অসম

assam

ETV Bharat / bharat

Niti Aayog Meeting: আজি প্ৰধানমন্ত্ৰী মোদীৰ অধ্যক্ষতাত নিটি আয়োগৰ বৈঠক - প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত নিটি আয়োগৰ পৰিচালনা পৰিষদৰ বৈঠক অনুষ্ঠিত

সুদীৰ্ঘ 7 বছৰৰ পিছত দেওবাৰে দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত 17 তম নিটি আয়োগ পৰিচালনা পৰিষদৰ মুখামুখি বৈঠক অনুষ্ঠিত হয় ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ (Prime Minister Narendra Modi) অধক্ষ্যতাত হ’বলগীয়া এই বৈঠকখনত দেশৰ সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীকে ধৰি কেন্দ্ৰীয় শাসিত ৰাজ্যসমূহৰ উপ-ৰাজ্যপাল আৰু কেন্দ্ৰীয় মন্ত্ৰীসকল উপস্থিত থাকিব (NITI Ayog meeting today) ৷

Etv Bharatniti-ayog-meeting-today
Etv Bharatniti-ayog-meeting-today

By

Published : Aug 7, 2022, 11:18 AM IST

নেশ্যনেল ডেস্ক, 7 আগষ্ট:সুদীৰ্ঘ 7 বছৰৰ পিছত দেওবাৰে দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত 17 তম 17 তম নিটি আয়োগ পৰিচালনা পৰিষদৰ মুখামুখি বৈঠক অনুষ্ঠিত হৈছে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ (Prime Minister Narendra Modi) অধক্ষ্যতাত হ’বলগীয়া এই বৈঠকখনত দেশৰ সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীকে ধৰি কেন্দ্ৰীয় শাসিত ৰাজ্যসমূহৰ উপ-ৰাজ্যপাল আৰু কেন্দ্ৰীয় মন্ত্ৰীসকল উপস্থিত থাকিব (NITI Ayog meeting today) ৷ বিগত কেবাবছৰ ধৰি এই বৈঠকখন অনলাইন মাধ্যমৰে আয়োজন কৰা হৈছিল ৷

2015 চনৰ ফেব্ৰুৱাৰী মাহত শেষবাৰৰ বাবে এই মুখামুখি বৈঠক হৈছিল ৷ 2020 চনতো কৰ’না মহামাৰীৰ বাবে এই বৈঠকখন অনলাইন মাধ্যমেৰে আয়োজন কৰা হৈছিল ৷ এই বৈঠকৰ উদ্বোধনী ভাষণ প্ৰদান কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ এই বৈঠকত ৰাজ্যসমূহৰ কৃষি, শস্য উৎপাদন, কৃষিৰ ক্ষেত্ৰত স্ব-নিৰ্ভৰতা, কৃষি অৰ্থনীতি, ৰাষ্ট্ৰীয় শিক্ষা নীতি-বিদ্যালয় শিক্ষাৰ ৰূপায়ণ, ৰাষ্ট্ৰীয় শিক্ষা নীতি-উচ্চ শিক্ষাৰ ৰূপায়ণকে ধৰি ভিন্ন বিষয়ৰৰ ওপৰত আলোকপাত কৰা হ’ব ৷

এই বৈঠকে এক স্থিৰ, বহনক্ষম আৰু সামগ্ৰিক ভাৰত গঢ়ি তোলাৰ অভিযানত কেন্দ্ৰ আৰু ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ মাজত সহায় সহযোগিতাৰ এক নতুন যুগৰ দিশত সমন্বয়ৰ পথ প্ৰশস্ত কৰিব বুলি আশা কৰিছে ৷

লগতে এই বৈঠকত ২০২২ চনৰ ১ ডিচেম্বৰৰ পৰা ২০২৩ চনৰ ৩০ নৱেম্বৰলৈকে অনুষ্ঠিত হ’বলগীয়া জি-২০ শীৰ্ষ সন্মিলন সন্দৰ্ভতো আলোচনা কৰা হ’ব ৷ কিয়নো ২০২২ চনৰ ১ ডিচেম্বৰৰ পৰা ২০২৩ চনৰ ৩০ নৱেম্বৰলৈকে অনুষ্ঠিত হ’বলগীয়া জি-২০ শীৰ্ষ সন্মিলনৰ আহ্বায়ক হৈছে ভাৰত ।

মূলতঃ নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া এই সন্মিলনখন দেশৰ প্ৰায় ৪৫ খন নগৰ মহানগৰতো সমান্তৰালকৈ অনুষ্ঠিত হ’ব ৷ গুৱাহাটীও যাতে এই সন্মিলনৰএক অন্যতম স্থান হ’ব পাৰে, তাৰ বাবে দিল্লী ভ্ৰমণৰ সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় বিদেশ মন্ত্ৰী এছ জয়শংকৰক অনুৰোধ জনাইছিল । মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি কেন্দ্ৰীয় মন্ত্ৰী জয়শংকৰে সঁহাৰি জনালে হয়তো গুৱাহাটীও সন্মিলনৰ এটা স্থান হ’ব পাৰে ৷

লগতে পঢ়ক:G20 summit 2022 : গুৱাহাটী মহানগৰী হ'ব পাৰে জি-২০ সন্মিলনৰ এটা স্থান

ABOUT THE AUTHOR

...view details