবাৰ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হ'ব ৷

বিহাৰৰ সদ্যঘোষিত বিধানসভা নিৰ্বাচন
বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব নিতিশ কুমাৰে

By

Published : Nov 12, 2020, 7:49 PM IST

Updated : Nov 12, 2020, 9:13 PM IST

নেশ্যনেল ডেস্ক, 12 নৱেম্বৰ : বিহাৰৰ সদ্যঘোষিত বিধানসভা নিৰ্বাচনত সংখ্যাগৰিষ্ঠতা লাভ কৰিলে নেশ্যনেল ডেম'ক্ৰেটিক এলায়েন্সে (NDA) ৷ বৰ্তমান নতুনকৈ গঠন হ'বলগা চৰকাৰৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ ৷ দিপাৱলীৰ পাচৰ সপ্তাহত নতুন চৰকাৰ গঠন হোৱাৰ সম্ভাৱনা আছে ৷ সূত্ৰ অনুসৰি, জনতা দল ইউনাইটেডৰ (JNU) সভাপতি নিতিশ কুমাৰেই পুনৰবাৰ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হ'ব ৷

বিহাৰৰ দীৰ্ঘ সময়ৰ মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হোৱাৰ দিশে আগবঢ়া নিতিশ কুমাৰে 16 নৱেম্বৰত শপত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে ৷ আনহাতে, বৰ্তমানৰ চৰকাৰৰ কাৰ্যকালৰ অন্ত হোৱাৰ লগে লগে নৱেম্বৰৰ অন্তত কুমাৰে ৰাজ্যপালৰ হাতত পদত্যাগ পত্ৰ দাখিল কৰাৰ সম্ভাৱনা আছে ৷

বৰ্তমানলৈকে সূদীৰ্ঘ সময়ৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব পালন কৰিছিল শ্ৰী কৃষ্ণ সিঙে ৷ তেওঁ 17 বছৰ 52 দিন বিহাৰৰ মুখ্যমন্ত্ৰী আছিল ৷ আনহাতে, বৰ্তমানলৈকে নিতিশ কুমাৰ 14 বছৰ আৰু 82 দিন মুখ্যমন্ত্ৰী হৈ আছে ৷

বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে কুমাৰে শপত গ্ৰহণ কৰা দিনসমূহ

*নিতিশ কুমাৰে (সমতা পাৰ্টিৰ সেইসময়ৰ নেতা) 2000 চনৰ 3 মাৰ্চত প্ৰথমবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল ৷ কিন্তু সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম নোহোৱা বাবে পৰৱৰ্তী পৰ্যায়ত পদত্যাগ কৰিবলগা হৈছিল ৷

*2005 চনৰ 24 নৱেম্বৰত দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল ৷

*2010 চনৰ 26 নৱেম্বৰত তৃতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল ৷

*2015 চনৰ 22 ফেব্ৰুৱাৰীত চতুৰ্থবাৰৰ বাবে শপত গ্ৰহণ কৰিছিল ৷

*2015 চনৰ 20 নৱেম্বৰত আৰজেডিৰ সৈতে মিত্ৰজোঁটত পঞ্চমবাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল ৷

*আৰজেডিৰ সৈতে মিত্ৰজোঁট ভংগ কৰি বিজেপিৰ সৈতে মিত্ৰজোঁট গঠন কৰি 2017 চনৰ 27 জুলাইত ষষ্ঠবাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল ৷

দুটা দশকত সপ্তমবাৰৰ বাবে মুখ্যমন্ত্ৰী হ'ব নিতিশ কুমাৰ

শপত গ্ৰহণৰ পাচত দুটা দশকত সপ্তমবাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা প্ৰথমগৰাকী বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে পৰিগণিত হ'ব নিতিশ কুমাৰ ৷

সপ্তমবাৰৰ বাবে মুখ্যমন্ত্ৰীত্ব লাভ কৰাৰ অভিলেখ

5 বাৰৰ বাবে উড়িশাৰ মুখ্যমন্ত্ৰী আছিল নবীন পাটনায়ক, চাৰিবাৰৰ বাবে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী আছিল শিৱৰাজ সিং চৌহান, ছিকিমৰ চামলিং, বেংগলৰ জ্যোতি বসু আৰু নিতিশ কুমাৰে শপত গ্ৰহণ কৰাৰ পাচত সপ্তমবাৰৰ বাবে মুখ্যমন্ত্ৰী হ'ব ৷

লগতে পঢ়ক :প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ জে এন ইউ ছাত্ৰ একতা সভাৰ মুকলি পত্ৰ

Last Updated : Nov 12, 2020, 9:13 PM IST

ABOUT THE AUTHOR

...view details