অসম

assam

ETV Bharat / bharat

Suicide attempt inside jail: কাৰাগাৰত লোহাৰ তাঁৰ গিলি আত্মহত্যাৰ চেষ্টা কেন্দ্ৰীয় মন্ত্ৰীক ধন দাবী কৰা অভিযুক্তৰ - Extortion of money cases

জেলৰ ভিতৰতে লোহা গিলি আত্মহত্যাৰ চেষ্টা কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীক ধন দাবীৰ গোচৰৰ অভিযুক্ত জয়েশ পূজাৰীৰ ৷ নাগপুৰ কাৰাগাৰত লোহাৰ তাঁৰ গিলিলে অভিযুক্ত জয়েশে ৷ চিকিৎসালয় কৰ্তৃপক্ষই জয়েশক বৰ্তমানৰ শাৰিৰীক অৱস্থা বিপদসীমাৰ বাহিৰত বুলি জনায় ।

Nitin Gadkari Extortion Case Accused Jayesh Pujari Swallowed Iron Wire In Nagpur Jail
কাৰাগাৰত লোহাৰ তাঁৰ গিলি আত্মহত্যাৰ চেষ্টা

By ETV Bharat Assamese Team

Published : Oct 7, 2023, 11:06 AM IST

নেশ্যনেল ডেস্ক, 7 অক্টোবৰ:কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰীনীতিন গাডকাৰীক ধন দাবী কৰাৰ অভিযোগত অভিযুক্ত জয়েশ পূজাৰীয়ে শেহতীয়াকৈ জেলৰ ভিতৰতে আত্মহত্যাৰ চেষ্টা কৰিছে বুলি অভিযোগ উত্থাপিত হৈছে ৷ উল্লেখ্য যে, যোৱা বছৰ বেংগালুৰু জেলৰ পৰা ধন দাবীৰ ভাবুকি লাভ কৰিছিল কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে । এই গোচৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে জয়েশ পূজাৰীক । নাগপুৰ কাৰাগাৰত আছে অভিযুক্তগৰাকী ।

কাৰাগাৰত লোহাৰ তাঁৰ গিলি আত্মহত্যাৰ চেষ্টা

কিন্তু শুকুৰবাৰে নাগপুৰ জেলত জয়েশ পূজাৰীয়ে লোহাৰ তাঁৰ ভক্ষণ কৰা বুলি জানিবলৈ দিয়ে কাৰাগাৰ কৰ্তৃপক্ষই । ইতিমধ্যে চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে জয়েশক । চিকিৎসালয় কৰ্তৃপক্ষই জয়েশক বৰ্তমান অৱস্থা বিপদসীমাৰ বাহিৰত বুলি জনায় । জয়েশ পূজাৰীয়ে সঁচাকৈয়ে আত্মহত্যাৰ চেষ্টা কৰিছিল নে আন কোনো কাৰাগাৰলৈ যাবলৈ নাটক কৰি আছিল সেই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

কাৰাগাৰত লোহাৰ তাঁৰ গিলি আত্মহত্যাৰ চেষ্টা

কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ বিৰুদ্ধে ভাবুকি আৰু ধন দাবীৰ গোচৰৰ মাষ্টাৰমাইণ্ড হিচাপে অভিযুক্ত জয়েশ পূজাৰী । নাগপুৰ নগৰ আৰক্ষীয়ে কৰ্ণাটকৰ বেংগালুৰু জেলৰ পৰা গ্ৰেপ্তাৰ কৰে জয়েশ পূজাৰীক । জয়েশ কান্থ ওৰফে পূজাৰীক বৰ্তমান নাগপুৰ কেন্দ্ৰীয় কাৰাগাৰত ৰখা হৈছে । কৰ্ণাটকত তেওঁৰ বিৰুদ্ধে দুটা অপৰাধমূলক গোচৰ চলি আছে । জানিব পৰা মতে, অভিযুক্ত পূজাৰীয়ে নাগপুৰ জেলত থাকিব নিবিচাৰে । তেওঁ বেংগালুৰু জেললৈ বদলি হ’ব বিচাৰে । সেয়ে অভিযুক্তই লোহাৰ তাঁৰ গিলি পেলাবৰ বাবে যত্ন কৰে বুলি প্ৰাথমিক সন্দেহ প্ৰকাশ কৰা হৈছে । অৱশ্যে চিকিৎসকে লোহাৰ তাঁৰ ডাল সৰু হোৱাৰ বাবে ই কোনো ক্ষতিকাৰক নহয় বুলি জনায় ।

ধন দাবীৰ গোচৰটো কি :

কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ নাগপুৰৰ খামলাত থকা জনসংযোগ কাৰ্যালয়লৈ আহিছিল ভাবুকিমূলক ফোন । জানিব পৰা মতে, জয়েশ কান্থ ওৰফে পূজাৰীয়ে ভাবুকিমূলক ফোন কলটো কৰা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে । অভিযুক্তই 10 কোটি টকা দাবী কৰা বুলি জানিব পৰা গৈছে । এগৰাকী ছোৱালীয়ে কৰিছিল এই ভাবুকিপূৰ্ণ ফোনটো ৷ পৰৱৰ্তী সময়ত জয়শ কান্থ ওৰফে পূজাৰী এই সমগ্ৰ ঘটনাৰ সৈতে জড়িত আৰু ছোৱালীগৰাকী তেওঁৰ বন্ধু বুলি পোহৰলৈ আহে । ইয়াৰ পিচতেই গোচৰটো আৰক্ষীয়ে অতি গুৰুত্বসহকাৰে লৈ সেই অনুসৰি তদন্ত অব্যাহত ৰাখিছে ।

সন্ত্ৰাসবাদী সংগঠনৰ সৈতে সম্পৰ্ক থকাৰ বাবে জয়েশ পূজাৰী ওৰফে ছাকিৰৰ বিৰুদ্ধে নাগপুৰ আৰক্ষীয়ে UAPA ৰ অধীনত গোচৰ ৰুজু কৰিছিল ৷ অভিযুক্ত জয়েশ PFIৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক পৰিষদৰ সম্পাদক মহম্মদ আফছাৰ পাছাৰ সংস্পৰ্শলৈ আহে । ইয়াৰ পিছত তেওঁ আন এজন সন্ত্ৰাসবাদীৰ সৈতে যোগাযোগ কৰিছিল বুলি তদন্তত পোহৰলৈ আহিছে ।

লগতে পঢ়ক:Nobel Peace Prize 2023 :কাৰাগাৰৰ বন্ধ কুঠৰীত আৱদ্ধ শান্তিৰ নোবেল বঁটা প্ৰাপক নাৰ্গিছ মহম্মদী

For All Latest Updates

ABOUT THE AUTHOR

...view details