অসম

assam

ETV Bharat / bharat

General Election 2024 : ২০২৪ চনৰ নিৰ্বাচনৰ বাবে বিৰোধী ঐক্যৰ কুচকাৱাজ - CM Nitish Kumar in mission Opposition unity

বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰত শাসকীয় বিজেপিৰ বিৰুদ্ধে দেশজুৰি ৰাজনৈতিক দলসমূহক একত্ৰিত কৰাৰ অভিযানত আছে (CM Nitish Kumar in mission Opposition unity) । ইয়াৰে অংশ হিচাপে তেওঁ বৃহস্পতিবাৰে মুম্বাইত এনচিপিৰ মুৰব্বী শৰদ পাৱাৰ আৰু শিৱসেনাৰ (উদ্ধৱ থাকৰে) নেতা উদ্ধৱ থাকৰেক সাক্ষাৎ কৰে ।

General Election 2024
General Election 2024

By

Published : May 11, 2023, 10:20 PM IST

নিউজ ডেস্ক, ১১ মে' :বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ (Bihar Chief Minister Nitish Kumar) আৰু এনচিপিৰ মুৰব্বী শৰদ পাৱাৰে বৃহস্পতিবাৰে অহা বছৰ অনুষ্ঠিত হ'বলগা লোকসভা নিৰ্বাচনৰ পূৰ্বে বিৰোধী ঐক্য শক্তিশালী কৰাৰ প্ৰচেষ্টাৰ বিষয়ে আলোচনা কৰে (Nitish Kumar met Sharad Pawar) ।

পিছত উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱৰ (Bihar deputy CM Tejashwi Yadav) সৈতে দক্ষিণ মুম্বাইৰ বাসগৃহত শৰদ পাৱাৰক সাক্ষাৎ কৰি উঠি নীতিশ কুমাৰে সাংবাদিকক কয় যে, শাসকীয় বিজেপিয়ে যি কৰি আছে সেয়া দেশৰ স্বাৰ্থত নহয় । উল্লেখ্য, দিনটোৰ আৰম্ভণিতে নীতিশ কুমাৰে তেওঁৰ বাসগৃহত উদ্ধৱ থাকৰেকো সাক্ষাৎ কৰে (Nitish Kumar met Uddhav Thackeray) ।

আনহাতে, শৰদ পাৱাৰ বিৰোধী মিত্ৰজোঁটৰ মুখ্য চৰিত্ৰ হ'ব নেকি বুলি সোধাত নীতিশ কুমাৰে কয়, "ইয়াতকৈ অধিক আনন্দদায়ক একো নাথাকিব । মই তেওঁক কৈছোঁ যে তেওঁ কেৱল তেওঁৰ দলৰ বাবেই নহয়, সমগ্ৰ দেশৰ বাবে অধিক শক্তিৰে কাম কৰিব লাগিব ।" যিমানে বিৰোধী দলসমূহ একত্ৰিত হ'ব, দেশৰ স্বাৰ্থত সিমানেই ভাল হ'ব বুলিও নীতিশ কুমাৰে কয় (CM Nitish Kumar in mission Opposition unity) ।

ইফালে শৰদ পাৱাৰে কয়, "গণতন্ত্ৰ ৰক্ষা কৰিবলৈ একেলগে কাম কৰাটো গুৰুত্বপূৰ্ণ । দেশৰ অৱস্থা লক্ষ্য কৰাৰ পিছত এনে লাগে যে যদি আমি একেলগে কাম কৰোঁ, তেন্তে বিকল্পটোৰ বাবে সমৰ্থন থাকিব ।" এনচিপিৰ মুৰব্বীগৰাকীয়ে লগতে কয় যে বিজেপি কৰ্ণাটক বিধানসভা নিৰ্বাচনত পৰাজিত হ'ব । তেওঁ কয়, "মোৰ তথ্য অনুসৰি, ৰাজ্যখনত বাস কৰা লোকসকলে বিজেপিক উৎখাত কৰিব আৰু ধৰ্মনিৰপেক্ষ চৰকাৰ নিৰ্বাচন কৰিব (Lok Sabha Election 2024) ।"

"বিহাৰৰ মুখ্যমন্ত্ৰী শ্ৰী নীতিশ কুমাৰজী আৰু উপ-মুখ্যমন্ত্ৰী শ্ৰী তেজস্বী যাদৱজীক আজি মোৰ মুম্বাইৰ বাসগৃহত আদৰণি জনাইছোঁ । লোকসভা নিৰ্বাচনৰ পূৰ্বে বিৰোধী ঐক্য শক্তিশালী কৰাৰ বাবে আমি এক চমু আলোচনাত মিলিত হওঁ ।" নীতিশ কুমাৰক সাক্ষাৎ কৰাৰ পিচত শৰদ পাৱাৰে এনেদৰে এক টুইট কৰে ।

উল্লেখ্য, নীতিশ কুমাৰে মুম্বাইৰ বাসগৃহত শিৱসেনাৰ (উদ্ধৱ থাকৰে) নেতা উদ্ধৱ থাকৰেকো সাক্ষাৎ কৰে । "যেতিয়া সকলোৱে একেলগে যুঁজ দিয়ে, তেতিয়া (বিজেপিৰ সৈতে) প্ৰতিযোগিতা হ'ব । ভাল সফলতা (বিৰোধী দলসমূহৰ বাবে) হ'ব আৰু দেশখন সঠিক দিশত আগবাঢ়িব ।" নীতিশ কুমাৰে কয় ।

ইয়াৰ পূৰ্বে নীতিশ কুমাৰে মঙলবাৰে ভুৱনেশ্বৰত ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কক সাক্ষাৎ কৰে । অৱশ্যে বৈঠকৰ পিছত দুয়োগৰাকী মুখ্যমন্ত্ৰীয়ে কয় যে কোনো ৰাজনৈতিক আলোচনা হোৱা নাই । বৈঠকৰ পিছত সংবাদমেলত পাটনায়কে কয় যে তেওঁলোক মাত্ৰ দুজন পুৰণি বন্ধু আৰু সহকৰ্মী । "আমি কোনো ৰাজনীতিৰ বিষয়ে আলোচনা কৰা নাছিলোঁ ।" পাটনায়কে কয় ।

প্ৰণিধানযোগ্য যে পূৰ্বতে নীতিশ কুমাৰে লক্ষ্ণৌত সমাজবাদী পাৰ্টীৰ নেতা অখিলেশ যাদৱ আৰু কলকাতাত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ দৰে কেইবাগৰাকীও বিৰোধী নেতাৰ সৈতে আলোচনা কৰিছিল । তেওঁ দিল্লীত কংগ্ৰেছ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গে, ৰাহুল গান্ধী, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, চিপিএম নেতা সীতাৰাম য়েচুৰী আৰু চিপিআই নেতা ডি ৰাজাকো সাক্ষাৎ কৰিছিল ।

লগতে পঢ়ক :Supreme Court on Shinde Govt : শিন্দে চৰকাৰৰ প্ৰতি কোনো ভাবুকি নাই; উচ্চতম ন্যায়ালয়

ABOUT THE AUTHOR

...view details