নিউজ ডেস্ক, 17 আগষ্ট: আজি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক সাক্ষাৎ কৰিব বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে ৷ এই সাক্ষাৎ কালতে নীতিশ কুমাৰে কেজৰিৱালৰ সৈতে আগন্তুক লোকসভা নিৰ্বাচনৰ সন্দৰ্ভত বিশেষ আলোচনাত কৰাৰ সম্বাৱনা আছে ৷ বিশেষকৈ দিল্লীৰ ক্ষমতা আইন সন্দৰ্ভত আৰু বিৰোধী শিবিৰ মজবুত কৰাৰ সন্দৰ্ভত দুই মুখ্যমন্ত্ৰীয়ে আলোচনাত মিলিত হ’ব বুলি চৰ্চা লাভ কৰিছে ৷
কিয়নো বিৰোধী ঐক্য I.N.D.I.A ৰ এখন বৈঠক হ’ব 31আগষ্টৰ পৰা 1 ছেপ্টেম্বৰলৈ ৷ মুম্বাইত অনুষ্ঠিত হ'ব লগা বিৰোধীৰ বৈঠকৰ পূৰ্বে বিহাৰৰ মুখ্যমন্ত্ৰীয় নীতিশ কুমাৰৰ দিল্লী ভ্ৰমণৰ বাবে বিশেষ তাৎপৰ্য বহন কৰিছে ৷ ইফালে বিৰোধী ঐক্য দলৰ নেতাসকলৰ মাজত এক আলোচনা আৰু বৈঠক আৰম্ভ হৈছে ৷ যাতে মুম্বাইত হ’ব লগা বৈঠকৰ পূৰ্বে বুজাবুজি চুক্তি আৰু সহমতত উপনীত হ'ব পাৰে তাৰ চেষ্টা অব্যাহত ৰাখিছে ৷
ইয়াৰ পূৰ্বে ৰাহুল গান্ধীয়ে 4 আগষ্টত লালু প্ৰসাদ যাদৱ আৰু যাদৱৰ কন্যাক সাক্ষাৎ কৰিছিল । এতিয়া নীতিশ কুমাৰৰ সেই বৈঠকৰ ওপৰত সকলোৰে দৃষ্টি নিৱদ্ধ হৈ আছে ৷ কাৰণ কংগ্ৰেছৰ ভূমিকাৰ বাবে কিছু অসন্তুষ্ট অৰবিন্দ কেজৰিৱাল ৷