নিউজ ডেস্ক, 14 মাৰ্চ :বিহাৰ বিধানসভাৰ মজিয়াত সোমবাৰে অধ্যক্ষ বিজয় কুমাৰ সিন্হাৰ ওপৰত খঙত অগ্নিশৰ্মা হৈ পৰিল মুখ্যমন্ত্ৰী নীতিশ কুমাৰ (Nitish Kumar loses cool in Bihar Assembly)৷ অধ্যক্ষগৰাকীক নীতিশ কুমাৰে সংবিধান অনুসৰি সদন পৰিচালনা কৰিবলৈও আহ্বান জনায় ৷ এটা বিষয় সন্দৰ্ভত নিজৰ মতামত ব্যাখ্যা কৰিছিল অধ্যক্ষগৰাকীয়ে ৷ কিন্তু বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে নিজৰ চকীখন লাথ মাৰি কৈ উঠে, ‘‘আপুনি এনেদৰে সদন চলাব নেকি ? আমি এনে হ’বলৈ অনুমতি নিদিওঁ ৷ সদনত এইদৰে আলোচনা হ’ব প্ৰক্ৰিয়া নচলে’’ ৷
ইয়াৰ পাচতে নিজৰ মত স্পষ্ট কৰাৰ বাবে চিঞৰি উঠে অধ্যক্ষ সিন্হাই ৷ তেওঁ কয় যে, বিধানসভাক অপমান কৰিবলৈ তেওঁ নিদিয়ে ৷ বিজয় কুমাৰ সিনহাই কয় যে, ‘‘ আপোনালোকে মোক সংবিধানৰ নিয়ম অনুসৰি বিধানসভাৰ অধ্যক্ষ পাতিছে ৷ কিন্তু এই আসনখনত বহি থকাৰ বাহিৰে মই মোৰ অঞ্চলৰ বিষয় এটাতো প্ৰশ্ন উত্থাপন কৰিব নোৱাৰো ৷ মই আনকি এজন পৰিদৰ্শক, ভাৰপ্ৰাপ্ত বিষয়া বা এজন উপ আৰক্ষী অধীক্ষকৰ কথাও উপস্থাপন কৰিব নোৱাৰোঁ’’ ৷