নেশ্যনেল ডেস্ক, ১০ জুলাই: ভাৰতৰ পথ পৰিবহণৰ ক্ষেত্ৰত আমূল পৰিৱৰ্তন অনাৰ পৰিকল্পনা কৰিছে পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰী(Nitin Gadkari)য়ে । শুকুৰবাৰে নিজৰ লক্ষ্যৰ বিষয়ে প্ৰকাশ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে । গাডকাৰীৰ লক্ষ্য হৈছে ২০২৪ চনৰ ভিতৰত ৬০,০০০ কিল’মিটাৰ বিশ্বমানৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰা । এই লক্ষ্যত উপনীত হোৱাৰ বাবে প্ৰতিদিনে ৪০ কিল’মিটাৰ পথ নিৰ্মাণ কৰিব লাগিব বুলিও তেওঁ মন্তব্য কৰে ।
ভাৰতত পথ উন্নয়ন বিষয়ক ১৬ সংখ্যক বাৰ্ষিক সন্মিলনত বক্তব্য আগবঢ়াই গাডকাৰীয়ে এই মন্তব্য কৰে । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে, ভাৰতক বিভিন্ন দিশৰ পৰা প্ৰায় ৬৩ লাখ কিল’মিটাৰযোৰা পথে সংযোগ কৰি ৰাখিছে আৰু এয়া হৈছে বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ পথ সংযোগ ব্যৱস্থা । ভাৰতীয় অৰ্থনীতিৰ বিকাশত পথৰ আন্তঃগাঁথনিয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বুলিও গাডকাৰীয়ে মন্তব্য কৰে । তেওঁ লগতে জানিবলৈ দিয়ে যে, চৰকাৰে ৰাষ্ট্ৰীয় আন্তঃগাঁথনি পাইপলাইনৰ(National Infrastructure Pipeline) জৰিয়তে আন্তঃগাঁথনি উন্নয়নৰ বাবে ১১১ লাখ কোটি টকা বিনিয়োগ কৰিছে ।