অসম

assam

By

Published : Jan 14, 2023, 6:14 PM IST

ETV Bharat / bharat

Nitin Gadkari receives death threat calls : নীতিন গাডকাৰীৰ কাৰ্যালয়লৈ তিনিটাকৈ ভাবুকিভৰা ফোনকল

শনিবাৰে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ কাৰ্যালয়লৈ আহিল তিনিটাকৈ ভাবুকিভৰা ফোনকল (Nitin Gadkari receives death threat calls)৷ ফোনকল তিনিটা লাভ কৰাৰ পিচতে কাৰ্যালয়টোত অধিক কটকটীয়া কৰা হৈছে নিৰাপত্তা ব্যৱস্থা ৷

Nitin Gadkari receives death threat calls
নীতিন গাডকাৰীৰ কাৰ্যালয়লৈ তিনিটাকৈ ভাবুকিভৰা ফোনকল

নিউজ ডেস্ক, 14 জানুৱাৰী : কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ নাগপুৰস্থিত কাৰ্যালয়লৈ শনিবাৰে আহিল তিনিটাকৈ ভাবুকিভৰা ফোনকল ৷ নাগপুৰ আৰক্ষীৰ তথ্য অনুসৰি, শনিবাৰে পুৱা 11.30 বজাত আৰু পুৱা 11.40 বজাত দুটা ফোনকল ৰিচিভ কৰে কাৰ্যালয়টোৱে ৷

নাগপুৰ আৰক্ষীৰ উপ-আৰক্ষী আয়ুক্ত ৰাহুল মদনে কয় যে কাৰ্যালয়টোলৈ(Gadkari office in Nagpur) তিনিটা ফোন কল আহিছিল শনিবাৰে ৷ এই সন্দৰ্ভত আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই ফোনকল তিনিটাৰ সবিশেষ তথ্য উলিয়াবলৈ চেষ্টা চলাই আছে ৷ কাৰ্যালয়টোত ইতিমধ্যে সুৰক্ষা ব্যৱস্থা অধিক কটকটীয়া কৰা হৈছে ৷

ইয়াৰোপৰি নীতিন গাডকাৰীৰ কাৰ্যসূচীৰ স্থানতো নিৰাপত্তা বৃদ্ধি কৰা হৈছে বুলি জানিবলৈ দিয়ে উপ-আৰক্ষী আয়ুক্ত ৰাহুল মদনে ৷ আৰক্ষী বিষয়াগৰাকীয়ে লগতে জানিবলৈ দিয়ে যে গাডকাৰীৰ কাৰ্যালয়ৰ লেণ্ডলাইনলৈ পুৱা ১১.২৫ বজাত, ১১.৩২ বজাত আৰু ১২.৩২ বজাত বিএছএনএল নম্বৰৰ পৰা তিনিটা ফোনকল আহিছিল (Nitin Gadkari receives death threat calls)৷

খবৰ অনুসৰি, ফোনকল কৰি ধন দাবী কৰাৰ লগতে মৃত্যুৰ ভাবুকিও প্ৰদান কৰা হৈছিল ৷ নাগপুৰ আৰক্ষীয়ে কাৰ্যালয়টোৰ লগতে গাডকাৰীৰ বাসগৃহৰ নিৰাপত্তাও বৃদ্ধি কৰিছে ৷ ফোনকল তিনিটা অহাৰ লগে লগে নীতিন গাডকাৰীৰ কাৰ্যালয়ৰ ফালৰ পৰা আৰক্ষীক অৱগত কৰোৱা হয় আৰু ইয়াৰ পিচতে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰে আৰক্ষীয়ে ৷

উল্লেখ্য যে পথ, পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী গাডকাৰী বৰ্তমান মকৰ সংক্ৰান্তি উৎসৱ উদযাপনৰ বাবে নাগপুৰত আছে (Nitin Gadkari in Nagpur)৷ এদিন পূৰ্বে তেওঁ গ্ৰেটাৰ নয়ডাত অটো এক্সপো-২০২৩ৰ উদ্বোধন কৰিছিল (Auto Expo 2023 in Greater Noida)৷ অনুষ্ঠানটোত গাডকাৰীয়ে কৈছিল যে ভাৰত শীঘ্ৰেই তৃতীয় সৰ্ববৃহৎ অটোমোবাইল নিৰ্মাতা হ'বলৈ সাজু হৈছে আৰু ৭.৫ লাখ কোটি টকাৰ অটোমোবাইল উদ্যোগটো ৫০ লাখ কোটি টকাৰ বজাৰলৈ সম্প্ৰসাৰিত হোৱাৰ সম্ভাৱনা আছে ৷

আনহাতে বিগত বৰ্ষৰ ৩১ ডিচেম্বৰত নাগপুৰস্থিত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ (আৰএছএছ) মুখ্য কাৰ্যালয়লৈও একেধৰণৰ ভাবুকিভৰা ফোনকল আহিছিল (Threat call to RSS office) ৷ সেইদিনা দুপৰীয়া ১ বজাত আৰক্ষী নিয়ন্ত্ৰণ কক্ষত এটা ফোনকল পোৱা গৈছিল য'ত এজন ব্যক্তিয়ে মহল অঞ্চলৰ আৰ এছ এছৰ মুখ্য কাৰ্যালয় বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি দিছিল ।

ইয়াৰ পিচতে এটা বোমা চিনাক্তকৰণ আৰু নিষ্কাশন দলে স্নিফাৰ ডগ লৈ সমগ্ৰ অঞ্চলটো পৰীক্ষা কৰিছিল যদিও তেওঁলোকে সন্দেহজনক একো লাভ নকৰিলে ৷

লগতে পঢ়ক:Shootout For 10 Rupees : সুৰাৰ বটলৰ দাম 10 টকা বেছিকৈ লোৱাৰ বাবেই গুলীচালনা

ABOUT THE AUTHOR

...view details