অসম

assam

ETV Bharat / bharat

Nitin Gadkari's taunt to officials: চৰকাৰী বিষয়াসকলে পত্নীতকৈ ফাইল বেছি ভাল পায়: গাডকাৰী - মহাৰাষ্ট্ৰৰ নাগপুৰ

"চৰকাৰী বিষয়াসকলে পত্নীতকৈ ফাইল বেছি ভাল পায় ৷ সেইবাবেই তেওঁলোকে বছৰ বছৰ ধৰি বিভিন্ন উন্নয়নমূলক কামৰ ফাইলবোৰ আৱদ্ধ কৰি ৰাখে "(Nitin Gadkari Said Officers Love Files More Than Wife) । মহাৰাষ্ট্ৰৰ নাগপুৰত শনিবাৰে খনন সম্পৰ্কীয় এক সন্মিলনত এইদৰে মন্তব্য কৰে পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়ে ৷

Nitin Gadkari Said Officers Love Files More Than Wife
চৰকাৰী বিষয়াসকলে পত্নীতকৈ বেছি ফাইল ভাল পায়:নীতিন গাডকাৰীয়

By

Published : Oct 15, 2022, 9:43 PM IST

নেশ্যনেল ডেস্ক, 15 অক্টোবৰ:মহাৰাষ্ট্ৰৰ নাগপুৰত শনিবাৰে খনন সম্পৰ্কীয় এক সন্মিলন আয়োজন কৰা হয় (Three day MINCON 2022 between October 14 and 16) ৷ এই সন্মিলনত অংশগ্ৰহণ কৰে পথ পৰিবহন আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰী আৰু ক্ষুদ্ৰ, লঘু আৰু মধ্যমীয়া উদ্যোগ মন্ত্ৰী নীতিন গাডকাৰী ৷ সন্মিলনত উপস্থিত থাকি ভাষণ প্ৰসংগত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে চৰকাৰী বিষয়াসকলক তীব্ৰ সমালোচনা কৰে (Union Minister Nitin Gadkari slammed officials at Mincon conference)।

চৰকাৰী বিষয়াসকলে পত্নীতকৈ ফাইল বেছি ভাল পায়: গাডকাৰী

চৰকাৰৰ সময় সাপেক্ষ কামৰ উদাহৰণ দি মন্ত্ৰীগৰাকীয়ে (Union Minister Nitin Gadkari slammed officials) কয় যে সমগ্ৰ দেশতে পথৰ নেটৱৰ্ক গঢ়ি তোলাৰ সময়ত নিজৰ ঘৰৰ সন্মুখত থকা দুই কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ নিৰ্মাণৰ বাবে ৩০খন সভা অনুষ্ঠিত কৰা হৈছিল । ১১ বছৰ হ’ল সেই কথাৰ ৷ কিন্তু আজি পৰ্যন্ত ঘৰৰ সন্মুখৰ পথচোৱা সম্পূৰ্ণ হৈ নুঠিল ।

মন্ত্ৰীগৰাকীয়ে লগতে কয় যে সেইসকল দুৰ্নীতিগ্ৰস্ত বিষয়া মোৰ সন্মুখলৈ আহিলে সেই বিষয়াসকলৰ মুখ দেখি লাজ লাগে (Nitin Gadkari ashamed to see faces of Corrupt officials) ৷ কাৰণ দুইকিলোমিটাৰ দৈৰ্ঘ্যৰ পথচোৱা নিৰ্মাণ কৰিবলৈ ৩০ খন সভা অনুষ্ঠিত কৰিও নিৰ্মাণ কৰিব নোৱাৰিলে পথচোৱা ।

তেওঁ লগতে কয় "অতি স্পষ্টকৈ কথা ক’বলৈ মোৰ কোনো সমস্যা নাই, কিন্তু এনেকৈ হ’লে দেশৰ বিকাশ কেনেকৈ হ’ব ৷ সচিব পদবীৰ বিষয়াসকলে বিৰোধী দল হিচাপে কাম কৰে । জনস্বাৰ্থৰ প্ৰতিটো কামতে কেনেদৰে সমস্যাৰ সৃষ্টি হ’ব সেই কথা জানিবলৈ চেষ্টা কৰে ।"

তেওঁ লগতে কয় যে, চৰকাৰী বিষয়াসকলে পত্নীতকৈ ফাইল বেছি ভাল পায় । সেইবাবেই তেওঁলোকে বছৰ বছৰ ধৰি বিভিন্ন উন্নয়নমূলক কামৰ ফাইলবোৰ আৱদ্ধ কৰি ৰাখে (Nitin Gadkari Said Officers Love Files More Than Wife) । এনেদৰেই মিনকন সন্মিলনত চৰকাৰী বিষয়াসকলক তীব্ৰ সমালোচনা কৰে মন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক:No employees in govt office at Boko: চৰকাৰী কৰ্মচাৰী অবিহনেই চলি আছে চৰকাৰী কাৰ্যালয

ABOUT THE AUTHOR

...view details